ETV Bharat / state

যোগী আদিত্যনাথ আৰু হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছাৰ কোনো ক্ষতি কৰিব নোৱাৰিব : বদৰুদ্দিন আজমল - SCS DECISION ON THE MADRASA BOARD

উচ্চতম ন্যায়ালয়ে মঙলবাৰে শুনানী গ্ৰহণ কৰি উত্তৰ প্ৰদেশ ব’ৰ্ড অৱ মাদ্ৰাছা শিক্ষা আইনখনক অসাংবিধানিক বুলি ঘোষণা কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক বাতিল কৰে ৷

BADRUDDIN AJMAL REACT ON SC JUDGEMENT
এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 4:59 PM IST

গুৱাহাটী: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মাদ্ৰাছা বোৰ্ডক অসাংবিধানিক ঘোষণা কৰা ৰায়দান । মাদ্ৰাছা বোৰ্ডক বৈধতা প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক আদৰণি জনাইছে অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি আৰু এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক: অসমত এনকাউণ্টাৰ অতি গুৰুতৰ বিষয় : উচ্চতম ন্যায়ালয়

এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ নিজৰ প্ৰতিক্ৰিয়াত কয়, "অসম ৰাজ্যিক জমিয়ত উলেমা আৰু এ আই ইউ ডি এফৰ সভাপতি হিচাপে মই উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনাইছো । যিটো প্ৰাপ্য আছিল তাৰ ওপৰত ন্যায় হৈছে । উচ্চতৰ ন্যায়ালয় ৰায়দানৰ পৰা ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু যোগী আদিত্যনাথ দুয়োজনে লেচন ল'ব লাগে ।"

এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল (ETV Bharat Assam)

তেওঁ লগতে কয়, মাদ্ৰাছাৰ বিৰুদ্ধে বহুত বেছি মাতিব নালাগে, মাতিলে আমুক কৰি দিম, তামুক কৰি দিম । উচ্চতম ন্যায়ালয়ৰ ৰায়ে সেইসকলৰ আশাত পানী ঢালি দিলে । আমি আগতেই কৈ আহিছিলো যে আমি এই গোচৰবোৰত এদিন নহয় এদিন জিকিম । যোগী আদিত্যনাথ আৰু হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছাবোৰৰ কোনো ক্ষতি কৰিব নোৱাৰিব । মোৰ আশা আছে যে অসমত বন্ধ কৰা চৰকাৰী মাদ্ৰাছাসমূহ আমি খুলিব পাৰিম ।"

লগতে পঢ়ক: চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিক অবজ্ঞা; অসমৰ মুখ্য সচিবক চমন উচ্চতম ন্যায়ালয়ৰ

উল্লেখ্য যে, ২০২৪ চনৰ ২২ মাৰ্চত এলাহাবাদ উচ্চ ন্যায়ালয়ে মাদ্ৰাছা বোৰ্ডক অসাংবিধানিক ঘোষণা কৰিছিল । ইয়াৰ পাছত মঙলবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে এই ৰায়দান খাৰিজ কৰিলে আৰু মাদ্ৰাছা বোৰ্ডক বৈধতা প্ৰদান কৰিলে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.