গোলাঘাট : আত্মবিশ্বাস আৰু কৰ্মৰ প্ৰতি হেঁপাহ থাকিলে সকলো সম্ভৱ । সেই কথা পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে গোলাঘাটৰ এগৰাকী কৃষকে । পৈতৃক সম্পত্তি বুলি মাত্ৰ ২ বিঘা কৃষিভূমি আছে যদিও কিন্তু বিভিন্নজনৰ চন পৰি থকা কৃষিভূমি আধিত লৈ প্ৰায় ১২০ বিঘা ভূমিত থলুৱা প্ৰজাতিৰ ধান খেতি কৰি স্বাৱলম্বী হৈছে কৃষকজন । তেওঁ হৈছে গোলাঘাটৰ বীৰেন গগৈ । আইদেউ খাট পথাৰত বীৰেন গগৈয়ে গঢ়ি তুলিছে কৃষি বিপ্লৱ ।
১২০ বিঘা ভূমিত থলুৱা ধানৰ খেতি
যি সময়ত কৰ্ম সংস্থাপন বিচাৰি একাংশ নিবনুৱা যুৱক-যুৱতী বহিঃৰাজ্যত আশ্ৰয় লৈছে তেনে সময়তে গোলাঘাটৰ বীৰেন গগৈয়ে অসমতে থাকি কৃষিকৰ্মৰ জৰিয়তে দেখুৱাইছে সংস্থাপৰ উত্তম নিদৰ্শন । নিজৰ ২ বিঘা আৰু আধিত লোৱা ১১৮ বিঘাৰ সৈতে মুঠ ১২০ বিঘা কৃষি ভূমিত তেওঁ কেৱল থলুৱা প্ৰজাতিৰ ধানৰ খেতি কৰি আহিছে । ৰঞ্জিত, বাহাদুৰ, জহা, বৰা, চকুৱা আদি থলুৱা প্ৰজাতিৰ লগতে তেওঁ বেঙুনীয়া ধানৰ খেতিও কৰি আহিছে । ইফালে খেতি পথাৰত অত্যাধুনিক মেচিন ব্যৱহাৰৰ পৰিৱৰ্তে তেওঁ থলুৱা যুৱতী আৰু মহিলাসকলক সুযোগ দিছে । চাহ বাগিচা অঞ্চলৰ প্ৰায় ৭০ গৰাকী যুৱতী-মহিলা এতিয়া বীৰেন গগৈৰ ধাননি পথাৰত ব্যস্ত ।
বেঙুনীয়া ধানৰ খেতি
এই সন্দৰ্ভত বীৰেন গগৈয়ে কয়," মই ৰঞ্জিত, বাহাদুৰ, জহা, বৰা, চকুৱা, বেঙুনীয়া ধান আদিৰ খেতি কৰো । বেঙুনীয়া ধানৰ খেতি আঠ বিঘা মাটিত কৰিছো । মই ১২০ বিঘা কৃষিভূমিত নিজে খেতি কৰিছো কিন্তু সকলো কৃষিভূমি মোৰ নিজৰ নহয় । কিছুমান লোকে আজিকালি খেতি কৰিব নোৱাৰে, সেই সকলৰ পৰা অলপ অলপ কৃষিভূমি মই লৈ প্ৰায় ১২০ বিঘা কৃষিভূমিত খেতি কৰো । মোৰ পৈতৃক কৃষিভূমি মাত্ৰ দুবিঘা আছে ।"
তেওঁ লগতে কয়, "বৰ্তমান চাহ বাগিচাত কোনো কাম নথকাৰ বাবে তাৰ শ্ৰমিকসকলক বাহনেৰে লৈ আহো আৰু ধান কটা কামত নিয়োজিত কৰো । ইয়াৰ উপৰিও ৪ জন মোৰ নিজৰ কৰ্মচাৰী আছে । পূৰ্বে কৃষকে উচিত মূল্য পোৱা নাছিল বাবে খেতিৰ পৰা আঁতৰি গৈছিল ৷ কিন্তু বৰ্তমান চৰকাৰে উচিত মূল্যত ধান ক্ৰয় কৰাৰ বাবে এতিয়া পুনৰ ধান খেতি কৰিবলৈ লৈছে । চৰকাৰে আৰু অলপ সা-সুবিধা প্ৰদান কৰিলে সকলোৱে পুনৰ ধানৰ খেতি কৰিবলৈ আৰম্ভ কৰিব । ২০০১ চনৰ পৰা মই কৃষিকৰ্মৰ লগতে প্ৰশিক্ষণো দি আহিছো, কেনেকৈ খেতি কৰিব লাগে । মই বেঙুনীয়া চাউল আৰু জহা চাউলৰ পেকিং কৰি মাৰ্কেটিঙৰ ব্যৱসায় কৰি আহিছো ।"
কৃষিকৰ্মৰ প্ৰতি বীৰেন গগৈৰ এই ধাৰণা আৰু অধ্যৱসায় এতিয়া বিভিন্নজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে । তেওঁক দেখি বহু নিবনুৱা যুৱক-যুৱতী কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী হ'ব বুলিও বহুতে আশা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক :বৰণ সলাইছে অৰুণাচলৰ পূব ছিয়াং পাহাৰে