ETV Bharat / state

কা বাতিলৰ দাবীত উত্তাল হৈ পৰিল লখিমপুৰ-ধেমাজি - Protest Against CAA

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 6:48 PM IST

Protest Against CAA: বৃহস্পতিবাৰে 'কা' বাতিলৰ দাবীত ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰ আৰু ধেমাজিতো পৰিষদৰ জিলা সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

AJYCP protest in Lakhimpur and Dhemaji demanding repeal of CAA
কা' বাতিলৰ দাবীত উত্তাল হৈ পৰিল লখিমপুৰ, ধেমাজি (ETV Bharat Assam)

লখিমপুৰ/ধেমাজি,১৮ জুলাই: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । 'কা' বাতিলৰ দাবীত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । বৃহস্পতিবাৰে বিতৰ্কিত আইনখন বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । প্ৰতিখন জিলা সদৰত পৰিষদৰ জিলা সমিতিসমূহে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 'কা' বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

কা' বাতিলৰ দাবীত উত্তাল হৈ পৰিল লখিমপুৰ-ধেমাজি (ETV Bharat Assam)

লখিমপুৰ: আন আন জিলাসমূহৰ দৰে লখিমপুৰতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । 'কা' আমি নামানো, 'কা' বাতিল কৰিবই লাগিব আদি শ্ল'গানেৰে উত্তাল কৰি তোলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰিৱেশ । প্ৰতিবাদস্থলীৰ পৰা পৰিষদৰ নেতৃত্বই কয়, ধৰ্মৰ ভিত্তিত অসমত নতুনকৈ বিদেশী নাগৰিকক জাপি দিয়া নচলিব ।"

বিজেপিৰ চৰকাৰক মিছলীয়া বুলি অভিহিত কৰি প্ৰতিবাদকাৰীসকলে কয়, "নিৰ্বাচনৰ পূৰ্বে অসমৰ পৰা বিদেশী খেদিম বুলি কৈ ক্ষমতা লাভৰ পাচত 'কা' বলবৎ কৰি বিদেশী আনিবলৈহে উঠিপৰি লাগিল ।" ধৰ্মঘটৰ অন্তত পৰিষদে জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী লৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে । স্মাৰকপত্ৰখনত পৰিষদে উল্লেখ কৰে যে অসমীয়া জাতি বিদ্বেষী তথা অ-সাংবিধানিক নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' গৃহীত হোৱাৰ পিচত অস্তিত্বৰ সংকটত থকা অসমীয়া জাতি অসমতে নিঃশেষ হোৱাৰ উপক্রম হৈছে । কাৰণ 'কা' বলবৎ কৰাৰ ফলত বিদেশৰ লোকে ব্যাপকভাৱে ভাৰতত নাগৰিকত্ব গ্রহণ কৰিব আৰু ইয়াৰ ফলত অসমৰ জনবিন্যাসৰ ব্যাপক পৰিবর্তন হোৱাৰ লগতে অসমত বঙালীভাষী লোকৰ সংখ্যা বৃদ্ধি পাব ।

শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই স্মাৰক পত্ৰখনত উল্লেখ কৰা অসমীয়া ৰাইজৰ দাবীক সন্মান জনাই অসমীয়া জাতিবিদ্বেষী নাগৰিকত্ব সংশোধনী আইন তাৎক্ষণিকভাৱে বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ ৰাইজৰ সহযোগত ব্যাপক আন্দোলন ৰ কাৰ্যসূচী গ্রহণ কৰিব বুলি সকীয়াই দিয়ে ।

ধেমাজি: লখিমপুৰৰ সমান্তৰালভাৱে ধেমাজি জিলা সমিতিয়েও বৃহস্পতিবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 'কা' বাতিলৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে । সংগঠনটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰি অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, 'কা' আমি নামানো আদি ভিন্ন ভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে ধৰ্মঘটস্থলী ৷ সংগঠনটোৱে চৰকাৰক অতিশীঘ্ৰে 'কা' বাতিল কৰিবলৈ দাবী জনায় ।

অন্যথা অসম যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসুচী অব্যাহত ৰাখিব বুলি সকীয়াই দিয়ে ৷ ইফালে 'কা' বাতিল নকৰিলে আগন্তুক দিনত চৰকাৰে পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিয়ে জিলা সভাপতিয়ে ।

লগতে পঢ়ক: কা-ৰ বিৰুদ্ধে তিনিচুকীয়াৰ ৰাজপথত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গৰ্জন - Protest Against CAA

'কা'ৰ বিৰুদ্ধে আছুৰ ৰণ হুংকাৰ : ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ - Protest Against CAA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.