ETV Bharat / state

ধনৰ 'বিশাল' সাম্ৰাজ্য় এৰি আলহী হ'ল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ - ONLINE TRADING SCAM

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 8:55 PM IST

Online trading scam fraud: অনলাইন ট্ৰেডিঙেৰে ৰাজ্য়জুৰি জাল পেলোৱা বিশাল ফুকনৰ সলনি হ'ল ঠিকনা । আৰক্ষীয়ে ইতিমধ্য়ে বিশালৰ ৪খন বিলাসী বাহন জব্দ কৰাৰ লগতে ছীল কৰিছে সকলো বেংক একাউন্ট ।

Bishal Phukan
অনলাইন ট্ৰেডিংকাণ্ড (ETV Bharat Assam)

মৰাণ,৭ ছেপ্টেম্বৰ : ধনী হোৱাৰ সপোন দেখি অনলাইন ট্ৰেডিং আৰম্ভ কৰা ২২ বছৰীয়া ডিব্ৰুগড়ৰ বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতেই ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে । পিছে কম বয়সতে আনৰ টকাৰে বিলাসী জীৱন কটোৱা বিশাল ফুকন এতিয়া থাকিব লাগিব ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ।

অনলাইন ট্ৰেডিংকাণ্ড (ETV Bharat Assam)
  • আৰক্ষীয়ে পুনৰ জিম্মাত নিবিচাৰিলে বিশালক

যোৱা সোমবাৰে আটক কৰা বিশাল ফুকনক অধিক তদন্তৰ বাবে জিলা সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতে ৩ দিনৰ আৰক্ষীৰ জিম্মাত দিছিল । বিগত তিনিটা দিন আৰক্ষীৰ জিম্মাত থকা বিশালক শনিবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হয় । আৰক্ষীয়ে বিশালক পুনৰ জিম্মাত নিবিচৰাত তেওঁক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে আদালতে ।

  • প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী এতিয়া ৰঙাঘৰত

অৱশেষত কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ল অনলাইন ট্ৰেডিঙৰ জৰিয়তে বিশাল সম্পত্তি গঢ়া বিশাল ফুকন । উল্লেখ্য যে শেহতীয়াকৈ একাংশই ষ্টক মাৰ্কেটত বিনিয়োগ কৰি অধিক লাভবান হোৱাৰ আশাৰে ধন বিনিয়োগ কৰিছিল যদিও হেৰুৱাবলগীয়া হৈছে গাঁঠিৰ ধন । কেইটামান দিনৰ পুৰ্বে D B Stockৰ নামত কোটি কোটি টকা লুটি দীপাংকৰ বৰ্মন নামৰ প্ৰৱঞ্চকজনে আত্মগোপন কৰাৰ পাছতে অনলাইন ট্ৰেডিঙৰ সমূহ ব্যৱস্থাটোক লৈ চৰ্চা আৰম্ভ হৈছিল ।

দীপাংকৰ বৰ্মনৰ প্ৰৱঞ্চনাৰ পাছতে ব্যাপক চৰ্চালৈ আহিছিল ডিব্ৰুগড়ৰ বিশাল ফুকন । ২২ বছৰ বয়সতে কোটিপতি হৈছিল বিশাল ফুকন । সামাজিক মাধ্যমত বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাছতে আৰক্ষীৰ নজৰলৈ আহিছিল বিশাল । ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে ন ন চাঞ্চল্যকৰ তথ্য ।

অভিনেত্ৰী চুমী বৰাই ভাতৃ পাতি লৈছিল বিশাল ফুকনক । বহু অভিনেতা-অভিনেত্ৰীক বিশাল ফুকনৰ ওচৰত অনলাইন ট্ৰেডিঙৰ বাবে ধন বিনিয়োগ কৰিবলৈ চুমী বৰাই সৈমান কৰাইছিল বুলিও অভিযোগ উঠিছে । মুখ খুলি বহুতে নকলেও ৰাজ্যৰ বহু সম্ভ্ৰান্ত ব্যৱসায়ী, ৰাজনৈতিক নেতাক ধন বিনিয়োগ কৰাইছিল বিশাল ফুকনৰ ওচৰত চুমী বৰাই । আৰক্ষীৰ জেৰাত বিশালে এই কথা আৰক্ষীক জনোৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে ।

অভিযোগ অনুসৰি, চুমী বৰাৰ ৰাজস্থানত আয়োজিত ডেষ্টিনেচন ৱেডিঙত ধন খৰচ কৰিছিল বিশাল ফুকনে । ডুবাইত বিলাসী হোটেল বুক কৰি দিছিল বিশালে । আনকি চুমী বৰাৰ ককায়েকৰ লগত ঔষধ কোম্পানীও আৰম্ভ কৰিছিল বিশাল ফুকনে । সেয়ে আৰক্ষীয়ে চুমী বৰাক বিচাৰি ডিব্ৰুগড়ৰ ঘৰৰ লগতে গুৱাহাটীৰ ফ্লেটত অভিযান চলাইছে যদিও সন্ধান লাভ কৰা নাই । আৰক্ষীয়ে বিশাল ফুকনৰ বৰ্তমানলৈকে ৪খন বিলাসী বাহন জব্দ কৰাৰ লগতে সকলো বেংক একাউন্ট ছীল কৰিছে ।

লগতে পঢ়ক:মই বেআইনী কাম কৰা নাছিলো, এতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰো : দীক্ষু শৰ্মা - Sumi Bora Bishal Phukan

জাননী পোৱাৰ পিছতো নাহিলে চুমী বৰাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব: ডি জি পি - DGP Assam GP Singh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.