ETV Bharat / state

মঙলদৈৰ ছাত্ৰ হত্যাকাণ্ড; নিমাওমাও পৰিৱেশ মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলত - Students Murder in Sipajhar

Attack by senior student in Sipajha: বিদ্য়ালয় চৌহদতে দশম শ্ৰেণীৰ চাৰি ছাত্ৰ লগ হৈ নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ ওপৰত চলাইছিল উপৰ্যুপৰি আক্ৰমণ ৷ ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও শেষ নিশ্বাস ত্য়াগ কৰে ছাত্ৰজনে । সেয়েহে ভয়-শংকাৰ বাবে বিদ্যালয়খনলৈ অহা নাই কোনো ছাত্ৰ -ছাত্ৰী ।

Murder in Darrang
মহলীয়াপৰা পদুম পুখুৰী হাইস্কুল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 24, 2024, 2:02 PM IST

দৰং, ২৪ ছেপ্টেম্বৰ: কোনোৱে সপোনতো ভবা নাছিল ঘটনাটো সংঘটিত হ'ব বুলি । সামান্য় কথা এটাই যে এনে এক ৰূপ ল'ব সেয়া কল্পনাৰো অগোচৰ আছিল । তাকো এখন বিদ্যালয়ত ! নভবা কথাটোৱেই এতিয়া মঙলদৈৰ এখন বিদ্য়ালয়ত সৃষ্টি কৰিছে এক নিমাওমাও পৰিৱেশৰ । কাৰণ এইখন বিদ্য়ালয়তেই সোমবাৰে দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল নৱম শ্ৰেণীৰ এজন শিক্ষাৰ্থীয়ে ।

মঙলবাৰে দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলত নিমাওমাও পৰিৱেশে বিৰাজ কৰে । ভয়-শংকাৰ বাবে বিদ্যালয়খনলৈ কোনো ছাত্ৰ-ছাত্ৰী অহা নাই । লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰতো দেখা গ'ল একেই পৰিৱেশ । অৱশ্য়ে বিদ্যালয়খনত তদন্তৰ বাবে পুনৰ উপস্থিত হয় ছিপাঝাৰ আৰক্ষী । আৰক্ষীয়ে বিভিন্ন দিশ তন্ন তন্নকৈ চালি জাৰি চোৱাৰ লগতে স্থানীয় লোককো সোধা-পোছা কৰিছে ।

মহলীয়াপৰা পদুম পুখুৰী হাইস্কুল (ETV Bharat Assam)

ইপিনে, সোমবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ত ছাত্র ভৱেশ ডেকাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ লৈছিল যদিও দেহত এটি সামান্য আঘাতৰ চিনৰ বাদে বিশেষ কোনো আঘাতৰ চিন নোপোৱাত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আজি পুৱা প্ৰেৰণ কৰে মৃতদেহটো । সোঁহাতত এটা আঁচোৰৰ চিন আছে মাত্ৰ । যাৰ কাৰণে মৰণোত্তৰ পৰীক্ষা মঙলদৈত নকৰাৰ সিদ্ধান্ত লৈছিল চিকিৎসকে । মৰণোত্তৰ পৰীক্ষাৰ বাবে গঠন কৰি দিয়া চিকিৎসকৰ দলে মৃতদেহ প্ৰেৰণ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ।

আনহাতে, মূল অভিযুক্ত দশম শ্ৰেণীৰ ছাত্রজনে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে । অভিযুক্ত ছাত্রজনক সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আজি ছাত্ৰজনক জুভেনাইল আদালতত হাজিৰ কৰিব । আন তিনিজনক ছাত্ৰকো সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানালৈ অনা শিক্ষক-কৰ্মচাৰীসকলক নিশাই ঘৰলৈ যাবলৈ দিয়ে । ভৱেশ ডেকাৰ ঘৰত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিৱেশৰ । একমাত্ৰ পুত্ৰক হেৰুৱাই হিয়া ঢাকুৰি কান্দিছে পিতৃ-মাতৃয়ে । ইপিনে, স্থানীয় ৰাইজৰ লগতে দল -স‌ংগঠনে এই ঘটনাটোৰ প্ৰকৃত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ আহবান জনাইছে ।

লগতে পঢ়ক:জোকোৱা-জুকিয়েই হ’লগৈ হত্যাকাণ্ডৰ কাৰণ ! জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু কনিষ্ঠ ছাত্ৰৰ - Students Murder in Sipajhar

সুৰাপায়ী পিতৃৰ অত্যাচাৰ; অতিষ্ঠ পুত্ৰই কৰিলে এই কাণ্ড ! - Golaghat murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.