ETV Bharat / state

অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস; যোগদান কৰিব নেকি অনুপ চেতিয়াই ?

Ex ULFA leader Anup Chetia: চাবুৱাৰ ঐতিহাসিক জেৰাই গাঁৱত অনুষ্ঠিত হৈছে অসম গণ পৰিষদৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস ।

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 11:25 AM IST

AGP Foundation Day
৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস; অগপত যোগদান কৰিব নেকি অনুপ চেতিয়াই (ETV Bharat)

মৰাণ, ১৪ অক্টোবৰ : আজি ডিব্ৰুগড় জিলাৰ ঐতিহাসিক জেৰাই গাঁৱত অনুষ্ঠিত হৈছে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । ১৯৮৫ চনতে গঠন হোৱা দলটোৰ এই প্ৰতিষ্ঠা দিৱসতে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই যোগদান কৰাৰ সম্ভাৱনা আছে ! মুকলিকৈ নক'লেও চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই এই সন্দৰ্ভত সংবাদ মাধ্যমক ইংগিত দিছে ।

ডিব্ৰুগড়ত অগপৰ প্ৰতিষ্ঠা দিৱস

উল্লেখ্য যে ১৯৮৫ চনৰ ১৪ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতে গঠন হৈছিল অসম গণ পৰিষদ দল চমুকৈ অগপ । অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তিৰ বাটকটীয়া হিচাপে জনা যায় অগপ দলক ।

ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত প্ৰতিষ্ঠা লাভ কৰা ৰাজ্যৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস এইবাৰ উজনিৰ ডিব্ৰুগড় জিলাৰ চাবুৱাত অনুষ্ঠিত হৈছে । যাক লৈ ডিব্ৰুগড়ৰ ৰাইজ আৰু দলৰ সমৰ্থকসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ঐতিহাসিক জেৰাই গাঁৱত অনুষ্ঠিত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ লগে লগে পুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী আৰম্ভ হৈছে ।

ইফালে চাবুৱাৰ জেৰাই গাঁৱৰ অসমৰ ইতিহাসত এক বিশেষ ভূমিকা আছে । কিয়নো অসম স্বাধীন কৰাৰ লক্ষ্যৰে এই জেৰাই গাঁৱৰ পৰাই ওলাই গৈছিল আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা । সেই ঐতিহাসিক জেৰাই গাঁৱতেই অগপই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আয়োজন কৰাক লৈ ব্যাপক চৰ্চা হৈছে । চাবুৱাবাসী ৰাইজৰ সহযোগত আৰু জেৰাই গাঁৱৰ ৰাইজৰ আতিথ্যত প্ৰভাতী আৰতি আৰু পতাকা উত্তোলনৰ পাছতে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হয় ৷

ইফালে শ্বহীদ তৰ্পণ, সতীৰ্থ সোঁৱৰণ, সাংস্কৃতিক এনাজৰী, মুকলি সভা, সন্ধিয়া বন্তি প্ৰজ্বলনকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচীও আছে । মুকলি সভাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব । দলটোৰ কেন্দ্ৰীয় সম্পাদক তথা চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই সমগ্ৰ ব্যৱস্থাপনাৰ বুজ লৈছে ।

অনুপ চেতিয়াই অগপত যোগদান কৰিব !

এই প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাতে অগপত যোগদান কৰাৰ সম্ভাৱনা আছে আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ । এই কথা দলটোৱে ৰাজহুৱাকৈ ঘোষণা কৰা নাই যদিও অনুপ চেতিয়াৰ যোগদানক লৈ ব্যাপক চৰ্চা চলিছে । এই সম্পৰ্কত বিধায়ক পোনাকণ বৰুৱাইও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে," অনুপ চেতিয়া জেৰাই গাঁৱৰ সু-সন্তান, তেওঁ জন্মগতভাৱে এগৰাকী জাতীয়তাবাদী এগৰাকী আঞ্চলিকতাবাদী ব্যক্তি । তেওঁ আমাক শুভেচ্ছা জনাবলৈ, আমাক উৎসাহ দিবলৈ ইতিমধ্যে জেৰাই গাঁৱত উপস্থিত হৈছে । কালিও আহিছে আৰু আগতেও আহি গৈছে । তেওঁ যদি দলত যোগদান কৰে আমি আনন্দিত হ’ম ।"

লগতে পঢ়ক : উপনিৰ্বাচন : বিজেপিৰ ৰ‍াজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকত প্ৰস্তুত প্ৰাৰ্থী পেনেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.