ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ লুৰীণ-জগদীশৰ - FORMER CM PRAFULLA KUMAR MAHANTA

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 7:39 PM IST

Assam Jatiya Parisad: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ অসম জাতীয় পৰিষদৰ সভাপতি-সাধাৰণ সম্পাদকৰ ৷ এই সাক্ষাতক লৈ সকলোৰে মাজত অৱতাৰণা হৈছে বহু প্ৰশ্নৰ ৷ কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ শ্যামন্ত কাশ্যপৰ সক্ৰিয় ৰাজনীতিত যোগদানৰ বিষয়ত অব্যাহত আছে চৰ্চা ৷ এই সাক্ষাতত কি কি আলোচনা হ’ল, সেয়া জানক এই প্ৰতিবেদনৰ জৰিয়তে ৷

FORMER CM PRAFULLA KUMAR MAHANTA
দীৰ্ঘদিনে শাৰিৰীক অসুস্থতাত ভূগিছে প্ৰফুল্ল কুমাৰ মহন্ত (ETV Bharat Assam)

নিউজ ডেস্ক, 24 জুলাই: অসমৰ পূৰ্বৰ দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ঘৰলৈ সঘন আহ-যাহ চলিছে ৰাজ্যৰ একাংশ ৰাজনৈতিক নেতাৰ ৷ ৰাজনৈতিক নেতাৰ এনে আগমনে স্বাভাৱিকতে অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ ৷ কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ শ্যামন্ত কাশ্যপৰ সক্ৰিয় ৰাজনীতিত যোগদানৰ বিষয়ত অব্যাহত আছে চৰ্চা ৷

বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ ঘৰত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা ৷ দুয়োগৰাকী ৰাজনৈতিক নেতাই দীৰ্ঘদিনৰে পৰা শাৰিৰীক অসুস্থতাত ভূগি থকা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ খবৰ লোৱাৰ উদ্দেশ্যে তেওঁৰ বাসগৃহত উপস্থিত হয় ৷

FORMER CM PRAFULLA KUMAR MAHANTA
ফুলৰ থোপাৰে সম্ভাষণ (ETV Bharat Assam)

এই সাক্ষাৎকাৰ সম্পূৰ্ণৰূপে সৌজন্যমূলক আছিল বুলি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মন্তব্য কৰে ৷ ইটিভি ভাৰতক তেওঁ কয়- "অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰফুল্ল কুমাৰ মহন্ত এনে এগৰাকী ব্যক্তি, যিয়ে আঞ্চলিকতাবাদৰ ৰাজনীতিক সমৰ্থন কৰি আহিছে ৷ তেনেক্ষেত্ৰত আঞ্চলিক ৰাজনীতিক সাৰোগত কৰি গঠিত হোৱা অসম জাতীয় পৰিষদেও ৰাজনৈতিক ক্ষেত্ৰত অগ্ৰজৰ দিহা-পৰামৰ্শ নিতান্তই প্ৰয়োজন বুলি মানি আহিছে ৷" যাৰ বাবে বুধবাৰে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা পূৰ্বে দুবাৰকৈ ৰাজ্যৰ শাসনৰ গুৰি ধৰা প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ কৰে দলটোৰ নেতা দুগৰাকীয়ে ৷

ছাত্ৰ সংগঠনৰ নেতৃত্বৰে দীৰ্ঘদিনীয়া অভিজ্ঞতা লাভৰ অন্তত সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰা লুৰীণজ্যোতি গগৈয়ে ৰাজ্যৰ ৰাজনীতিত সদায়ে আঞ্চলিকতাবাদৰ প্ৰয়োজন বুলি উল্লেখ কৰে ৷ গগৈয়ে কয় যে, পূৰ্বে আঞ্চলিকতাবাদ ৰক্ষাৰ ক্ষেত্ৰত অসম গণ পৰিষদে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছিল যদিও বিজেপিৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ পিচত দলটোৱে নিমাতী কইনাৰ ভাও ধৰি আহিছে ৷

যাৰ বাবে আঞ্চলিকতাবাদ ৰক্ষাৰ ক্ষেত্ৰত বিকল্প ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত আহি পৰিছে ৷ এইক্ষেত্ৰত আগবাঢ়িবলৈ প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে আঞ্চলিকতাবাদত বিশ্বাসী অগ্ৰজ ৰাজনৈতিক নেতাৰ সহায়-সহযোগৰ লগতে পৰামৰ্শৰ প্ৰয়োজন ৷

আনহাতে, দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাইও প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ কৰাৰ বিষয়টো একেবাৰে ঘৰুৱা বুলি সদৰী কৰিছে ৷ ইটিভি ভাৰতক ভূঞাই কয়- "এই সাক্ষাৎ কোনো ৰাজনৈতিক বিষয়ত নহয়, বৰং ই একেবাৰে ঘৰুৱা আছিল" ৷ অসম জাতীয় পৰিষদৰ হৈ দুয়োগৰাকী নেতাই ফুলাম গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷

FORMER CM PRAFULLA KUMAR MAHANTA
সৌজন্যমূলক সাক্ষাৎ (ETV Bharat Assam)

উল্লেখ্য যে, জগদীশ ভূঞা এসময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ সতীৰ্থ আছিল । মহন্তৰ মন্ত্ৰীসভাত জগদীশ ভূঞা পৰ্যটন মন্ত্ৰী হিচাপেও নিয়োজিত আছিল । সেইসূত্ৰেও প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ সৈতে ভূঞাৰ এক সম্পৰ্ক আজিও বিদ্যমান ।

এই সাক্ষাতৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ তথা যুৱনেতা শ্যামন্ত কাশ্যপে অসম জাতীয় পৰিষদত যোগদান কৰা সন্দৰ্ভত কোনো কথা আলোচনা হৈছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত দলটোৰ সভাপতি-সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ক্ৰমে লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই একেমুখে এই সন্দৰ্ভত বুধবাৰে কোনো আলোচনা কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: প্ৰফুল্ল কুমাৰ মহন্তৰ ঘৰত সপৰিয়ালে ৰকিবুল হুছেইন: চৰ্চাত আন এক প্ৰসংগ - MP Rakibul Hussain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.