ETV Bharat / state

চৰকাৰে দমন নীতিৰে আন্দোলন বন্ধ কৰিব নোৱাৰে; আছু - গণতান্ত্রিক আন্দোলন

Citizenship Amendment Act: কেন্দ্ৰীয় চৰকাৰে অচিৰেই কা' বলবৎ কৰাৰ সম্ভাৱনা প্ৰকট হোৱাৰ পিছতে ৰাজ্যজুৰি আৰম্ভ তীব্ৰ প্ৰতিক্ৰিয়াৰ । অসম আৰক্ষীয়ে ছাত্ৰ সন্থাৰ সদস্যক জিলাই জিলাই থানালৈ তলব কৰিছে ৷ বিবৃতিযোগে আছুৱে সকীয়নি প্রদান কৰিছে চৰকাৰক ৷

AASU press release regarding Assam government role in imposition of caa
চৰকাৰে দমন নীতিৰে আন্দোলন বন্ধ কৰিব নোৱাৰে; আছু
author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 11:39 AM IST

গুৱাহাটী, ২ মার্চ: নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' ৰ বিধি প্ৰস্তুতৰ বাবে সাজু হৈছে চৰকাৰ ৷ সমান্তৰালভাৱে ‘কা’ বিৰোধী শক্তিক মষিমূৰ কৰিবলৈও সাজু হৈছে ৰাজ্যৰ গৃহ বিভাগ ৷ নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰিবলৈ যো-জা চলোৱাৰ লগে লগে সমগ্র অসম তথা উত্তৰ-পূর্বাঞ্চলত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে । 'কা' কোনো কাৰণতেই অসম, উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে মানি ল’বলৈ বিচৰা নাই ।

ইপিনে, অসমত আছু আৰু 30 জনগোষ্ঠীয় সংগঠনে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে । ইয়াৰ পিছতেই শুকুৰবাৰে জিলাই জিলাই আছু কর্মীসকলক থানালৈ তলব কৰিছে অসম আৰক্ষীয়ে । কোনো কোনো জিলাত ছাত্র সন্থাৰ কৰ্মীৰ ঘৰে ঘৰে আৰক্ষীৰ দল উপস্থিত হৈ সোধপোছ চলাইছে বুলিও জানিবলৈ পৰা গৈছে ।

অসম আৰক্ষীৰ এনে আচৰণক অগণতান্ত্রিক আখ্যা দি চৰকাৰক সকীয়নি প্রদান কৰিছে আছুৱে । ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সন্দর্ভত এক বিবৃতিযোগে কয়, "অসমৰ জনতাই কা' নামানে । ছাত্র সন্থায়ো কা' নামানো । কা'ৰ নিয়মাৱলী বলৱৎ কৰি অবৈধ বিদেশীৰ বোজা জাপি দিব বিচাৰিলে আন্দোলন হ'বই । চৰকাৰে দমন নীতিৰে আন্দোলন বন্ধ কৰিব নোৱাৰে । ছাত্র সন্থাৰ কৰ্মীৰ ঘৰলৈ আৰক্ষী পঠিওৱা, থানালৈ তলব কৰি আন্দোলন নকৰিবলৈ হেঁচা প্রয়োগ কৰা আদি ঘটনাই চৰকাৰখনৰ স্বৈৰাচাৰী মানসিকতাক পুনৰ উদঙাই দিছে । এনে ভয়-ভাবুকিয়ে ছাত্র সন্থাৰ সংগ্রামী সত্তাত আঁচোৰ পেলাব নোৱাৰে । বৰঞ্চ দুগুণ দৃঢ়তাৰে ছাত্ৰ সন্থাই 'কা'ৰ বিৰুদ্ধে অহিংস, শান্তিপূর্ণ, গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব । চৰকাৰে গণতান্ত্রিক আন্দোলন দমন কৰিবলৈ আৰক্ষীৰ অপপ্রয়োগ কৰা বন্ধ কৰক । কা'ৰ বিৰুদ্ধে আন্দোলন চলিছিল, চলি থাকিব ।"

লগতে পঢ়ক: CAA ৰ বিৰোধিতাৰে পুনৰ আছুৰ সংগ্ৰামৰ পোষকতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.