ETV Bharat / state

কলিয়াবৰত আছুৰ গামোচাৰ সূতা বিতৰণৰ সাত বছৰ সম্পূৰ্ণ

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 12:03 PM IST

Updated : Mar 6, 2024, 1:37 PM IST

Kaliabar AASU helping weavers: অসমীয়াৰ জাতিৰ সন্মান বিজড়িত গামোচাৰ থলুৱাভাৱে উৎপাদনৰ লক্ষ্যৰে কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাই লোৱা অভিনৱ পদক্ষেপক সকলোৱে জনাইছে আদৰণি ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই অঞ্চলটোৰ শিপিনীসকলৰ মাজত সূতা বিতৰণৰ বাবে আয়োজন কৰে এক অনুষ্ঠানৰ ৷

Kaliabar AASU helping weavers
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা

কলিয়াবৰ, ৬ মাৰ্চ: নিৰ্বাচনৰ সময়তহে শিপিনীলৈ চৰকাৰৰ মনত পৰে । বিভিন্ন আঁচনিৰ ঘোষণাৰে মহিলা-শিপিনীসকলৰ মন জয় কৰাৰ চেষ্টা ইতিমধ্যে অসমৰ ৰাইজৰ দৃষ্টিগোচৰ হৈছে । জিঅ'টেগ লাভ কৰাৰ পাছতো বহিৰাগত গামোচাৰ ব্যৱসায় বন্ধ কৰিব পৰা নাই চৰকাৰে । যিটো কাম চৰকাৰে অতি গুৰুত্বসহকাৰে কৰিব লাগিছিল, সেই সময়ত আছুৰ দৰে সংগঠনে যোৱা সাত বছৰে এই প্ৰসংশনীয় কামত ব্ৰতী হৈ আছে অসমীয়া মহিলা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয় তাৰ বাবে । অসমীয়া শিপিনী সকলক উন্নতমানৰ তাঁতশাল, সূতা যোগানৰ চেষ্টা চলাই আহিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

সন্থাৰ মজিয়াৰ পৰা চৰকাৰলৈ আহ্বান জনাই ৰাজ্যৰ বজাৰত বহিৰাগত গামোচা আৰু পাৱাৰলুম গামোচাৰ নিষিদ্ধৰ বাবে হাতে-কামে সাজু হৈছে কলিয়াবৰৰ এখন গাঁৱৰ প্ৰায় অৰ্ধ শতাধিক শিপিনী । কলিয়াবৰৰ নিজ-চিলাবন্ধা শিপিনী গাঁৱৰ শিপিনীসকল এতিয়া সাজু হৈ পৰিছে গামোচা বোৱাত । থলুৱা শিপিনীসকলক থলুৱা গামোচা উৎপাদনৰ বাবে সূতা যোগান ধৰিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই । হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহুলৈ গামোচা প্ৰস্তুত কৰাৰ উদ্দেশ্যে নিজ-চিলাবন্ধা গাঁৱৰ অৰ্ধ শতাধিক শিপিনীৰ মাজত সূতা বিতৰণ কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ।

'আত্মনিৰ্ভৰশীল কলিয়াবৰ তথা অসম' এই মূলমন্ত্ৰ আগত ৰাখি থলুৱা গামোচাৰ উৎপাদন বৃদ্ধি কৰি কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ গাঁওসমূহৰ মহিলা সকলৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবলৈ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ এই উদ‍্যোগ । উল্লেখযোগ‍্য যে ২০১৭ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাই নিজ-চিলাবন্ধা গাঁৱক প্ৰদান কৰিছিল শিপিনী গাঁৱৰ স্বীকৃতি । তেতিয়াৰে পৰাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই গাঁওখনৰ শিপিনী সকলক বিতৰণ কৰি আহিছে সূতা ।

বিগত বৰ্ষসমুহৰ দৰেই এইবাৰো সমাগত ৰঙালী বিহুলৈ এহেজাৰ খনৰো অধিক থলুৱা গামোচা উৎপাদনৰ লক্ষ্য লৈছে এইসকল শিপিনীয়ে । যাৰ বাবে ছাত্ৰসন্থাই সূতাৰ যোগান ধৰাৰ লগতে এটি থলুৱা গামোচা বিক্ৰী কেন্দ্ৰ জৰিয়তে বজাৰত উপলব্ধ কৰিব থলুৱা গামোচা । কিন্তু এইসকল শিপিনী আজিও চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়ে পুৰণিকলীয়া শালতে অধিক কষ্টৰে গামোচা তৈয়াৰ কৰি আহিছে এইসকল শিপিনীয়ে । ৰাজ্য চৰকাৰলৈ এইসকল শিপিনীৰ অনুৰোধ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগতে যদি চৰকাৰে শিপিনী গাঁওখ্যাত এইসকল শিপিনী কিছু সহায় কৰে তেতিয়াহে আৰু এখোজ আগুৱাই যাব পাৰিব এইসকল শিপিনী ।

বিগত বৰ্ষ সমূহৰ দৰে এইবৰ্ষও কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থা আৰু অসম উন্নতি সভাৰ উদ্যোগত ২০১৭ চনতেই কলিয়াবৰৰ শিপিনী গাঁও নামেৰে স্বীকৃতিপ্ৰাপ্ত নিজ চিলাবন্ধা গাঁৱৰ শিপিনীসকলক কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ তৰফৰ পৰা থলুৱা গামোচা উৎপাদনৰ লক্ষ্যৰে কিছু পৰিমাণে সূতা বিতৰণ কৰি সহযোগিতা আগবঢ়োৱা হয় । আশা কৰিছো আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসে মহিলাসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব ।

লগতে পঢ়ক:গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল: জনতা ভৱনত পৃথকে পৃথকে বৈঠক

Last Updated : Mar 6, 2024, 1:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.