যোৰহাট,৯ আগষ্ট: শাওণৰ বানে বিধ্বস্ত কৰিছিল সমগ্ৰ ৰাজ্য । বানে ধোৱা অঞ্চলসমূহত এতিয়া পানী শুকাইছে যদিও আঁতৰা নাই বন্যাৰ্তৰ দুখ-দুৰ্দশা । শাওণৰ বানে বিস্তৰ ক্ষতিসাধন কৰিছিল তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তবাসীৰ অসমীয়া ৰাইজৰ । বানে বুৰাইছিল বিদ্যালয়ৰ চৌহদ, শ শ বিঘা কৃষিভূমিৰ লগতে বাসগৃহ । ধাননি পথাৰ পানীৰ তলত বুৰ যোৱাত চিন্তিত হৈ পৰিছিল কৃষক ৰাইজ ।
হঠাতে হোৱা এই বানৰ কাৰণ আছিল সীমান্তৰ গাতে লাগি থকা নগা পাহাৰৰ পৰা বৈ অহা পানী । নগা পাহাৰত কয়লা খননৰ পাচত ৰৈ যোৱা অৱশিষ্ট বোকা বৰষুণৰ পানীৰ লগত বৈ আহি প্ৰতিবছৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে । নগা পাহাৰত কয়লা খননৰ বাবেই প্ৰতি বছৰে দুৰ্ভোগ ভুগি আহিছে সীমান্তবাসী ৰাইজে । এই বানৰ ফলত বিশেষভাবে ক্ষতিগ্ৰস্ত হয় চহা কৃষক ।
কাৰণ বান শুকুৱাৰ পাছত শ শ বিঘা কৃষিভুমি বালি আৰু কয়লা খনৰ পিছত থাকি যোৱা অৱশিষ্টবোৰে পুতি পেলায় । নগা প্ৰশাসনৰ লগতে যোৰহাট জিলা প্ৰশাসনেও প্ৰতি বছৰে হৈ অহা এই সমস্যাৰ সমাধানত কোনো ধৰণ গুৰুত্ব নিদিয়াৰ বাবে বছৰে বছৰে বৃহৎ ক্ষতিৰ সন্মুখীন হৈ আহিছে সীমান্তৰ চহা কৃষক সমাজৰ লগতে সাধাৰণ ৰাইজ ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ সীমান্তবাসী ৰাইজৰ আহ্বান- চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কাৰণে প্ৰতিবছৰে হোৱা এই সমস্যাৰ স্বায়ী সমাধান কৰি সীমান্তৰ কৃষক ৰাইজক উপকৃত কৰক অন্যথা ভোকে-লঘোণে দিন অতিবাহিত কৰি জীৱনৰ শেষ পৰ্যায়লৈ গতি কৰিব অন্নদাতা কৃষকে । উল্লেখ্য যে বানৰ পিছত এতিয়া নিজৰ কৃষিভুমিডৰাৰ বিপৰ্যয় দেখি মুৰে কঁপালে হাত দিছে কৃষক সমাজে ৷ কিন্তু ভ্ৰূক্ষেপ নাই প্ৰশাসন যন্ত্ৰ আৰু কৃষি বিভাগৰ ।