ETV Bharat / state

স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজ্যজুৰি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - AJYCP Protest

author img

By ETV Bharat Assamese Team

Published : 7 hours ago

AJYCP Protest: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে জিলাই জিলাই সংগঠনটোৱে জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে । মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

AJYCP Protest
স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজ্যজুৰি AJYCPৰ প্ৰতিবাদ (ETV Bharat)

নিউজ ডেস্ক,২৬ ছেপ্টেম্বৰ : স্মাৰ্ট মিটাৰ সংযোগৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে । স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ ৰাইজক লুণ্ঠন চলোৱাৰ অভিযোগত বৃহস্পতিবাৰৰ দিনটোত চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

লখিমপুৰ : লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । স্মার্ট মিটাৰৰ পৰিৱৰ্তে পুৰণি মিটাৰ সংযোগৰ দাবীত জিলা কাৰ্যালয়ৰ পৰা সংগঠনটোৱে এক প্ৰতিবাদী সমদলৰ আয়োজন কৰে । প্ৰতিবাদী সমদলৰ অন্তত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । প্ৰতিবাদত অংশ লৈ সংগঠনটোৰ এগৰাকী নেতাই কয়,"অসম চৰকাৰৰ বিদ্যুৎ বিভাগে ঘৰে ঘৰে সংস্থাপন কৰা স্মার্ট মিটাৰত অহা বিদ্যুৎ মাচুলে অসমৰ ৰাইজক আর্থিকভাৱে জুৰুলা কৰাৰ উপক্ৰম কৰিছে । বিদ্যুৎ বিভাগে সংস্থাপন কৰা স্মার্ট মিটাৰত অসমৰ উপভোক্তাই ব্যয় কৰা বিদ্যুতৰ বিপৰীতে বহুগুণ অধিক মাচুল ভৰিব লগা হৈছে । তদুপৰি বিদ্যুৎ বিভাগে বহিৰাগত কোম্পানীৰ পৰা ক্ৰয় কৰা স্মার্ট মিটাৰসমূহত নানা বিসংগতিও ধৰা পৰিছে ।"

এয়া জনগণৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰে জনমতক উপেক্ষা কৰাৰ এক অন্যতম উদাহৰণ বুলিও প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে । সেয়েহে শীঘ্ৰে চৰকাৰক স্মাৰ্ট মিটাৰ সংযোগৰ সিদ্ধান্ত বাতিল কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰে ।

ডিব্ৰুগড় : সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়েও স্মাৰ্ট মিটাৰ আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলত সাধাৰণ শ্ৰেণীৰ পৰিয়ালে অত্যধিক মাচুল পৰিশোধ কৰিবলগীয়া হোৱাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বুলি সংগঠনটোৱে অভিযোগ কৰে । অতি শীঘ্ৰে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা বাতিল নকৰিলে ঘৰে ঘৰে সংস্থাপন কৰা স্মাৰ্ট মিটাৰ আঁতৰাই পুনৰ বিদ্যুৎ বিভাগক চমজাই দিয়া হ'ব বুলিও স্পষ্ট কৰি দিছে প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ডিব্ৰুগড় জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে ।

চৰাইদেউ : চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো স্মাৰ্ট মিটাৰ সংযোগৰ সিদ্ধান্ত বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৱে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত বৃহৎ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

গোলাঘাট : সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জিলা আয়ুক্তৰ কাৰ্যালয় সন্মুখত শ শ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জিতুল ৰাজখোৱাই প্ৰতিবাদত অংশ লৈ কয়,"স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শদিয়াৰ পৰা ধুবুৰীলৈকে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ । ইয়াৰ উদ্দেশ্য এটাই যে জনসাৰণৰ ক্ষতিসাধন কৰা স্মাৰ্ট মিটাৰ সংস্থাপন কৰিব নোৱাৰিব । লগতে স্মাৰ্ট মিটাৰৰ নামত অধিক স্মাৰ্ট হৈ চৰকাৰে জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰিছে । যদি স্মাৰ্ট মিটাৰ সংস্থাপন কৰিব আছে তেনেহ'লে ডাঙৰ ডাঙৰ উদ্যোগসমূহত লগালে আমাৰ ক'বলগীয়া নাই । কিন্তু সাধাৰণ লোকৰ ঘৰত স্মাৰ্ট মিটাৰ সংস্থাপন কৰা কাৰ্যক আমি বিৰোধিতা কৰি যাম ।"

গোলাঘাট জিলা সমিতিৰ উপদেষ্টা আব্দুল কাছিমে কয়,"স্মাৰ্ট ডকাইতৰূপী স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাক অৱমাননা কৰি ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছিল যে বাণিজ্যিক প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিব লাগে ।" এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক নিজৰ স্থিতি সলনি কৰিবলৈ সংগঠনটোৱে আহ্বান জনায় । গোলাঘাটৰ লগতে বোকাখাত আৰু দেৰগাঁৱত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অনুৰূপ প্ৰতিবাদ দেখিবলৈ পোৱা যায় ।

যোৰহাট : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰি স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰে । জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠনটোৱে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাই কয়, "বিদ্যুৎ বিভাগৰ লোকে ঘৰে ঘৰে গৈ বলপূৰ্বকভাৱে পুৰণি মিটাৰ আঁতৰাই স্মাৰ্ট মিটাৰ সংযোগ কৰি বৰ্তমান জনসাধাৰণক লুণ্ঠন চলাই আহিছে । বৰ্তমান সময়ত বিদ্যুৎ মাছুল অত্যধিক হাৰত বৃদ্ধি পোৱাৰ ফলত জনসাধাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে । কৰৰ অত্যধিক বোজা পৰা ৰাজ্য চৰকাৰখনে পৰিত্ৰাণ পাবৰ বাবে বিদ্যুতৰ মাচুল বৃদ্ধিৰ লগতে স্মাৰ্ট মিটাৰ সংযোগ কৰিছে । এয়া কৰ সংগ্ৰহৰ এক পৰিকল্পনা ।"

ধেমাজি : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ধেমাজি তিনিআলিৰ পৰা এক বৃহৎ প্ৰতিবাদী সমদলৰ আয়োজন কৰে । হাতে হাতে প্লেকাৰ্ড লৈ বিদ্যুৎ বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে ধেমাজিৰ ৰাজপথ উত্তাল কৰি তোলে ৷ প্ৰায় ১ ঘণ্টা ধৰি চলা এই প্ৰতিবাদৰ অন্তত স্মাৰ্ট মিটাৰৰ সংযোগ ব্যৱস্থা বন্ধৰ দাবীত সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

নগাঁও : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ ৰাইজক শোষণ কৰাৰ অভিযোগ উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । সংগঠনটো নগাাঁও চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদলৰ আয়োজন কৰে । প্ৰতিবাদৰ জৰিয়তে ৰাজ্যত স্মাৰ্ট মিটাৰ সংযোগৰ ব্যৱস্থা বন্ধ কৰিবলৈ সংগঠনটোৱে দাবী জনায় । বৃহস্পতিবাৰে সংগঠনটোৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় নেতা দ্বীপমণি বড়াইও অংশগ্ৰহণ কৰি স্মাৰ্ট মিটাৰক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

মৰিগাঁও : বিদ্যুৎ বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে মৰিগাঁও চহৰ উত্তাল কৰি তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে । কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰে মৰিগাঁও জিলা সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । স্মাৰ্ট মিটাৰ সংযোগৰ সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ সংগঠনটোৱে চৰকাৰক দাবী উত্থাপন কৰে । দুই শতাধিক প্ৰতিবাদকাৰীয়ে মৰিগাঁও বিহুতুলিৰ পৰা হাতে হাতে বেনাৰ, পোষ্টাৰ আদি লৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায় ।

তিনিচুকীয়া : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায় ।

প্ৰতিবাদত অংশ লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি কণ গগৈয়ে কয়,"চৰকাৰৰ বিদ্যুৎ বিভাগে সাধাৰণ জনতাৰ ঘৰত যি স্মাৰ্ট মিটাৰ সংযোগ কৰিছে আৰু সেই স্মাৰ্ট মিটাৰৰ পৰা যি মাছুল আহিছে সেই মাচুলে এতিয়া সাধাৰণ জনতাক জুৰুলা কৰিছে । গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰক এই স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছো ।" এই স্মাৰ্ট মিটাৰৰ যি আসোঁৱাহ আছে সেয়া দূৰ কৰিবলৈও তেওঁ দাবী উত্থাপন কৰে ।

তেওঁ লগতে কয়,"গুজৰাটত স্মাৰ্ট মিটাৰ বন্ধ হৈ আছে । তেন্তে অসমত কিয় সেই স্মাৰ্ট মিটাৰ বন্ধ নহয় ?" প্ৰতিবাদৰ অন্তত সংগঠনটোৱে বিভিন্ন দাবীৰে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক :চাহ শ্ৰমিকৰ প্ৰতিবাদৰ পাছতে বন্ধ হ'ল মটক চাহ বাগিচা - Durga Puja Bonus

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.