ETV Bharat / state

এইবাৰ লুৰীণজ্যোতি গগৈয়ে আলোচনাৰ মেজলৈ মাতিলে পৰেশ বৰুৱাক - Urge for peace talk

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 12:13 PM IST

ULFA I Bomb plan: আলফা (স্বাঃ) ক আলোচনাৰ মজিয়ালৈ আহিবলৈ আহ্বান জনায় অজাপ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ একেই আহ্বান জনায় কেন্দ্ৰীয় চৰকাৰলৈকো ৷ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰে গগৈয়ে ৷

AJP Lurinjyoti Gogoi reacts to ulfa-i-bomb-planT-in-assam
আলফা (স্বাঃ) ৰ বোমা সংস্থাপন : আলফা-কেন্দ্ৰৰ সন্মানজনক আলোচনাৰ পোষকতা অজাপৰ (ETV Bharat Assam)

মৰাণ, 19 আগষ্ট: আলফা (স্বাঃ) ই দেশৰ স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ 25 টাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি বিজ্ঞপ্তিযোগে জনোৱাৰ পাছতে ৰাজ্যত সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ । স্বাধীনতা দিৱসৰ দিনটোৰ পৰা আজি পৰ্যন্ত জিলাই জিলাই বোমা বিচাৰি আৰক্ষী আৰু সেনাই চলাই আছে অভিযান । বিৰোধীয়ে চৰকাৰ তথা গৃহ বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ আনহাতে, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে নিষিদ্ধ ঘোষিত সংগঠনটোক আলোচনাৰ মজিয়ালৈ আহিবলৈ আহ্বান জনাইছে ৷

সন্মানজনক আলোচনাৰ আহ্বান লুৰীণজ্যোতি গগৈৰ

দেওবাৰে নিশা মৰাণত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আলফা (স্বাঃ)-চৰকাৰৰ আলোচনা সম্পৰ্কত কয়, "হত্যা আৰু হিংসাৰে অসমৰ কোনো সমস্যাৰ সমাধান কৰিব নহয় । সেয়ে পৰেশ বৰুৱা আলোচনাৰ মজিয়ালৈ আহিব লাগে । কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু আলফা স্বাধীনৰ সৈতে সন্মানজনকভাৱে আলোচনাত বহিব লাগে ।"

মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী

সমান্তৰালভাৱে, আলফা স্বাধীনে 25 টা স্থানত বোমা স্থাপন কৰা সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি এয়া গৃহ বিভাগৰ ব্যৰ্থতা বুলি কৈ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, "সাধাৰণ জনতাক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে । সাধাৰণ মানুহৰ জীৱন, সম্পত্তিৰ নিৰাপত্তা প্ৰদানত অসম আৰক্ষী আৰু অসমৰ গৃহ বিভাগ অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী চূড়ান্তভাৱে ব্যৰ্থ হৈছে । মুখ্যমন্ত্রীয়ে অসমলৈ শান্তি ঘূৰি অহা বুলি দাবী কৰি থকা সময়ত আলফা স্বাধীনে 25 টাকৈ স্থানত বোমা স্থাপন কৰিবলৈ কেনেকৈ সক্ষম হ'ল । মুখ্যমন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে ।"

উল্লেখ্য যে, আলফা (স্বা) শেহতীয়া কাৰ্যকলাপ ৰোধ কৰিবলৈ আৰক্ষীয়ে আৰম্ভ কৰিছে নতুন পৰিকল্পনা । উজনিত বাহৰ পাতি আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াই সকলো দিশ পৰ্যালোচনা কৰিছে ।

লগতে পঢ়ক: আতংকিত লখিমপুৰবাসী: আজিও উদ্ধাৰ নহ’ল আলফাই সংস্থাপন কৰা তৃতীয়টো বোমা - ULFA I Bomb plans in lakhimpur

ৰাইজৰ ক্ষতি কৰিবলৈ কোনোবা ওলালে আমি একশ্যন ল’ম : অসম আৰক্ষীৰ বিশেষ ডিজিপি হৰমিত সিং - ULFA I Bomb Plant

বোমা সংস্থাপন: ভাৰতীয় সেনাৰ সৈতে বৈঠক মিলিত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া - Bomb plan by ULFA I

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.