ETV Bharat / state

ধৰ্ষণ-হত্যা আদি ৰাজনীতিৰ বিষয় নহয়, এয়া সামূহিক ব্যৰ্থতা : উৎপল শৰ্মা - AASU President Utpal Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 9:48 PM IST

Utpal Sarma on Kolkata incident : পশ্চিমবংগৰ জঘন্য, শিহৰণকাৰী ঘটনাটো সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আছুৰ সভাপতিয়ে ৷ এনেধৰণৰ ঘটনাসমূহ চৰকাৰৰ বিষয় নহয় বুলি উল্লেখ কৰি উৎপল শৰ্মাই কয় যে এয়া আমাৰ সামূহিক ব্যৰ্থতা ৷ শৈক্ষিক ব্যৱস্থাত এক পৰিৱৰ্তন আনি যৌনশিক্ষাত অধিক গুৰুত্ব প্ৰদানৰ পোষকতা কৰে ছাত্ৰনেতাগৰাকীয়ে ৷

Utpal Sarma on Kolkata incident
আছুৰ সভাপতি উৎপল শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১৭ আগষ্ট : শেহতীয়া কেবাটাও চৰ্চিত বিষয়ত মন্তব্য প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ৷ ছাত্ৰনেতাগৰাকী সৰৱ হৈ পৰে ৰাজ্যৰ ২৫ টাকৈ স্থানত আলফা(স্বা)ই বোমা সংস্থাপন কৰা বিষয়টোৰ লগতে কলকাতাৰ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ লগতে শেহতীয়াকৈ ৰাজ্যবাসীক জলা-কলা খুওৱা স্মাৰ্ট মিটাৰৰ সন্দৰ্ভত ৷

ধৰ্ষণ-হত্যাৰ দৰে বিষয়সমূহ ৰাজনীতিৰ বিষয় নহয় : উৎপল শৰ্মা

কলকাতাৰ ধৰ্ষণ-হত্যা ঘটনাৰ সন্দৰ্ভত আছুৰ সভাপতিয়ে কয়, ‘‘ পশ্চিমবংগৰ ঘটনাটোৱে পুনৰ আমাৰ চকু মুকলি কৰিছে ৷ এক জঘন্য ঘটনাৰ বাবে দেশব্যাপী প্ৰতিবাদ হৈছে ৷ প্ৰতিবছৰে হাজাৰ হাজাৰ ধৰ্ষণৰ গোচৰ ৰুজু হয় ৷ ইয়াৰ কিছু ঘটনাৰ বাবে আমি ৰাজপথলৈ নামো, প্ৰতিবাদ সাব্যস্ত কৰো ৷ সঁচা অৰ্থত আমি প্ৰতিবাদহে কৰি আছো, প্ৰতিৰোধ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই ৷ ব্যাপক সংস্কাৰৰ প্ৰয়োজন আছে, আইন ব্যৱস্থাত সংস্কাৰৰ প্ৰয়োজন আছে, মানসিকতা সলনি কৰাৰ প্ৰয়োজন আছে ৷ সমগ্ৰ শৈক্ষিক ব্যৱস্থাটোত সৰুৰে পৰা যাতে জাগৰণ আনিব পাৰি, তাৰ বাবে চিন্তা কৰিব লাগিব ৷ ধৰ্ষণ-হত্যাৰ দৰে বিষয়সমূহ ৰাজনীতিৰ বিষয় নহয় ৷’’

আমাৰ সকলোৰে সামূহিক ব্যৰ্থতা :

পশ্চিমবংগৰ জঘণ্য ঘটনাৰ আঁতধৰি উৎপল শৰ্মাই কয়, ‘‘ ছাত্ৰ-ছাত্ৰীসকলক কৈশোৰ অৱস্থাৰ পৰাই এই বিষয়সমূহত সচেতন কৰিব লাগিব ৷ যৌনশিক্ষা যাতে অধিকভাৱে ছাত্ৰী-ছাত্ৰীৰ মাজলৈ লৈ যাব পৰা যায়, তাৰ ওপৰত গুৰুত্ব দিব লাগিব ৷ ৱেব ছিৰিজ বা অন্যান্য কনটেণ্টত দেখা যায় যে মহিলাৰ নামত দিয়া গালিবোৰ যেন কৌতুকলৈ পৰিণত হৈছে ৷ সকলোৱে সেইবোৰ চাই যেন আমোদ পায় ৷ এই সৰু সৰু ঘটনাবোৰে মহিলাৰ প্ৰতি অনাদৰ সৃষ্টি কৰাত কিমান ব্যাপক অৰিহণা থাকিব পাৰে সেয়া উপলব্ধি কৰিব পাৰিব লাগিব ৷ সেই কনটেণ্টবোৰ চেন্সৰৰ ক্ষেত্ৰত মন দিব লাগিব ৷ স্বাধীনতাৰ ৭৮ বছৰৰ পিছতো যদি আমাৰ জীয়াৰী-বোৱাৰীক দেশখনত সুৰক্ষিত অনুভৱ কৰোৱাব পৰা নাই, তেন্তে এয়া আমাৰ সকলোৰে সামূহিক ব্যৰ্থতা ৷’’

কোনো মানুহ চৰকাৰৰ ৰাজনৈতিক গোলাম হোৱা নাই : আছুৰ সভাপতি

বিজেপি নেতৃত্বাধীন চৰকাৰৰ উন্নয়নৰ প্ৰসংগত আছুৰ সভাপতি উৎপল শৰ্মাই কয়, ‘‘ চৰকাৰখনে কচমেটিক পৰিৱৰ্তন কৰিছে ৷ বাহ্যিক সাজসজ্জাৰ পৰিৱৰ্তনহে আমি দেখি আছোঁ ৷ ২৫ টাকৈ স্থানত যদি বোমা সংস্থাপন কৰিব পৰা পৰিৱেশৰ সৃষ্টি হৈছে, বিজুলীৰ মাচুল দিব নোৱাৰি যদি ঘৰৰ ৰেচনত বঢ়া-টুটা কৰিবলগীয়া হৈছে, ল’ৰা-ছোৱালীয়ে বাহিৰলৈ ওলাবৰ বাবে যদি সংশয় অনুভৱ কৰিবলগীয়া হৈছে, মূল্যবৃদ্ধিৰ বাবে দুবেলা-দুসাঁজ খাবলৈ যদি আহুকালৰ সৃষ্টি হৈছে, ছাত্ৰ-ছাত্ৰীয়ে যদি পৰীক্ষা দি ভালদৰে ফলাফল পামনে নাপাম চিন্তা কৰিবলগীয়া হৈছে, তেন্তে চৰকাৰখন কোনটো দিশত সফল হৈছে ? কেৱল আঁচনি দি, মাহে ১২৫০ টকাকৈ দি চৰকাৰখনে মানুহক কিনি লৈছো বুলি যদি ভাবিছে, ভুল ভাবিছে ৷ কোনো মানুহ চৰকাৰৰ ৰাজনৈতিক গোলাম হৈ যোৱা নাই ৷ চৰকাৰখন যে ৰাইজৰ ৰোষৰ সন্মুখীন হ’ব লাগিব সেয়া খাটাং ৷ হিমন্ত বিশ্ব শৰ্মা তাৰ বাবে সাজু হৈ থাকক ৷’’

লজ্জাবোধ স্বীকাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে : উৎপল শৰ্মা

আলফা(স্বা)ই ২৫ টাকৈ বোমা সংস্থাপন কৰাৰ প্ৰসংগত উৎপল শৰ্মাই কয়, ‘‘ চৰকাৰখন অত্যন্ত পয়ালগা অৱস্থাত চলি আছে ৷ ২৫ টাকৈ বোমা সংস্থাপন কৰিছো বুলি যেতিয়া এটা সংগঠনে ঘোষণা কৰিব পৰা হৈছে, তাৰ পিছত গৃহ বিভাগটো কিমান ফোপোলাকৈ চলি আছে তাৰ কোনো বেলেগ ব্যাখ্যা নালাগে ৷ গৃহমন্ত্ৰীৰ দায়িত্বত থকা স্বয়ং মুখ্যমন্ত্ৰীয়ে অনুনয়-বিনয় কৰিছে কিজানি বিনিয়োগকাৰী নাহে ! স্মাৰ্ট আৰক্ষীয়ে কি কৰি আছে, সেই কথাটো আমি জানিব বিচাৰিছো ৷ আৰক্ষীক সশক্তিকৰণৰ কথা কৈ থাকে, এয়াই নেকি সশক্তিকৰণ ? ২৫ টাকৈ ৰাজহুৱা স্থানত বোমা সংস্থাপন কৰাৰ পিছত আইন-শৃংখলাৰ ওপৰত কাৰোবাৰ ভৰসা থাকিব নেকি ? গৃহমন্ত্ৰী হিচাবে ড৹ হিমন্ত বিশ্ব শৰ্মা ১০০ শতাংশ ব্যৰ্থ হৈছে, এই ব্যৰ্থতাৰ দায়িত্ব তেওঁ স্বীকাৰ কৰিব লাগে ৷ তেওঁকতো কোনেও খেদি দিব নোৱাৰে, তেওঁ নিজেই নৈতিক দায়িত্ব স্বীকাৰ কৰি গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিব লাগে ৷ লজ্জাবোধ স্বীকাৰ কৰি পদত্যাগ কৰিবৰ বাবে আমি দাবী জনাইছো ৷’’

সাধাৰণ জনতাৰ বাবে আতিশয্যৰ অন্য এটা নাম স্মাৰ্ট মিটাৰ :

উৎপল শৰ্মাই কয়, ‘‘ যোৱা ৫ বছৰত বস্তুৰ দাম ৮০-১০০ শতাংশ বৃদ্ধি পাইছে ৷ সমান্তৰালকৈ ৰন্ধনজাত সামগ্ৰীৰ দামবৃদ্ধি, ইন্ধনজাত সামগ্ৰীৰ দামবৃদ্ধি, টোলগেটত টেটুচেপা হৈছে ৷ এতিয়া ভূতৰ ওপত দানহ পৰাদি স্মাৰ্ট মিটাৰৰ নামত অবাধে মানুহৰ পকেটৰ টকা ৰাজকোষলৈ লৈ যোৱা হৈছে ৷ এই কথা কোনো কাৰণত সহ্য কৰিব নোৱাৰি ৷ ইয়াৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত প্ৰতিবাদ সাব্যস্ত কৰিছো ৷ ৰাইজ অত্যন্ত ক্ষোভত আছে ৷ চৰকাৰে সেই কথা উপলব্ধি কৰাটো ভাল ৷ এইদৰে ৰাইজৰ টকা শোষণ কৰিবৰ বাবে যদি নতুন নতুন পদ্ধতি উলিয়াই থাকে, ৰাইজৰ ৰোষৰ সন্মুখীন যে চৰকাৰ হ’ব লাগিব সেই কথা খাটাং ৷’’

লগতে পঢ়ক : কলকাতাত চিকিৎসক ধৰ্ষণ-হত্যা : অপৰাধত জড়িত কেইবাজনো ইন্টাৰ্ণ, চিকিৎসকৰ নাম CBI ক জনায় অভিভাৱকে

আৰ জি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ড; প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক সোধা-পোছা চি বি আইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.