ETV Bharat / state

৬ নং দফা কাৰ্যকৰীকৰণ : শিল ঘঁহিয়েই থাকিব আছুৱে - Assam Accord Implementation

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

AASU on discussions over Assam Accord implementation : বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণৰ এটা বাট খোল খালে বুলি মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ এতিয়া ফলাফল লাগে বুলি মন্তব্য আছুৰ মুখ্য উদেষ্টাগৰাকীৰ ৷ ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য ছাত্ৰনেতাগৰাকীৰ ৷

AASU on discussions over Assam Accord implementation
অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত আলোচনাৰ পিচত আছুৰ মন্তব্য (ETV Bharat Assam)

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : ৪০ বছৰেও কাৰ্যকৰী নোহোৱা ঐতিহাসিক অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত বুধবাৰে আছুৰ নেতৃত্বৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ৰাজ্য চৰকাৰৰ সৈতে বিয়লি অনুষ্ঠিত আছুৰ বৈঠকক ইতিবাচক আখ্যাৰে আছুৰ ঘোষণা- ৬ নম্বৰ দফা কাৰ্যকৰী নোহোৱা পৰ্যন্ত ঘঁহিয়েই থাকিব শিল ।

৬ নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন কাৰ্যকৰী কৰা সন্দৰ্ভত আলোচনা কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্বক আমন্ত্ৰণ জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ।

বুধবাৰে বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা বৈঠকত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেই অংশগ্ৰহণ কৰে ৷ উপস্থিত থাকে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ।

দিছপুৰৰ এই বৈঠকত অংশগ্ৰহণ কৰি অহাৰ পিছত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বৈঠকখনক ইতিবাচক আখ্যা দি কয়- “প্ৰতিবেদনৰ প্ৰতিলিপি আজি সকলোকে দিয়া হৈছে ৷ অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত আমাক জনোৱা হ’ল । অসম চৰকাৰৰ আওতাত পৰা প্ৰতিবেদনৰ বিষয় কোনবোৰ ? আৰু কোনবোৰ বিষয় কেন্দ্ৰীয়-ৰাজ্য উভয় চৰকাৰৰ আওতাত পৰে, কোনবোৰ কেৱল কেন্দ্ৰীয চৰকাৰৰ আওতাত পৰে তাৰ বিস্তৃত ব্যাখ্যা আজি আমাক আগবঢ়োৱা হ’ল ৷”

বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৱলীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ আওতাত পৰা কৰণীয়খিনি স্পষ্ট হোৱাৰ লগতে বৈঠকত কৰ্মসূচী নিৰ্ধাৰণ হোৱাৰ কথা সদৰী কৰে আছু নেতৃত্বই ৷ সমুজ্জ্বল ভট্টাচাৰ্যই কয়, “অসম চৰকাৰে আমাৰ আগত দাঙি ধৰা বিষয়বোৰত দেখা গ’ল যে মুঠ ৬৭ টা মূল পৰামৰ্শ চিনাক্তকৰণ কৰা হৈছে ৷ তাৰ ভিতৰত ৩৯ টা অসম চৰকাৰৰ আওতাত পৰে । ১২ টা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে আওতাত পৰে ৷ আনহাতে ১৬ টা কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে ৷ এতিয়া অসম চৰকাৰৰ আওতাত যিবোৰ বিষয় পৰে সেইবোৰ অহা ২৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি সিদ্ধান্ত লৈছে ৷ এই সম্পৰ্কত এখন কৰ্মসূচী তৈয়াৰ কৰিব অসম চৰকাৰে । লগতে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ উভয়ৰ আওতাত পৰাখিনিৰ অসম চৰকাৰৰ যিখিনি কৰণীয় সকলোখিনি অসম চৰকাৰে কৰিব ৷ তাৰ বাবেও এখন একশ্যন প্লে’ন তৈয়াৰ কৰিব । কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা সকলোখিনি আগবঢ়াই নিবৰ বাবে কেন্দ্ৰলৈ ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিব ৷”

সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে অহা ২৫ অক্টোবৰত আকৌ আলোচনাত মিলিত হ’ব অসম চৰকাৰ ৷ এই কথা জনাই ভট্টাচাৰ্যই লগতে কয়, “ আজিৰ এই আলোচনাত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণৰ এটা বাট খোল খালে । আমাক ফলাফল লাগে । এই আলোচনাৰ ফলাফল পালেহে অসমৰ ৰাইজ আস্বস্ত হ’ব পাৰিব ৷”

ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায় :

বুধবাৰৰ এই আলোচনাক লৈ অতি আশাবাদী আছু নেতৃত্ব ৷ আলোচনাৰ মাধ্যমেৰেই এসময়ত ৬ নম্বৰ দফা কাৰ্যকৰী হ’ব বুলি আছু নেতৃত্বই আশা কৰে ৷ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লগতে মন্তব্য কৰিলে এইদৰে- “বিপ্লৱ শৰ্মা আয়োগে প্ৰতিবেদন দিয়া ৪ বছৰ পাৰ হ’ল । ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায় । আমি আমি এখোজ আগবাঢ়ি গ’লো ৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিবোৰ বিষয় আছে সেইবোৰত সংবিধান সংশোধনৰ কথা আছে । আসন সংৰক্ষণৰ কথা আছে ৷ চাকৰি-বাকৰিৰ কথা আছে । উচ্চ সদনৰ কথা আছে, ভাষাৰ কথা আছে ৷ এইবোৰ কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব ৷”

উল্লেখ্য যে অসম কঁপোৱা ‘কা’ আন্দোলনৰ সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষৰূপে লৈ এখন উচ্চস্তৰীয় কমিটী গঠন কৰি দিছিল । বিপ্লৱ শৰ্মা কমিটীয়ে প্ৰতিবেদন প্ৰস্তুত কৰি ২০২১ চনতে প্ৰতিবেদন দাখিল কৰিছিল ৰাজ্য চৰকাৰৰ হাতত । কেন্দ্ৰীয় চৰকাৰে কমিটীখন গঠন কৰি দিছিল যদিও কাৰ্যতঃ কেন্দ্ৰীয় চৰকাৰে নিজে গ্ৰহণ নকৰি ৰাজ্য চৰকাৰকহে প্ৰতিবেদনখন গ্ৰহণ কৰিবলৈ দিয়ে । অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে ৰূপায়ণ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত ঘোষণা কৰিছিল যদিও আজি সেয়া পৰ্যন্ত কাৰ্যকৰী নহ’ল ৷ চুক্তি স্বাক্ষৰিত হোৱাৰ ৪০ বছৰৰ পিছত দিছপুৰত ৰাজ্য চৰকাৰৰ সৈতে অসম চুক্তিৰ স্বাক্ষৰকাৰী আছু নেতৃত্বৰ সৈতে বুধবাৰে অনুষ্ঠিত হ’ল এই বৈঠক ।

লগতে পঢ়ক : বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ ফলাফললৈ ৰূপান্তৰিত কৰাৰ দাবী আছুৰ

২০২৬ক লক্ষ্য কৰি ৬নং দফা ৰূপায়ণৰ ভেঁকো-ভাওনা মুখ্যমন্ত্রীৰ

এপ্ৰিলৰ ভিতৰত ৰূপায়ণ হ'ব ন্যায়ধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ৫২ টা পৰামৰ্শ : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.