ETV Bharat / state

অসমীয়া ভাষা চিৰকাল ৰাজ্যভাষা হৈ থাকিব নে: আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰশ্ন - ASSAMESE LANGUAGE CLASSICAL STATUS

অসমীয়া ভাষাটোৰ সুৰক্ষিত ভৱিষ্যতক লৈ কিছু পৰিমাণে উদ্বিগ্ন আছু । অসমত অসমীয়া ভাষাটো চিৰকালৰ বাবে ৰাজ্যভাষা হৈ থাকিব নে নাথাকিব বুলি প্ৰশ্ন আছুৰ সভাপতিৰ ।

Narendra Nath Mahanta Drama Competition
নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণীএকাঙ্কিকা নাট প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 6:30 PM IST

কলিয়াবৰ: কলিয়াবৰত শ্বহীদৰ স্মৃতিত ৮৬০ গছি বন্তি প্ৰজ্জ্বলনেৰে সুঁৱৰিলে অসমৰ অস্তিত্ব, ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদক । শনিবাৰে সন্ধ‍িয়া অসমৰ শ্বহীদসকলৰ সোঁৱৰণীত ৮৬০ গছি বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীত মুখ‍্য প্ৰজ্জ্বলক ৰূপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা । বন্তি প্ৰজ্জ্বলন কৰি সভাপতিগৰাকীয়ে অসমীয়াক ৰাজ্যভাষা হিচাপে বলৱৎ কৰাৰ লগতে বড়োকে ধৰি অনান্য জনগোষ্ঠীয় ভাষাসমূহৰ সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত চৰকাৰে মুখ্য পৃষ্ঠপোষকৰ দায়িত্ব ল'ব লাগে বুলি মন্তব্য় কৰে ।

অসমীয়া ভাষা চিৰকাল ৰাজ্যভাষা হৈ থাকিব নে ?

এই সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, যিটো জাতিটোৰ বাবে ইতিবাচক বতৰা । আমি অত্যন্ত সুখী । একে সময়তে আমি কিন্তু অসমীয়া ভাষাটোৰ সুৰক্ষিত ভৱিষ্যতক লৈ কিছু পৰিমাণে উদ্বিগ্ন । উদ্বিগ্নতাৰ কাৰণ এইটোৱে যে অসমত অসমীয়া ভাষাটো চিৰকালৰ বাবে ৰাজ্যভাষা হৈ থাকিব নে নাথাকিব । বৰ্তমান যিখন ৰাজ্যভাষা আইন আছে বা-বাতৰি প্ৰকাশ হয় যেতিয়া ৰাজ্য ভাষা আইনৰ বিধিয়েই প্ৰস্তুত কৰা নাই বুলি ।"

নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণীএকাঙ্কিকা নাট প্ৰতিযোগিতা (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "ৰাজ্যভাষা আইনখনক সাংবিধানিক সুৰক্ষাৰো প্ৰয়োজন, ছাত্ৰ সন্থাই সেই দাবীটো উত্থাপন কৰিছো । কাৰণ ভাৰতবৰ্ষৰ সংবিধানৰ ৩৪৭ অনুচ্ছেদত স্পষ্টভাৱে লিখা আছে যে ৰাজ্য এখনৰ একোটা বৃহৎ জনসমষ্টিয়ে যদি বিচাৰে যে তেওঁলোকে কোৱা ভাষাটো তেওঁলোকৰ ৰাজ্যভাষা হ'ব লাগে । সেই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন কৰিলে ৰাষ্ট্ৰপতিয়ে সেই ভাষাটো ৰাজ্যভাষা হিচাপে ঘোষণা কৰাৰ নিৰ্দেশনা দিব পাৰে । অসমৰ জনগাঁথনিৰ যি ব্যাপক পৰিৱৰ্তন হৈছে, অসম আন্দোলনৰ সময়ৰ পৰা অসমৰ মানুহে খাই থকা ভয়টো এতিয়া সঁচা পৰিণত হৈছে ।"

আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "অসমত অসমীয়া খিলঞ্জীয়া মানুহ আৰু অসমীয়া ভাষা কোৱা মানুহ লাহে-লাহে সংখ্যলঘুত পৰিণত হ'বলৈ গৈ আছে । অসমত অসমীয়া মানুহ সংখ্যালঘুত পৰিণত হ'লেও যাতে ৰাজ্যভাষা অনাদি-অনন্তকালৰ বাবে অসমীয়া হৈ থাকে । বৰ্তমান অসমত যিখন ৰাজ্যভাষা আইন আছে, সমগ্ৰ অসমত অসমীয়া ভাষা, বৰাক উপত্যকাত বঙালী ভাষা আৰু অসমীয়া ভাষা, বিটিআৰত বড়ো ভাষা আৰু অসমীয়া ভাষা, এই ধাৰাৰে যিখন ৰাজ্যভাষা আইন আছে, 'অফিচিয়েল লেংগুৱেজ এক্ট' আছে সেইখন যাতে সাংবিধানিক সুৰক্ষা প্ৰদান কৰা হয়, তাক যাতে সংবিধানৰ অনুচ্ছেদ ৩৭১(খ)ৰ অধীনত সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰা হয় । তাৰ বাবে ছাত্ৰ সন্থাই দাবী জনাইছো । অসম চুক্তিৰ ৬নং দফা সমিতিৰো অন্যতম দাবী । "

অসমীয়া ভাষাৰ উত্তৰণৰ বাবে ছাত্ৰ সন্থাই লোৱা ভূমিকাৰ বিষয়ে সভাপতিগৰাকীয়ে কয়, "অসমীয়া ভাষাৰ উত্তৰণৰ বাবে আন আন জনগোষ্ঠীয় ভাষাসমূহৰ উত্তৰণৰ কাৰণে, প্ৰচাৰ-প্ৰসাৰৰ বাবে ছাত্ৰ সন্থাই সদায় ভূমিকা লৈ আহিছো আৰু সেই ভূমিকা অনাগত দিনতো থাকিব । প্ৰয়োজন আছে চৰকাৰী পৃষ্ঠপোষকতাত । অসমীয়া, বড়োকে ধৰি যিসমূহ ভাষা অষ্টম অনুসূচীৰ জৰিয়তে স্বীকৃত ভাষা সেই ভাষা দুটাৰ বাবে যিখিনি কৰিবলগীয়া আছে, চৰকাৰে কৰক । তাৰ সমান্তৰালভাৱে আন যিসমূহ ভাষাই প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়লৈকে স্বীকৃতি পাইছে, সেই ভাষা-ভাষী ছাত্ৰ-ছাত্ৰীসকলে সেই ভাষাৰ মাধ্যমত পঢ়াৰ সুযোগ পাই, তাৰ কাৰণে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিব লাগে ।"

তেওঁ পুনৰ কয়, "শিক্ষকৰ পদসমূহ খালী হৈ থাকিলে কেতিয়াবা পূৰণ নকৰাৰ বা-বাতৰিত প্ৰকাশ পায় । সেই পৰিৱেশটো হ'ব নালাগে । অসমখন হৈছে বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকৰ মিলনভূমি । গতিকে, সকলো ভাষা-ভাষী লোকৰ নিজৰ আইৰ মুখৰ ভাষাটো শিক্ষাৰ অধিকাৰ আছে, প্ৰচাৰ-প্ৰসাৰ,সংৰক্ষণৰ বাবে কাম কৰাৰ অধিকাৰ আছে । সেয়ে অসমীয়া আৰু বড়ো ভাষাৰ লগতে আন-আন জনগোষ্ঠীয় ভাষাৰ সংবৰ্দ্ধন, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"

শনিবাৰে পুৱা শ্বহীদ দিৱস উপলক্ষে পতাকা উত্তোলন কৰে নগাঁও জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰাই । শ্বহীদ তৰ্পণ অনুষ্ঠানৰ শুভাৰম্ভণি কৰে শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ পত্নী তুলসী মহন্তই । সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ পাছতেই অনুষ্ঠিত স্মৃতিচাৰণ আৰু সম্বৰ্দ্ধনা সভাত অসম আন্দোলনৰ দুগৰাকী সংগ্ৰামী ব্যক্তি ভূপেন বৰদলৈ আৰু চাৰু বৈৰাগীক কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই সম্বৰ্দ্ধনা জনায় ।

আনহাতে, শুকুৰবাৰে নিশা শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰত একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত হয় । শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত ৩৬ সংখ্যক সদৌ অসম নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ১৩ টাকৈ নাট্যদলে শুকুৰবাৰে নিশা নাট প্ৰদৰ্শন কৰে ।

নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতা

এইবৰ্ষৰ ঘোষিত প্ৰতিযোগিতাৰ ফলাফল অনুসৰি শ্ৰেষ্ঠ দল ৰূপে নিৰ্বাচিত হয় জেংৰাই অসম, মঙলদৈ । প্ৰতিযোগিতাৰ সামগ্ৰিক ফলাফল এনেধৰণৰ–

শ্ৰেষ্ঠ নাট‍্যদল- জেংৰাই অসম, মঙলদৈ, নাটক: চন পৰা বৃন্দাবন ।

দ্বিতীয় শ্ৰেষ্ঠ দল- অভিলাষ প্ৰকাশন, বোকাখাট, নাটক: অন্য এক যমুনা

তৃতীয় শ্ৰেষ্ঠ দল- ভাস থিয়েটাৰ, পুৰণিগুদাম, নাটক: সাউদৰ নাও ভটিয়াই যা

শ্ৰেষ্ঠ অভিনেতা- সৌমাৰজ্যোতি বাৰা, নাটক: আধা অঁকা ছবি (অভিমুখ, ননৈ)

দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা- মানস বৰা, নাটক: নিমতলৰ দধীচি (সাঁকো নাট্যগোষ্ঠী, জামুগুৰিহাট)

শ্ৰেষ্ঠা অভিনেত্ৰী- যুতৃষ্ণা গোহাঁই, নাটক : আধা অঁকা ছবি, (অভিমুখ, ননৈ)

২য় শ্ৰেষ্ঠা অভিনেত্ৰী- অন্তৰা হাজৰীকা, নাটক: নুফুলা ৰাতিৰ গীত (কুশীলৱ সাংস্কৃতিক গোষ্ঠী, গোলাঘাট)

শিশু শাখাৰ শ্ৰেষ্ঠ: কাব্যশ্ৰী হাজৰিকা, নাটক: পুষ্পিতা (ঠেউকী,কলিয়াবৰ)

শ্ৰেষ্ঠ পৰিচালক- অঞ্জল বৰা, নাটক: সাউদৰ নাও ভটিয়াই যা

দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক- তৰুণ তীৰ্থ শইকীয়া, নাটক: অন্য এক যমুনা

শ্ৰেষ্ঠ নাট‍্যকাৰ- ৰূপজ্যোতি মহন্ত, নাটক: প্ৰতিমা

নাট প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট অভিনেতা তথা পৰিচালক সমুদ্ৰ বৰদলৈয়ে ।

লগতে পঢ়ক:সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীক 'সুধাকণ্ঠ ভূপেন হাজৰিকা সংহতি বঁটা' প্ৰদান

সদৌ অসম ছাত্ৰ সন্থাত পদত্যাগৰ ধুমুহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.