ETV Bharat / state

স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত জোৰদাৰ আন্দোলন অব্যাহত থাকিব : এ এছ ডি চি - ASDC Foundation Day - ASDC FOUNDATION DAY

ASDC Foundation Day: কাৰ্বি আংলঙৰ আঞ্চলিক দল স্বায়ত্তশাসিত ৰাজ্যিক দাবী সমিতিৰ 38 তম প্ৰতিষ্ঠা দিৱস উদযাপন ৷ স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত আন্দোলন অব্যাহত থাকিব বুলি সংবাদ মাধ্যৰ আগত উল্লেখ দলটোৰ মুখপাত্ৰ ডেনিয়েল টেৰণৰ ৷

Etv bharat assam
এ এছ ডি চিৰ সংবাদমেল (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 8:43 AM IST

এ এছ ডি চিৰ সংবাদমেল (Etv bharat assam)

ডিফু, 17 মে’ : 38 বছৰীয়া হ’ল কাৰ্বি আংলঙৰ আঞ্চলিক দল স্বায়ত্তশাসিত ৰাজ্যিক দাবী সমিতি (এ এছ ডি চি) ৷ 1986 চনৰ 16 মে’ত প্ৰতিষ্ঠা হোৱা দলটোৱে বৃহস্পতিবাৰে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এক সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেলত দলটোৰ মুখপাত্ৰ ডেনিয়েল টেৰণে কয়, "প্ৰতিষ্ঠা হোৱাৰ সময়ত পাহাৰৰ বিপুল জনসমৰ্থন পাবলৈ সক্ষম হৈছিল দলটোৱে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতাৰ লগতে পাহাৰৰ পাঁচটা বিধানসভাৰ সমষ্টি আৰু লোকসভাৰ একমাত্ৰ আসনখনো দলটোৰ দখলত আছিল ৷ 2002 চনত দলটোৰ মাজত বিভাজন হোৱাত কংগ্ৰেছ দল শাসনলৈ অহাৰ পিছৰে পৰা এ এছ ডি চি দুৰ্বল হৈ হৈ এতিয়া এজনো এম এ চি নথকা দল হৈ পৰে ৷ চৰকাৰৰ লগত এম অ’ ইউ চুক্তি কৰি পৰিষদৰ অধীনলৈ দলটোৱে 30 টা বিভাগৰ ক্ষমতা আনে যদিও মূল দাবী স্বায়ত্তশাসিত ৰাজ্য আজিও হৈ নুঠিল ৷ এতিয়া পাহাৰৰ সকলো ৰাজনৈতিক দলৰে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীটো কেৱল নিৰ্বাচনী ইচ্ছু ৷ "

মুখপাত্ৰগৰাকীয়ে পুনৰ কয়, "আমি 1995 চনত চৰকাৰৰ লগত এম অ’ ইউ চুক্তি কৰি পৰিষদলৈ অধিক ক্ষমতা আনিলো ৷ কিন্তু এতিয়াও আমি আমাৰ মূল দাবীক লৈ সংগ্ৰাম চলাই আছো ৷ স্বায়ত্বশাসিত ৰাজ্যৰ বাবে আমাৰ আন্দোলন অব্যাহত থাকিব । আমি আজি 38 তম প্ৰতিষ্ঠা দিৱসত পুনৰ সংকল্প লৈছো স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত জোৰদাৰ আন্দোলন চলাম বুলি ।"

হৈ যোৱা লোকসভা নিৰ্বাচনত দলটোৰ প্ৰতিদ্বন্দী বিজেপি আছিল বুলিও কয় মুখপাত্ৰগৰাকীয়ে ৷

লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসত বৃত্তিমূলক আঁচনি আৰম্ভ - 73 Foundation day of NCHAC

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.