ETV Bharat / state

কৃত্ৰিম বান সমস্যাৰ সমাধান হ’বনে ? চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে আছুৱে - AASU PROTEST IN GUWAHATI

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 5:52 PM IST

Artificial Flood in Guwahati : আছুৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ ৰাজপথ ৷ 8 বছৰীয়া কণমানি অবিনাশ সৰকাৰৰ মৃত্যুৰ বাবে চৰকাৰক জগৰীয়া কৰি মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ দাবীৰে আছুৱে কঁপাই তোলে মহানগৰীৰ ৰাজপথ ৷ পঢ়ক বিতং খবৰ...

AASU PROTEST IN GUWAHATI
কৃত্ৰিম বান সমস্যা সমাধানৰ দাবী (ETV Bharat Assam)

গুৱাহাটী, 9 জুলাই: গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ সময়ে সময়ে ছাত্ৰ সংগঠনটোৱে অসমৰ বিভিন্ন সমস্যা সম্পৰ্কে মাত মাতি অহা দেখা গৈছে ৷

বিগত কিছুদিন পূৰ্বে মহানগৰীৰ উন্মুক্ত নলাই অবিনাশ সৰকাৰ নামৰ 8 বছৰীয়া কণমানিটোৰ প্ৰাণ লোৱা কাৰ্যৰ বিৰোধিতাৰে আছুৱে গুৱাহাটীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ উজান বজাৰৰ শ্বহীদ ন্যাসৰ পৰা ওলাই অহা আছুৰ প্ৰতিবাদী সমদলটোৱে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

গুৱাহাটীত আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

লগতে পঢ়ক: চিতাত কণমানি নিথৰ দেহটো : বুকুৱে-বুকুৱে ধুমুহা এজাক বোৱাই অবিনাশ গ’লগৈ - Minor Boy Swept Away in Drain

হাতে হাতে প্লে কাৰ্ড লৈ আছু কৰ্মীসকলে অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, বিজেপি গ’ বেক, অশোক সিংহল হায় হায়, মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব নোৱৰা অসম চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: সাৰে আছেনে চৰকাৰ-প্ৰশাসন ? আৰু কিমানজন অবিনাশক হেৰুৱাব লাগিব ? - DRAINAGE SYSTEM OF GUWAHATI

এই প্ৰতিবাদ সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাৰ নেতাসকলে চৰকাৰৰ ব্যৰ্থতাৰ বাবেই উন্মুক্ত নলাই অবিনাশৰ দৰে এজন শিশুৰ প্ৰাণ ল’লে বুলিও মন্তব্য কৰে ৷ কিন্তু ইয়াৰ পিচতো চৰকাৰৰ গা নলৰা বুলিয়েই কয় প্ৰতিবাদকাৰীসকলে ৷ উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিচত মহানগৰীৰ উন্মুক্ত নলাসমূহত ঢাকনি(শ্লেব) দিয়াৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগিছিল যদিও তেনে কোনো কাৰ্য কৰা পৰিলক্ষিত নহ’ল ৷

লগতে পঢ়ক: মৰণফান্দত পৰিণত মহানগৰীৰ ৰাজপথ : কাৰ ভুলৰ বাবে নলাত উটি গ’ল শিশু ? - Heavy rain in assam

মহানগৰীৰ প্ৰায়বোৰ এলেকাত লক্ষ্য কৰিলে আজিও দেখা পাব বহু উন্মুক্ত নলা ৷ বহু নলাৰ কাম আধৰুৱা অৱস্থাতে আছে ৷ তদুপৰি খৰালিৰ সলনি বাৰিষা ঠিকাদাৰক ধনী কৰিবলৈহে চৰকাৰে নলা নিৰ্মাণৰ দৰে কামবোৰ গ্ৰহণ কৰে বুলি প্ৰতিবাদী আছু নেতৃত্বই ক্ষোভেৰে প্ৰকাশ কৰে ৷ যদিহে কম সময়ৰ ভিতৰত চৰকাৰে এই নলাসমূহ নিৰ্মাণৰ কাম সমাপ্ত নকৰে, তেন্তে শীঘ্ৰে আছুৱে পৰৱৰ্তী পৰ্যায়ত প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিব ৷

লগতে পঢ়ক: অবিনাশৰ বাসগৃহত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা - Minor boy drowns in drain

অবিনাশৰ সন্ধানত নলাই নলাই অভিযান প্ৰশাসনৰ - Minor boy drowns in drain

হৃদয়বিদাৰক ! উঁৱলি যোৱা অৱস্থাত নৰ্দমাত ওলাল অবিনাশৰ মৃতদেহ - Minor boy drowns in drain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.