ETV Bharat / state

নগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 'কা' বিৰোধী উত্তাল প্ৰতিবাদ - Protest Against CAA - PROTEST AGAINST CAA

CAA Protest : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদমুখৰ ৰাজ্য । নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ । শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংগঠনটো ।

AJYCP PROTEST NAGAON
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 4:05 PM IST

নগাঁও, 18 জুলাই : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে অসমৰ জাতীয় দল-সংগঠনসমূহ ৷ নাগৰিকত্ব সংশোধনী আইন আৰু এই আইনবিৰোধী আন্দোলন সম্পৰ্কে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাচতেই জাতীয় সংগঠনসমূহ জাঙুৰ খাই উঠিছে ৷ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে গ্ৰহণ কৰিছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৷

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 'কা' বিৰোধী প্ৰতিবাদ (ETV Bharat Assam)

বৃহস্পতিবাৰে নগাঁৱতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰ তথা ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি ৷ বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতা দ্বীপমনি বড়াই কেন্দ্ৰৰ লগতে ৰাজ্যৰ বিজেপি চৰকাৰকো তীব্ৰ সমালোচনা কৰে ৷

লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ নিৰ্দেশ প্ৰত্যাহাৰৰ দাবীত আছুৰ প্ৰতিবাদ - Protest Against CAA

কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ উদ্দেশ্যে অসমীয়া জাতিয়ে কোনো কাৰণতে গ্ৰহণ কৰিব নিবিচৰা 'কা' আইন জাপি দিব বিচাৰিছে বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা দ্বীপমনি বড়াই ৷ লগতে অসমৰ জাতি-মাটি আৰু ভেটি ৰক্ষাৰ আশ্বাস প্ৰদান কৰি শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি চৰকাৰে এতিয়া অসমৰ মাটি-ভেটি বিক্ৰী কৰিবলৈ আৰম্ভ কৰা বুলিও বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে ৷ বৃহস্পতিবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত ৰূপায়ন কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা সমিতিৰ নেতৃবৰ্গ উপস্থিত থাকে ৷

লগতে পঢ়ক : 'কা'ৰ বিৰুদ্ধে আছুৰ ৰণ হুংকাৰ : ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ - Protest Against CAA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.