ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে সত্যৰ ঊৰ্ধত কথা কৈ আছে : জগদীশ ভূঞা - AJP PRESSMEET

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 8:06 PM IST

Press meet of Jagdish Bhuyan : বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য অসত্য বুলি দাবী অসম জাতীয় পৰিষদৰ ৷ সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ৷

AJP PRESSMEET
অসম জাতীয় পৰিষদৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, 16 জুলাই : নীতি আয়োগৰ বহনক্ষম উন্নয়নৰ লক্ষ্য(SDG) সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয় পৰিষদৰ । দলটোৰ হৈ সাধাৰণ সম্পাদক জগদীশ ভূঞাই মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰীক উভতি ধৰিলে জগদীশ ভূঞাই (ETV Bharat Assam)

বিষয় সন্দৰ্ভত জগদীশ ভূঞাই সংবাদমেলখনত কয় যে, মুখ্যমন্ত্ৰীয়ে সত্যৰ ঊৰ্ধত কথা কৈ আছে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই তালিকাখনৰ নম্বৰটোহে কৈছে, স্থানৰ কথা নাই কোৱা । 2021 চনতকৈ অসমৰ উত্তৰণ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে সঁচা কিন্তু সঠিককৈ ইয়াৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কোনো মন্তব্য নকৰা বুলি দলটোৰ হৈ ভূঞাই প্ৰকাশ কৰে ৷ ইয়াৰ দ্বাৰা ড৹ শৰ্মাই সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ সৈতে নিজকে তুলনা কৰা বুলিও জগদীশ ভূঞাই অভিযোগ উত্থাপন কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰি লৈছে যে, বিজেপিৰ পূৰ্বৰ পাঁচ বছৰত অসমত কাম হোৱা নাছিল । লগতে SDG ৰ সূচাংকৰ সৈতে বাস্তৱ প্ৰেক্ষাপট সম্পূৰ্ণ ওলোটা বুলিও যুক্তিসহ সংবাদমেলত বাখ্যা আগবঢ়ায় অসম জাতীয় পৰিষদে । নীতি আয়োগক আয়ুক্তসমূহে অৰ্ধসত্য তথ্য দিয়াৰ লগতে অমৃত বৃক্ষ আন্দোলনৰ নামত চৰকাৰে কৰা ভেকো-ভাওনাৰ তথ্য গাপ দি ৰখাৰ অভিযোগ তোলে দলটোৱে ।

লগতে পঢ়ক: অমৃত বৃক্ষ আন্দোলনৰ 90 শতাংশ গছপুলিয়েই মৰিল, সদন পালেগৈ বিষয়

উল্লেখ্য যে, অমৃত বৃক্ষ আন্দোলনৰ নামত চৰকাৰে ৰোপণ কৰা এক কোটি গছৰ 90 শতাংশই গছৰ ডালহে আছিল বুলি ভূঞাই সংবাদমেলত বিস্ফোৰণ ঘটায় । SDG ৰ প্ৰতিবেদনে অসম চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছে বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সম্পাদকগৰাকীয়ে ।

তদুপৰি ৰাজ্যৰ উন্নয়ন সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে ভুল বাখ্যা আগবঢ়োৱা বুলি সংবাদমেলত অভিযোগ তোলে জগদীশ ভূঞাই ৷ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত প্ৰায় 15-20 বছৰে থকা দুটাকৈ বিভাগ শেষৰ পৰা 5 নং স্থানত থকা বুলিও ভূঞাই মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰে । আন আন ৰাজ্যৰ সৈতে তুলনা কৰি চোৱাৰ বিপৰীতে নিজৰেই পূৰ্বৰ চৰকাৰখনৰ লগতহে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ চৰকাৰক তুলনা কৰা বুলি জগদীশ ভূঞাই কয় ৷

লগতে পঢ়ক: Deforestation in Goalpara : এফালে অমৃত বৃক্ষ আন্দোলন, আনফালে বন বিভাগৰ কৃপাত এফালৰ পৰা কাটি গৈছে গছ

আনহাতে, মৃণাল শইকীয়াৰ পুত্ৰই অসম জাতীয় পৰিষদত যোগদান কৰাৰ যি চৰ্চা চলিছে, সেই সন্দৰ্ভত মন্তব্য কৰি ভূঞাই কয়, "মৃণাল শইকীয়া মোৰ পুৰণা বন্ধু । তাত ৰাজনীতিৰ কথা একো নাই । কোনে ক’ত যায়, সেয়া আমি নাজানো । আমাৰ লগত কোনো ৰাজনীতিৰ কথা পতা নাই । আমি কাৰো সৈতে কথাও পতা নাই" ।

ইফালে নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জগদীশ ভূঞাই কয় যে, এই আইনৰ সন্দৰ্ভত চৰকাৰে বিভ্ৰান্তিকৰ কথা কৈ আছে । সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক যিমান অন্যায় কৰিছে, সিমান অন্যায় চাগে বদন বৰফুকনেও কৰা নাছিল । এতিয়া বাংলাদেশত উদাৰ চৰকাৰ চলি আছে, বাবে তাত সংখ্যালঘুৰ একো সমস্যা হোৱা নাই । কিন্তু কিছু বছৰ পিছত চৰকাৰ সলনি হ’লে, চিন্তাধাৰা সলনি হ’লে, অসমৰ সমস্যা বাঢ়িব । কিয়নো বিজেপি চৰকাৰে অনাদিকাললৈ অসমত বাংলাদেশী সোমাব পৰাকৈ পথ প্ৰশস্ত কৰি দিলে । বাংলাদেশৰ পৰা অহা মানুহে দিল্লী, ৰাজস্থানলৈ নগৈ অসমতে থাকিব বুলিও সংবাদমেলত মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক: একত্ৰিত হ’ব ৰাইজৰ দল-অসম জাতীয় পৰিষদ ! ৰাইজৰ দলৰ আনুষ্ঠানিক প্ৰস্তাৱ - Akhil Gogoi on Marging Proposal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.