ETV Bharat / state

ফাষ্ট ট্ৰেক আদালতত যুৱক হত্যা-কিশোৰী ধৰ্ষণৰ বিচাৰৰ দাবীত এবছুৰ জোঁৰ সমদল - ABSU protest

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 11:01 AM IST

Hiranmoy Khaklari murder case : এবছুৰ উদ্যোগত জোনাইত প্ৰতিবাদী কাৰ্যসূচী ৷ হিৰন্ময় খাকলাৰী হত্যাকাণ্ডত জড়িতৰ বিৰুদ্ধে সৰৱ হৈ ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদানৰ দাবী এবছুৰ ।

Hiranmoy Khaklari murder case
জোনাইত প্ৰতিবাদী কাৰ্যসূচী (ETV BHARAT ASSAM)

জোনাই, ২৫ জুনঃ গোৱালপাৰা জিলাৰ দুধনৈৰ ভালাপাৰা গাঁৱৰ হিৰন্ময় খাকলাৰীৰ হত্যা আৰু কিশোৰী ধৰ্ষণত অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবীত সোমবাৰে সন্ধিয়া এবছুৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চিমেন নদীলৈকে এক জোঁৰ সমদল উলিয়ায় ।

এবছুৰ জনসম্পৰ্কৰক্ষী সম্পাদক বডোছা ব্ৰহ্ম, ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়ো, উপ-সভাপতি হিৰণ্য স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক উদাং বি বডোছাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা এবছুৰ কৰ্মী সকলে হাতে হাতে ফেষ্টুন লৈ নিখিল বড়ো ছাত্র সন্থা জিন্দাবাদ, হত্যাকাৰীক ফাঁচী দিয়ক, দুধনৈৰ ভালাপাৰা গাঁৱৰ হিৰন্ময় খাকলাৰী হত্যাকাৰী আৰু কিশোৰী ধৰ্ষণত অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, ভুক্তভোগী পৰিয়ালক উচিত ন্যায় প্ৰদান কৰক, বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতলৈ হস্তান্তৰ কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়োয়ে কয় যে যোৱা ৩ মে'ত দুধনৈত অনুষ্ঠিত কৰা ৰংজালি বৈশাগু উৎসৱৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি দুগৰাকী কিশোৰী ঘৰলৈ আহি থকা অৱস্থাত দুধনৈৰ টাঙাবাৰীত ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলীয়ে ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ যায় ।

এই ঘটনা সম্পৰ্কে কিশোৰী কেইগৰাকীৰ পৰিয়ালে ৫ মে'ত দুধনৈ থানত এজাহাৰ দাখিল কৰে । এগৰাকী ধৰ্ষিতা কিশোৰী দুধনৈৰ ভালাপাৰা গাঁৱৰ হোৱা হেতুকে গাঁৱখনৰ এটা যুৱকৰ দলে যোৱা ৫ মে'ত ধন আলি তালুকদাৰক বিচাৰি টাঙাবাৰীত উপস্থিত হোৱাৰ সময়তে ধন আলী তালুকদাৰৰ পৰিয়াল আৰু গাঁৱখনৰ একাংশ লোকে হিৰন্ময় খাকলাৰী, ককায়েক অমিয় খাকলাৰী, নৰেন্দ্ৰ খাকলাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ।

লগতে পঢ়ক:কাজলগাঁৱত এবছুৰ প্ৰতিবাদী সমদল : হত্যাকাৰীক ফাঁচীৰ দাবী - ABSU PROTEST CHIRANG

এই ঘটনাটোত হিৰন্ময় খাকলাৰীৰ অৱস্থা গুৰুতৰ হোৱা বাবে গুৱাহাটীৰ জি এন আৰ চিত ভৰ্তি কৰাই যদিও ১৭ মে'ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় যুৱকজনে । ইতিমধ্যে কিশোৰী ধৰ্ষণত অভিযুক্ত আৰু হিৰন্ময় খাকলাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্ত কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আইনৰ সুৰুঙাৰে যাতে দোষীয়ে সাৰি নাযায়, তাৰ বাবে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া ভাৱে ফাষ্ট ট্ৰেক আদালতত চলাবলৈ এবছুয়ে দাবী জনাইছে । ইপিনে, এবছুই কঠোৰৰ পৰা কঠোৰতত শাস্তি প্ৰদানৰ লগতে হিৰন্ময় পৰিয়ালক ২০ লাখ টকা আৰু ধৰ্ষিতা কিশোৰীৰ পৰিয়ালক ৫ লাখ টকা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক:প্ৰথমে কিশোৰীক ধৰ্ষণ, তাৰ পাচত গাঁৱৰ যুৱকক হত্যা; ন্যায়ৰ দাবীত জ্বলিছে ধেমাজি - ABSU protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.