গুৱাহাটী : উপ-নিৰ্বাচনৰ পিছত প্ৰথমবাৰলৈ মিলিত হ'ল বিৰোধী দলসমূহ । গুৱাহাটীৰ হোটেল লিলিত ৰাজ্যৰ ১৩ টাকৈ বিৰোধী দলৰ প্ৰতিনিধি বৈঠকত মিলিত হয় । শনিবাৰে সন্ধিয়া বিৰোধী দলসমূহে অসম সন্মিলিত মৰ্চাৰ মঞ্চত একত্ৰিত হৈ বিজেপিক উৎখাত কৰাৰ ৰণনীতি প্ৰস্তুত কৰে । অৱশ্যে এইবাৰ অসম সন্মিলিত মৰ্চাৰ বৈঠকত উপস্থিত নাথাকিলে কংগ্ৰেছ দল আৰু দলৰ প্ৰতিনিধি ।
- কংগ্ৰেছৰ বাবে দুৱাৰ বন্ধ নাই
উপ-নিৰ্বাচনৰ সময়ত মুখ্য বিৰোধী দলটোৱে মৰ্চাই পৰা আঁতৰি গৈছিল । কিন্তু অসম সন্মিলিত মৰ্চাই এতিয়া দুৱাৰ খোলা ৰাখিছে কংগ্ৰেছৰ বাবে । এই সন্দৰ্ভত মৰ্চাৰ নতুনকৈ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা অজিত কুমাৰ ভূঞাই কয়, "কংগ্ৰেছ নেতৃত্ব যদি পুনৰ অসম সন্মিলিত মৰ্চাত আহিব বিচাৰে, আমাৰ দুৱাৰ বন্ধ নাই । তেনেকুৱা হ'লে আমি অসম সন্মিলিত মৰ্চাই আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম ।"
- ১৩ টা বিৰোধী দলৰ অংশগ্ৰহণ
উল্লেখ্য যে পাঁচটা সমষ্টিৰ ভিতৰত বিহালী সমষ্টিৰ উপ-নিৰ্বাচনক লৈ অসম সন্মিলিত মৰ্চাৰে কংগ্ৰেছৰ মতান্তৰ হৈছিল । অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰি আঁতৰি গৈছিল কংগ্ৰেছ সভাপতি ভূপেন বৰাই । তাৰ পিছতে অসম সন্মিলিত মৰ্চাৰ সভাপতি ৰূপে অজিত কুমাৰ ভূঞাক বাছনি কৰিছিল বিৰোধী ঐক্যই ।
অজিত কুমাৰ ভূঞাক সভাপতিৰূপে বাছনি কৰাৰ পিছত শনিবাৰে প্ৰথমবাৰলৈ অসম সন্মিলিত মৰ্চাই বৈঠকত মিলিত হয় । বৈঠকত অজিত কুমাৰ ভূঞাৰ উপৰিও লুৰীণজ্যোতি গগৈ, অখিল গগৈ প্ৰমুখ্যে মুঠ ১৩ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
বৈঠকৰ অন্তত অসম সন্মিলিত মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই কয় যে কংগ্ৰেছে আহিব বিচাৰিলে বিৰোধী ঐক্যই আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব । ইফালে অখিল গগৈয়ে এই সন্দৰ্ভত কৈছিল যে কংগ্ৰেছ পুনৰ উভতি আহিলে এইবাৰ প্ৰথমতে আসনৰ ভাগ-বটোৱাৰা কৰি আহিব লাগিব । এই প্ৰসংগত অজিত কুমাৰ ভূঞাই কয় যে অখিল গগৈয়ে কোৱা কথাটো তেওঁলোকৰ দলীয় কথা । কিন্তু যদি কংগ্ৰেছ আহিব বিচাৰে মৰ্চাৰ সিদ্ধান্ত মতে আলোচনা কৰা হ'ব ।
- কেইবাটাও প্ৰস্তাৱ গ্ৰহণ
অসম সন্মিলিত মৰ্চাৰ এই বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই সিদ্ধান্ত সন্দৰ্ভত অজিত কুমাৰ ভূঞাই কয়, "আমি যি উদ্দেশ্যৰে এই ঐক্যমঞ্চ গঠন কৰিছিলো তাত আমি অটল আছো । সন্মুখত পঞ্চায়ত আৰু পৰিষদীয় নিৰ্বাচন আছে, সেই সন্দৰ্ভত আলোচনা হৈছে । আগন্তুক দিনত অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত গুৰুত্ব দিয়া হ'ব । আমি এখন নূন্যতম কাৰ্য্যসূচী প্ৰস্তুত কৰিম । য'ত অসমক ভালপোৱা বিজেপিৰ বিৰোধিতা কৰা বিশেষ ব্যক্তিৰ পৰামৰ্শ লোৱা হ'ব । লগতে আমি ৰাজ্যৰ বিভিন্ন স্থানত মত-বিনিময় আৰু অভিৱৰ্তন অনুষ্ঠিত কৰিম ।"
ইফালে মণিপুৰৰ ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দি এন বীৰেণ সিং চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসন দাবী তোলাৰ কথাও উল্লেখ কৰে সভাপতি অজিত কুমাৰ ভূঞাই । একেদৰে বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰৰ বিৰোধিতাও কৰে অসম সন্মিলিত মৰ্চাই ।