ETV Bharat / state

আগন্তুক বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এ বি এমছুয়ে: টাইছন হুছেইন - ABMSU press meet in Chirang

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 7:14 AM IST

ABMSU Central Extended Executive Meeting : চিৰাং জিলা সদৰ কাজলগাঁৱত এ বি এমছুৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা । 2025 ৰ বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত প্ৰত্যক্ষভাৱে এ বি এমছুৱে অংশগ্ৰহণ কৰিব বুলি জনায় সংগঠনৰ সভাপতি টাইছন হুছেইনে । 25 ছেপ্টেম্বৰৰ পৰা বিভিন্ন দাবীৰ সমৰ্থনত ওদালগুৰিৰ পৰা পদযাত্ৰা আৰম্ভ কৰিব সংগঠনটোৱে ।

ABMSU will contest in the upcoming 2025 BTR council elections says president Taison Hussain
এবিএমছুৰ সংবাদমেল (ETV Bharat Assam)

চিৰাং, 11 আগষ্ট: 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এ বি এমছুৰ পদযাত্ৰা ৷ চিৰাং জিলা সদৰ কাজলগাঁৱস্থিত চিৰাংদুৱাৰ অতিথিশালাত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এ বি এমছুৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত এই ঘোষণা কৰে সংগঠনটোৱে ৷ শনিবাৰে বিয়লি ভাগত আয়োজন কৰা এই কাৰ্যনিৰ্বাহক সভাৰ পিচতে সংগঠনৰ সভাপতি টাইছন হুছেইনে এক সংবাদমেল সম্বোধন কৰে ।

এবিএমছুৰ সংবাদমেল (ETV Bharat Assam)

কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত এ বি এমছুৰ সভাপতি টাইছন হুছেইনে কয়, "বি টি আৰৰ সংখ্যালঘুসকলৰ লগতে সৰ্বস্তৰৰ লোকৰ ভূমিৰ সমস্যা, গোষ্ঠী সংঘৰ্ষত আক্ৰান্তৰ ক্ষতিপূৰণ, বি টি চিৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি দিয়া, বি টি আৰৰ প্ৰতিখন বিদ্যালয়ত ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি, অসমীয়া বা বড়ো মাধ্যমৰ প্ৰতিখন অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণ কৰা, এ বি এমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ ন্যায়ৰ লগতে বিভিন্ন আৰ্থ-সামাজিক সমস্যাৰ সমাধান বিচাৰি 25 ছেপ্টেম্বৰৰ পৰা ওদালগুৰিৰ পৰা সমগ্ৰ বিটিআৰত এ বি এমছুয়ে পদযাত্ৰা কৰিব । পদযাত্ৰা সমাপ্ত হোৱাৰ পাচত কোকৰাঝাৰস্থিত বি টি আৰৰ সচিবালয়ত বিটিআৰৰ মুখ্যক স্মাৰকপত্ৰ প্ৰদান কৰিব ।"

সংবাদমেলতে হুছেইনে লগতে কয়, "সংখ্যালঘুসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে 2025 চনৰ বি টি আৰ নিৰ্বাচনত এ বি এমছুয়ে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব । যিহেতু চৰকাৰখনে ৰাজনৈতিকভাৱে সংখ্যালঘুসকলৰ সমস্যা সমাধান কৰিবলৈ বিচৰা নাই । সেয়ে ৰাজনৈতিকভাৱে সমস্যা সমাধানৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব এ বি এমছু ।"

সংবাদমেলত লগতে হুছেইনে কয়, "বিটিচিৰ মুছলমান, হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো বা বিজেপি দলক ভোট দিয়া মেচিন নহয় । ইমানদিনে কৰা ৰাজনীতি এতিয়া আৰু মানি লোৱা নহ’ব । লাফিকুল হত্যাকাণ্ডক লৈও ঘৃণনীয় ৰাজনীতি কৰিলে । গতিকে এই ৰাজনীতি ওলট-পালট কৰিবলৈ প্ৰস্তুত এ বি এমছু । নিজৰ অধিকাৰ কাঢ়ি আনিবলৈও এ বি এমছু প্ৰস্তুত ।"

22 আৰু 23 অক্টোবৰ কোকৰাঝাৰত এ বি এমছুয়ে কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন কৰিব বুলি সংবাদ মাধ্যমৰ আগত কয় । শ্বহীদ দিৱসৰ অনুষ্ঠানত এ বি এমছুৰ প্ৰাক্তন সতীৰ্থসকলৰ সৈতে চিন্তন বৈঠকত বিটিচি নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিব বুলি জনায় সংবাদমেলত ।

বিটিচিৰ গঠনৰ পূৰ্বৰে পৰা তথা শতক-শতক ধৰি বসবাস কৰা লোকসকলৰ ভূমিৰ সমস্যা সমাধান বিটিচিয়ে কৰিব লাগে যদিও তাৰ পিচতো প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসনে ভূমিৰ সমস্যা লৈ ৰাজনীতি কৰা বুলি সংবাদমেলত অভিযোগ কৰে এ বি এমছুৰ সভাপতি টাইছন হুছেইনে ।

লগতে পঢ়ক: বড়োলেণ্ড বিশ্ববিদ্যালয় সপ্তাহত সংখ্যালঘুৰ ধৰ্মীয় অনুভুতিত আঘাতৰ অভিযোগ এবিএমছু-আমছুৰ

বড়োভূমিৰ নিৰ্বাচনত অকলেই আগুৱাব বিজেপি : ভৱেশ কলিতা - Bhabesh Kalita at Rangia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.