ETV Bharat / state

অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা : ক্ৰয় কৰিব নোৱাৰিলে লক্ষ্যৰ ৫০ শতাংশ ধানো - Assam Paddy Procurement

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 5:58 PM IST

Paddy procurement at minimum support price : আকৌ বিফল হ’ল অসম চৰকাৰ ৷ উপনীত হ’ব নোৱাৰিলে লক্ষ্যত ৷ ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ বাবে বান্ধি লোৱা লক্ষ্যৰ ৫০ শতাংশ ধানো ক্ৰয় কৰিবলৈ সক্ষম নহ’ল ৷

Paddy procurement at minimum support price
ক্ৰয় কৰিব নোৱাৰিলে লক্ষ্যৰ ৫০ শতাংশ ধানো (ETV Bharat Assam)

গুৱাহাটী, ১২ জুলাই : কোনোবাৰেই উপনীত হ’ব পৰা নাই লক্ষ্যত । এইবাৰো নোৱাৰিলে লক্ষ্যত উপনীত হ’বলৈ ৷ পৰিমাণ কমাই অনাৰ পিচতো লক্ষ্যৰ পৰা বহুত দূৰৈত থাকিল ৷ এইবাৰো অসম চৰকাৰ চূড়ান্তভাৱে ব্যর্থ হ’ল ন্যূনতম সমৰ্থিত মূল্যত (এন এছ পি) কৃষকৰ পৰা ধান ক্ৰয়ৰ অভিলাষী আঁচনিৰ ৰূপায়ণত ৷

অসমত বিভিন্ন আঁচনি ৰূপায়ণৰ বেলিকা ব্যৰ্থতাৰ দিশটোৱে দেখিবলৈ পোৱা যায় ৷ সেই তালিকাত ধান ক্ৰয়ৰ আঁচনিখনো আছে । লক্ষ্যণীয় বিষয় যে অসমে এই আঁচনিখন ৰূপায়ণত এবাৰো সফল হোৱা নাই ৷ প্ৰত্যেক বছৰে টাৰ্গেট লোৱা হয় যদিও সফল হ’ব পৰা নাই । যাৰ বাবে এইবাৰ চৰকাৰে ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ হ্ৰাস কৰিছিল ।

আনহাতে এইবাৰ ধানৰ ন্যূনতম সমৰ্থিত মূল্যও বৃদ্ধি কৰা হৈছিল । তৎসত্বেও লক্ষ্য পূৰণত ব্যৰ্থ হ’ল । ইফালে এইবাৰ ক্ৰয় সংস্থাৰ সংখ্যা ছটাৰ পৰা চাৰিটালৈ হ্ৰাস কৰা হৈছিল । ইয়াৰ পিচতো এইবাৰ ৫০ শতাংশ ধানো ক্ৰয় কৰিব নোৱাৰিলে ।

লক্ষ্যৰ বিপৰীতে কিমান ধান ক্ৰয় কৰিলে চাৰিটা সংস্থাই ? :

এইবাৰ ৰাজ্যজুৰি ১৭০ টা ধান ক্ৰয় তথা কৃষকৰ দ্বাৰা বিক্ৰীকেন্দ্ৰ স্থাপন কৰা হয় ৷ এইবাৰৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হয় পহিলা ডিচেম্বৰত আৰু অন্ত পৰে ৩০ জুনত । এইবাৰ পূৰ্বৰ ছটাৰ বিপৰীতে চাৰিটা সংস্থাক ধান ক্ৰয়ৰ দায়িত্ব দিয়া হৈছিল । সংস্থাকেইটা হৈছে ক্ৰমে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড (এ এফ চি এছ চি এল), অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ (এ এছ এ এম বি), ভাৰতীয় খাদ্য নিগম (এফ চি আই) আৰু নেছনেল এগ্ৰিকালচাৰেল কো-অপাৰেটিভ মাৰ্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়া (এন এ এফ ই ডি) ।

এই চাৰিটা সংস্থাৰ ধান ক্ৰয়ৰ লক্ষ্য আছিল ৬,৫৩,৭০০ মেট্ৰিক টন । ইয়াৰ বিপৰীতে সংস্থা চাৰিটাই ৩১৪৯৩৭.৫৫ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হয় । অৰ্থাৎ লক্ষ্যৰ ৫০ শতাংশ ধানো সংস্থা চাৰিটাই ক্ৰয় কৰিব নোৱাৰিলে । অৱশ্যে লক্ষ্য পূৰণত ব্যৰ্থ হ'লেও সংস্থাকেইটাৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ ধান ক্ৰয় কৰে কৃষি বিপণন পৰিষদে ।

কৃষি বিপণন পৰিষদে লক্ষ্যৰ পাঁচ হেজাৰ মেট্ৰিক টনৰ বিপৰীতে ক্ৰয় কৰে ৩,৫০৩.৭৮ মেট্ৰিক টন ধান । এই ক্ৰয়ৰ হাৰ ৭০.০৭ শতাংশ । ইয়াৰ পিচতে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ ধান ক্ৰয়ৰ হাৰ ৫৭.৮৩ শতাংশ । সংস্থাটোৰ ধান ক্ৰয়ৰ লক্ষ্য আছিল ৪,৬৮,৭০০ মেট্ৰিক টন । তাৰ বিপৰীতে ক্ৰয় কৰে ২,৭১,০৬১.০২ মেট্ৰিক টন ৷ আটাইতকৈ শোচনীয় পৰিমাণৰ ধান ক্ৰয় কৰে ভাৰতীয় খাদ্য নিগমে । সংস্থাটোৱে ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ আছিল ৭৬ হেজাৰ মেট্ৰিক টন । ইয়াৰে মাত্ৰ ১২,১০০.২৪ মেট্ৰিক টন ধানহে ক্ৰয় কৰে ।

আনটো কেন্দ্ৰীয় সংস্থা এন এ এফ ই ডি তথা নাফেডে লক্ষ্য নির্ধাৰিত ১,০৪,০০০ মেট্ৰিক টনৰ বিপৰীতে ক্ৰয় কৰা ধানৰ পৰিমাণ হৈছে ২৮,২৭২.৫১ মেট্ৰিক টন । ইফালে এইবাৰ ৰাজ্যৰ মুঠ ৩৩,১৪০ গৰাকী কৃষকে চাৰিটা সংস্থাক ধান বিক্ৰী কৰে ৷ ৰাজ্যৰ দুখীয়া কৃষকসকলক মধ্যভোগীৰ নিৰ্যাতনৰ পৰা সকাহ দি অধিক লাভ আদায়ৰ সুযোগ দিয়া তথা কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্য লৈ ৰূপায়ণ কৰা এই আঁচনিখন দুর্ভাগ্যজনকভাৱে অসমত আৰম্ভণিৰে পৰাই ব্যৰ্থ হৈ আহিছে।

ধানৰ মূল্য বৃদ্ধি কৰাৰ পিচতো বিক্ৰীৰ পৰিমাণ বৃদ্ধি নাপালে :

ব্যৰ্থতাৰ মাত্ৰা হ্ৰাস কৰিবলৈ পূৰ্বৰ ছটাৰ পৰিৱৰ্তে এইবাৰ ধান ক্ৰয় কৰা সংস্থাৰ সংখ্যা চাৰিটালৈ হ্ৰাস কৰা হৈছিল ৷ তেনেদৰে পূৰ্বৰ ১০ লাখ মেট্ৰিক টনৰ পৰা এইবাৰ ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ চাৰে ছয় লাখ মেট্ৰিকক টনলৈ হ্ৰাস কৰা হয় ৷ কিন্তু তাৰ পিচতো ৫০ শতাংশ ধানো ক্ৰয় কৰাটো সম্ভৱ নহ’ল ।

ইফালে কৃষকৰ আকৰ্ষণৰ বাবেই প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থিত মূল্য এইবাৰ ২,১৮৩ টকালৈ বৃদ্ধি কৰা হয় ৷ ২০২২-২৩ চনত এই পৰিমাণ আছিল ২,০৪০ টকা । আনহাতে এইবাৰ ধান ক্ৰয়ৰ দায়িত্বৰ পৰা যি দুটা সংস্থাক বাদ দিয়া হৈছিল সেই দুটা হ’ল নেছনেল ফেডাৰেছন অফ ফার্মাৰ্ছ প্ৰকিউৰমেণ্ট প্ৰচেছিং এণ্ড ৰিটেইলিং কোঅপাৰেটিভ অৱ ইণ্ডিয়া লিমিটেড (এন এ চি অ’ এফ) আৰু নেছনেল কোঅপাৰেটিভ কঞ্জুমার্চ ফেডাৰেছন অফ ইণ্ডিয়া লিমিটেড (এন চি চি এফ)।

কিয় উপনীত হ’ব নোৱাৰিলে লক্ষ্যত :

চলিত বৰ্ষৰ ৩০ জুনত প্ৰথম পৰ্যায়ৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে । লক্ষ্যৰ আধা ধানো ক্ৰয় কৰিব নোৱাৰিলে চাৰিটাকৈ চৰকাৰী সংস্থাই । ধান ক্ৰয়ৰ প্ৰক্ৰিয়াটো ব্যৰ্থ হোৱাৰ আঁৰত বহুকেইটা কাৰণ আছে । নাম প্ৰকাশত অনিচ্ছুক এই প্ৰক্ৰিয়াটোৰ তদাৰকৰ দায়িত্বত থকা অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা অনুসৰি ৰাজ্যৰ কৃষকক চৰকাৰী সংস্থাক ধান বিক্ৰীৰ বাবে আকৰ্ষিত কৰিবলৈ চৰকাৰ সক্ষম নহ’ল ।

ইয়াৰ মূল কাৰণ হ’ল যি ব্যৱস্থাৰ মাজেৰে চৰকাৰে ধান ক্ৰয় প্ৰক্ৰিয়াটো আগবঢ়াই নিছিল, সেয়া মুঠেই কৃষক অনুকুল নাছিল । ন্যূনতম সমৰ্থিত মূল্যৰ বৰ্ধিত পৰিমাণক লৈ কৃষকসকল যথেষ্ট উৎসাহী আছিল । কিন্তু ধান বিক্ৰী কেন্দ্ৰবোৰ যথেষ্ট দূৰে দূৰে স্থাপন কৰা আৰু বিক্ৰী মূল্য লগে লগে হাতত নপৰা বাবেই কৃষকে চৰকাৰক ধান বিক্ৰীত অনীহা প্ৰকাশ কৰিবলৈ বাধ্য হয় ।

মূলতঃ চৰকাৰৰ দায়বদ্ধহীন পৰিকল্পনা ব্যৱস্থাৰ বাবেই এনে অৱস্থাৰ সৃষ্টি হৈছে । কৃষকক আকৰ্ষণৰ বাবে ন্যূনতম সমৰ্থিত মূল্যবৃদ্ধি কৰাতেই সকলো প্ৰচেষ্টাৰ অন্ত পৰিব বুলি ভবাটো শুদ্ধ নহয় । ধান বিক্ৰীৰ বাবে কৃষকক কি কি সুবিধা কৰি দিয়া হৈছে সেইটোও এটা মূল বিষয় । চৰকাৰৰ দায়বদ্ধহীন ব্যৱস্থাৰ অন্যতম এটা উদাহৰণ হৈছে যে যদিও এইবাৰৰ খাৰিফ বতৰত কৃষকৰ পৰা ধান ক্ৰয়ৰ সময় বিগত পহিলা ডিচেম্বৰৰ পৰা আৰম্ভ হয়, কিন্তু ইয়াৰ জাননী জাৰি কৰা হয় জানুৱাৰীতহে । গতিকে কৃষকে জানুৱাৰীৰ মাজভাগৰ পৰাহে ধান বিক্ৰী কৰিবলৈ সক্ষম হয় ।

আঁতৰ হোৱা নাই মধ্যভোগী :

চৰকাৰে ধান ক্ৰয়ৰ ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালনা কৰাৰ ব্যৱস্থা নকৰাৰ বাবেই কৃষকে মধ্যভোগীৰ আশ্ৰয়লৈ যাবলগীয়া হয় ৷ ধান বিক্ৰী কৰিবলৈ কৃষকক যিধৰণৰ ব্যৱস্থা কৰি দিয়া হৈছে, সেই অনুসৰি কৃষকে চৰকাৰৰ পৰিৱৰ্তে মধ্যভোগীৰ হাততে ধান বিক্ৰী কৰিবলৈ অধিক আগ্ৰহ প্ৰকাশ কৰে ৷ মধ্যভোগীয়ে প্ৰায়ে কৃষকৰ ঘৰৰ পৰাই ধান ক্ৰয় কৰে৷ ধানৰ গুণাগুণৰ ক্ষেত্ৰতো মধ্যভোগীয়ে নিজে দায়িত্ব লৈ বহু সময়ত আপোচ কৰে ৷ ইয়াৰ বিপৰীতে চৰকাৰী সংস্থাৰ ওচৰত বিক্ৰী কৰিব লাগিলে ধানবোৰ এক নিৰ্দিষ্ট মানলৈ শুকুৱাই কৃষকে যথেষ্ট দূৰে দূৰে স্থাপন কৰা বিক্ৰী কেন্দ্ৰলৈ নিব লাগে । ইয়াৰ ফলত পৰিবহণ ব্যয় বাঢ়ি যায় । ধান শুকুওৱাত সামান্য ইফাল-সিফাল হ'লেই সংশ্লিষ্ট কেন্দ্ৰবোৰত ক্ৰয় কৰা নহয় । ফলত বিক্ৰী নহ’লে আকৌ ঘূৰাই নিব লাগে ।

যিহেতু কেন্দ্ৰবোৰ যথেষ্ট দূৰে দূৰে স্থাপন কৰা হৈছে, তেনে ক্ষেত্ৰত দ্বিতীয়বাৰ ধান বিক্ৰী কেন্দ্ৰলৈ নিবলৈ অধিকাংশ কৃষক আগ্ৰহী নহয় ৷ গতিকে হাতৰ ওচৰতে পোৱাত তেওঁলোকে মধ্যভোগীৰ ওচৰতে ধান বিক্ৰী কৰিবলৈ বাধ্য হয় ৷

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ লক্ষ্য :

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ বাবে বৰ্ত্তমানলৈ ৭৯৪০০ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এইবাৰো চাৰিটা সংস্থাক ধান ক্ৰয়ৰ দায়িত্ব দিয়া হৈছে যদিও এতিয়ালৈকে ভাৰতীয় খাদ্য নিগমক লক্ষ্য দিয়া হোৱা নাই ৷ আনহাতে এ এফ চি এছ চি এলক ৬৬৬০০ মেট্ৰিক টন, এ এছ এ এম বিক ৫ হাজাৰ মেট্ৰিক টন আৰু এন এ এফ ই ডিক ৭৮০০ মেট্ৰিক টন ধান ক্ৰয়ৰ দায়িত্ব এতিয়ালৈকে দিয়া হৈছে ৷ এই লক্ষ্যৰ বিপৰীতে এইপৰ্যন্ত ক্ৰয় কৰা হৈছে ৫০১.৫০ মেট্ৰিক টন । ইয়াৰ ভিতৰত এ এফ চি এছ চি এলে ৪৫১.৭২ মেট্ৰিক টন আৰু এন এ এফ ই ডিয়ে ৪৯.৭৮ মেট্ৰিক টন ধান ক্ৰয় কৰিছে ।

লগতে পঢ়ক : দুটা বছৰত ধান ক্ৰয়ৰ লক্ষ্যৰ পৰা বহু দূৰৈত থাকিল ছটাকৈ চৰকাৰী সংস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.