ETV Bharat / state

হজযাত্ৰা সামৰি বানাক্ৰান্তৰ কাষত প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 7:54 PM IST

Ajmal visits Barpeta : বানাক্ৰান্তৰ মনৰ বুজ ল’বলৈ বুধবাৰে চেঙাৰ চেনিমাৰীত উপস্থিত হয় ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল ৷ দহদিনীয়া কাৰ্যসূচীৰে আজমলে বুজ ল'ব বৰপেটা, ধুবুৰী, গোৱালপাৰা আৰু বঙাইগাঁৱৰ বান পৰিস্থিতিৰ ৷ চাওক সবিশেষ খবৰ...

ASSAM FLOOD 2024
বান সাহাৰ্য প্ৰদান (ETV Bharat Assam)

বৰপেটা, 10 জুলাই: কিছুদিন পূৰ্বে সৰ্বস্তৰৰ ৰাজনৈতিক নেতাসকলক বানাক্ৰান্তক সহায় কৰাৰ আহ্বান জনাই এটি ভিডিঅ’ মুকলি কৰিছিল প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে ৷ এই ভিডিঅ’ প্ৰকাশৰ পিচতে এ আই ইউ ডি এফৰ নেতাগৰাকী হজযাত্ৰাৰ উদ্দেশ্যে উৰা মাৰে মক্কালৈ ৷ পিছে হজযাত্ৰা সামৰি পুনৰ অসমলৈ উভতি আহি বানাক্ৰান্তৰ কাষত থিয় দিছে ধুবুৰী সমষ্টিৰ প্ৰাক্তন সাংসদগৰাকীয়ে ৷

ৰাজ্য চৰকাৰক পৰ্যাপ্ত বান সাহাৰ্য দিবলৈ আহ্বান আজমলৰ (ETV Bharat Assam)

দহদিনীয়া কাৰ্যসূচীৰে বৰপেটা, ধুবুৰী, গোৱালপাৰা আৰু বঙাইগাঁৱৰ বান অধ্যুষিত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে চেঙাৰ চেনিমাৰীত উপস্থিত হয় ধুবুৰীৰ প্ৰাক্তন সাংসদগৰাকী ৷

লগতে পঢ়ক: বিপদৰ এই সময়ত আগুৱাই নাহিলে আল্লা-ভগৱানে ক্ষমা নকৰিব : আজমল - ASSAM FLOOD 2024

চেঙা, মন্দিয়া, জলেশ্বৰ, সৃজনগ্ৰামকে ধৰি ধুবুৰীৰ প্ৰতিটো বিধানসভা সমষ্টিৰ বানাক্ৰান্তৰ সমস্যাৰ বুজ ল’ব প্ৰাক্তন সাংসদগৰাকীয়ে ৷ তেওঁ বুধবাৰে চেঙাৰ কেইবাটাও চৰাঞ্চলৰ বানাক্ৰান্তক সাক্ষাৎ কৰি দুখ-দুৰ্দশাৰ বুজ লয় ৷ আজমলৰ সৈতে এই কাৰ্যসূচীত উপস্থিত থাকিব আন আনে কেইবাগৰাকীও বিধায়ক ৷ বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিচত সংবাদ মাধ্যমৰ আগত আজমলে কেন্দ্ৰক 20 হাজাৰ কোটি টকাৰ বান সাহাৰ্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৷

আনহাতে, বানাক্ৰান্তক সহায়ৰ বাবে কৰা কাম-কাজক লৈ চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনক উচ্চ প্ৰশংসা কৰে আজমলে ৷ যাৰ বাবে আশ্ৰাফুলক বছৰটোৰ বিধায়ক আখ্যা দিয়ে এ আই ইউ ডি এফৰ নেতাগৰাকীয়ে ৷ লগতে কয় যে, বিগত 42 বছৰে আজমল ফাউণ্ডেছনৰ জৰিয়তে ৰাইজৰ সেৱাত নেতাগৰাকী ব্ৰতী হৈ আছে ৷

লগতে পঢ়ক: NEETত উজলিল ৰেজাউল কৰিম : ক'চিং কৰিছিল আজমল ছুপাৰ-40ত - NEET exam results 2024

এইক্ষেত্ৰত ৰাজনৈতিক প্ৰসংগ টানি আনি আজমলে কয় যে, তেওঁৰ দলটোৱে নিৰ্বাচনত ভোট নাপাব পাৰে, কিন্তু ভোট নাপালেও আজমলে সদায় মানৱ সেৱা আগবঢ়াই যাব ৷ আনকি নিৰ্বাচনী যুঁজত পৰাজিত হোৱাৰ পিচতো আজমলে হাইলাকান্দি আৰু কৰিমগঞ্জ জিলালৈ চৰকাৰৰ পূৰ্বেই বান সাহাৰ্য প্ৰদান কৰা বুলিও উল্লেখ কৰে ৷

তদুপৰি বিগত লোকসভা নিৰ্বাচনত মোদী হটাও অভিযানৰ বাবেহে বিজেপিয়ে প্ৰায় 100 খন কম আসন লাভ কৰা বুলি সদৰী কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক: কিছুমান বিষয় ৰাজনীতিৰ উৰ্ধত: বহুতৰ বাবে আজি আজমল বিজয়ী - NEET ২০২৪ results

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.