ETV Bharat / state

মাদ্ৰাছা শিক্ষা বন্ধৰ অপচেষ্টা নকৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান আমিনুল ইছলামৰ - Madrasa Closed Controversy

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Madrasa closed in Assam: মাদ্ৰাছা বন্ধ কৰা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে হাৰিয়ানাত কৰা এক মন্তব্যৰ পিছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী দলসমূহে মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিছে । এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামেও এইক্ষেত্ৰত ড৹ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰে ।

Madrasa closed in Assam
মাদ্ৰাছা শিক্ষা বন্ধৰ অপচেষ্টা নকৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান আমিনুল ইছলামৰ (ETV Bharat)

নগাঁও, ১ অক্টোবৰ : "কোৰাণৰ শিক্ষা বন্ধ কৰাৰ অপচেষ্টা নকৰিব । ইয়াৰ পৰিৱৰ্তে ইয়াত সকলো জাতি ধৰ্মৰ মানুহ কেনেকৈ সম্প্ৰীতিৰে বসবাস কৰিব; সকলোকে লৈ সমিলমিলেৰ কেনেকৈ আমি অসমখনক আগুৱাই লৈ যাম; শান্তি, সম্প্ৰীতি, উন্নতি, প্ৰগতিৰ অসম আৰু জাতি গঠনৰ বাবে সকলো আগবাঢ়ি আহিব লাগে । তাৰ কাৰণে আপুনি পদক্ষেপ লওঁক । মুখ্যমন্ত্ৰী মহোদয়ক তাকে অনুৰোধ জনালো ।" এই অনুৰোধ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ ।

মাদ্ৰাছা বন্ধৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

বিগত কিছুদিন ধৰি ঝাৰখণ্ড, হাৰিয়ানা আদি ৰাজ্যত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বিভিন্ন বিষয়ক লৈ মন্তব্য কৰি আহিছে । এন আৰ চি বা মাদ্ৰাছা বন্ধৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে । শেহতীয়াকৈ হাৰিয়ানাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে অসমত ৬০০ মাদ্ৰাছা বন্ধ কৰা হৈছে আৰু বাকীসমূহো বন্ধ কৰা হ'ব ।

আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া

এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমিনুল ইছলামে মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰে । এক ভিডিঅ বাৰ্তাযোগে অসমৰ মাদ্ৰাছা বন্ধ কৰা প্ৰসংগত মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰে বিধায়ক আমিনুল ইছলামে । ভিডিঅ' বাৰ্তাটোত ইছলাম ধৰ্মৰ ইতিহাসৰ কথা উল্লেখ কৰি মাদ্ৰাছা বন্ধ প্ৰসংগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে বিধায়ক আমিনুল ইছলাম । ইছলামত মাদ্ৰাছা শিক্ষা তথা ধৰ্মীয় শিক্ষা অপৰিহাৰ্য বুলি উল্লেখ কৰি আমিনুল ইছলামে কয় যে মুখ্যমন্ত্ৰীয়ে ইছলামৰ শিক্ষা বা বাণী বন্ধ কৰাৰ অপচেষ্টা কৰিছে ।

আমিনুল ইছলামৰ মতে ইছলামৰ ধৰ্মীয় বাণী প্ৰচাৰ বন্ধ কৰাৰ অপচেষ্টা হাজাৰ বছৰ পূৰ্বৰে পৰা চলি আছে । অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰথম নহয়, পূৰ্বেও হাজাৰ হাজাৰ নেতা বা লোকে এই ধৰণৰ অপচেষ্টা কৰিছে বুলিও তেওঁ অভিযোগ কৰে । এই ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় । এনে কৰাৰ পৰিৱৰ্তে অসমত শান্তি-সম্প্ৰীতি ৰক্ষাৰ বাবে কাম কৰিবলৈ আমিনুল ইছলামে মুখ্যমন্ত্ৰীক আহ্বান জনায় ।

লগতে পঢ়ক :৬০০ খন মাদ্ৰাছা বন্ধ কৰি দিলো আৰু বাকীবোৰো বন্ধ কৰি দিম: হিমন্ত বিশ্ব শৰ্মা - CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.