ETV Bharat / state

দেশৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী কোন ? - APCC Extended Executive

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 10:24 AM IST

APCC Extended Executive: ডিব্ৰুগড়ত উপস্থিত হৈ অসমৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙে দিলে দেশৰ আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰীৰ তথ্য । চৰাইদেউত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা । এই সভাত অসমৰ আগন্তুক নিৰ্বাচনক লৈ দলৰ ৰণনীতিৰ লগতে ৰাজ্যৰ জলন্ত সমস্যাসমূহক লৈ হ'ব আলোচনা ।

APCC Extended Executive
দেশৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী কোন (ETV Bharat)

মৰাণ, ৮ ছেপ্টেম্বৰ : সমাগত পঞ্চায়ত নিৰ্বাচন । ইফালে ২০২৬ চনত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । যাৰ বাবে ইতিমধ্যে অসমত বিভিন্ন ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰিছে । বিশেষকৈ কংগ্ৰেছ দলে শেহতীয়া লোকসভা নিৰ্বাচনৰ ফলাফলত সন্তুষ্টি প্ৰকাশ কৰিছে আৰু আগন্তুক পঞ্চায়তৰ লগতে বিধানসভা নিৰ্বাচন অধিক শক্তিশালীভাৱে খেলাৰ ৰণনীতি প্ৰস্তুত কৰিছে ।

তাৰ অংশ স্বৰূপে দেওবাৰে দলটোৱে চৰাইদেউত অনুষ্ঠিত কৰিছে বৰ্ধিত কাৰ্যনিৰ্বাহক । এই কাৰ্যনিৰ্বাহকত কেইবাগৰাকী এআইচিচি নেতা উপস্থিত থাকিব ।

  • আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী

সভাৰ পূৰ্বে শনিবাৰে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং । উপস্থিত হৈয়ে তেওঁ অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লয় । তেওঁৰ মতে দেশৰ ভিতৰতে আটাইতকৈ বেছি ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ।

জীতেন্দ্ৰ সিঙে কয়, "বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত প্ৰতিখন জিলাৰে কংগ্ৰেছ সভাপতি তথা শীৰ্ষ নেতা আৰু আন আন নেতাসকল উপস্থিত থাকিব । সভাত আগন্তুক নিৰ্বাচনসমূহৰ ৰণনীতি প্ৰস্তুত কৰা হ'ব । লগতে আমাৰ দলক আৰু কেনেদৰে শক্তিশালী কৰিব পাৰি তাক লৈও আলোচনা কৰা হ'ব । এই সভাত দেশৰ আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিষয়টোও আলোচনা কৰা হ'ব । মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক লুণ্ঠন কৰি আছে, ভূমিৰ ঘটনা হওক, চুপাৰিৰ ঘটনা হওক বা কমিছনৰ ঘটনা হওক প্ৰতিটো বিষয়তে কেলেংকাৰীৰ অংশ থাকে । এই বিষয়বোৰৰ ওপৰত আলোচনা হ'ব ।" অসমৰ উন্নয়ন, বান সমস্যা আদিক লৈ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলিও তেওঁ দাবী কৰে ।

  • অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক

এপিচিচিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ বাবে জীতেন্দ্ৰ সিঙকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতা শনিবাৰে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাকে কেইবাগৰাকী ৰাজ্যিক নেতাই তেওঁলোকক আদৰণি জনায় । উল্লেখ্য যে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হ'বলগা অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ বাবে ইতিমধ্যে বহু ৰাজ্যিক নেতাই জিলাখনত ভিৰ কৰিছে ।

লগতে পঢ়ক :সভাপতি সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ: জীতেন্দ্ৰ সিং - APCC in charge Jitendra Singh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.