ETV Bharat / state

36 ঘণ্টাৰ পাচত অৰুণাচলত অপহৃত 3 শ্ৰমিকৰ অপহৰণকাৰীৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে - 3 Coal miners Kidnapped

Workers Kidnapped: 36 ঘণ্টা উকলিল যদিও বৰ্তমানেও কোনো সন্ধান নাই তিনি অপহৃত শ্ৰমিক জ্ঞান থাপা, লেখক বৰা, চন্দন নাৰ্জাৰীৰ ৷ উজনি অসমৰ আৰক্ষীৰ মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত অসম-অৰুণাচল আৰক্ষীৰ অভিযান অব্যাহত ৷ অভিযানকাৰী দলে লাভ কৰিছে অপহৰণকাৰীৰ তথ্য ৷

Abducted workers from Arunachal Pradesh are still missing; rescue operations going on
36 ঘণ্টা উকলাৰ পাচত অপহৃত শ্ৰমিকৰ অপহৰণকাৰীৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 11:16 AM IST

Updated : Feb 20, 2024, 11:23 AM IST

36 ঘণ্টা উকলাৰ পাচত অপহৃত শ্ৰমিকৰ অপহৰণকাৰীৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে

তিনিচুকীয়া, 20 ফেব্ৰুৱাৰী: বৰ্তমানেও কোনো সন্ধান নাই অৰুণাচল প্ৰদেশৰ চাংলাঙত কয়লাখনিৰ পৰা অপহৰণ কৰা তিনি অপহৃত শ্ৰমিকৰ ৷ অপহৃত শ্ৰমিক তিনিজন হ’ল জ্ঞান থাপা, লেখক বৰা, চন্দন নাৰ্জাৰী ৷ বৰ্তমান অপহৰণ কাণ্ড সংঘটিত কৰা 36 ঘণ্টা উকলিল যদিও তিনি অপহৃত শ্ৰমিক জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰীৰ আৰক্ষী-প্ৰশাসনে কোনো সন্ধান উলিয়াব পৰা নাই ৷

দেওবাৰে কাহিলীপুৱাতে চাংলাং জিলাৰ ফিনভিৰুৰ পৰা তিনিওজন কয়লাখনিৰ মহৰীক অপহৰণ কৰা হৈছিল ৷ আলফা(স্বাঃ) আৰু NSCN উগ্ৰপন্থীয়ে এই কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাৰ পাছৰে পৰা অপহৃতৰ সন্ধানত ভাৰত-ম্যানমাৰ সীমান্তৰ মানমাওত সেনা-আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

চাংলাঙৰ মানমাওৰ গভীৰ অৰণ্যত উজনি অসমৰ আৰক্ষীৰ মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত অসম আৰু অৰুণাচল আৰক্ষীৰ লগতে অসম ৰাইফলছে চলাইছে যৌথ অভিযান । লগতে এই অভিযানত আছে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপসহ চাংলাং জিলাৰ আৰক্ষী অধীক্ষক ৷

অভিযানৰ সময়ত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে ইতিমধ্যে অপহৰণকাৰীৰ তথ্য লাভ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ অপহৃত শ্ৰমিক তিনিজনক উদ্ধাৰ কৰিবলৈ তীব্ৰ অভিযান অব্যাহত আছে বুলিও জনায় তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

ইফালে, তিনিচুকীয়া জিলাৰ লেখাপানীৰ লেখক বৰা আৰু জ্ঞান থাপাক সোমবাৰে অপহৰণকাৰী সংগঠনে মুকলি কৰি দিয়া বুলি এক খবৰ বিয়পি পৰিছিল যদিও আৰক্ষী তথা সেনা-বাহিনীৰ হাতত সেই সন্দৰ্ভত কোনো তথ্য নাই বুলি সোমবাৰৰ নিশা সদৰী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক: চাংলাঙৰ কয়লাখনিৰ শ্ৰমিক অপহৰণ : ২৪ ঘণ্টাৰ পাচতো নাই সন্ধান

Last Updated : Feb 20, 2024, 11:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.