ETV Bharat / state

অনিয়মীয়া বিদ্যুৎ যোগান: বৰপেটাৰোডত জ্বলিল শক্তি মন্ত্ৰীৰ পুত্তলিকা - AASU protests against APDCL

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 2:29 PM IST

AASU protests against APDCL: বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল বৰপেটাৰোড ছাত্ৰ সন্থা ৷ শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি বৰপেটাৰোড আছুৰ তীব্ৰ প্ৰতিবাদ ৷

aasu-protests-against APDCL in Barpeta Road-burns-effigy-of power -minister-nandita-gorlosa
অনিয়মীয়া বিদ্যুৎ যোগান: বৰপেটাৰোডত জ্বলিল শক্তি মন্ত্ৰীৰ পুত্তলিকা (Etv bharat assam)

বৰপেটাৰোড, 30 মে’: ৰাজ্যত উৎকট গৰম, আনফালে বিদ্যুতৰ সঘন লুকাভাকু ৷ স্মাৰ্ট মিটাৰ সংযোগ কৰি উপযুক্ত সেৱা প্ৰদান কৰিব নোৱাৰা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বৃহস্পতিবাৰে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা ৷ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ কৰি আছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

অনিয়মীয়া বিদ্যুত যোগান আৰু বিদ্যুতৰ অতিৰিক্ত মাচুল বৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰাজ্যজুৰি আছুৱে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচীৰ ৷ বৰপেটাৰোডতো আছুৱে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীৰ ৷ বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাই শক্তি বিভাগৰ প্ৰতিমূৰ্তি দাহ কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । ৰাজ্যৰ শক্তি মন্ত্ৰীক অকৰ্মণ্য আৰু অযোগ্য বুলি উল্লেখ কৰি তেওঁ বিভাগ চলোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ কৰি পদত্যাগৰ দাবী কৰে বৰপেটাৰোড আছুৱে ৷

লগতে, 24 ঘন্টাই বিদ্যুত যোগানৰ গেৰাণ্টী দিয়া বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্ণৱজ্যোতি শৰ্মাই কয়, "উৎকট গৰমৰ মাজতো বিদ্যুতৰ চৰম লুকাভাকুয়ে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত বাধাৰ সৃষ্টি কৰিছে ৷ সেয়ে শক্তি বিভাগ আৰু চৰকাৰক বিদ্যুত যোগান নিয়মিত কৰাৰ বাবে আছুয়ে দাবী উত্থাপন কৰিছে ৷ অন্যথা ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ চৰকাৰৰ বিৰুদ্ধে ৰাজপথত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ।"

ইয়াৰ লগতে, স্মাৰ্ট মিটাৰৰ জৰিয়তে দৰিদ্ৰ লোকসকলৰ বিদ্যুতৰ বিল তিনি চাৰিগুণলৈকে বিদ্যুত বিভাগে আদায় কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাই । চৰকাৰ তথা এপিডিচিএলক বিদ্যুতৰ বিল হ্ৰাস কৰাৰ লগতে নিয়মিত বিদ্যুত যোগান ধৰিবলৈ দাবী জনায় বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাই ।

লগতে পঢ়ক: ক্ষোভিত আছু; ৰৌতাত দাহ শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি - Protest Against APDCL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.