ETV Bharat / state

হাজাৰ হাজাৰ আছু কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় - Oil India Limited

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 4:29 PM IST

Protest in Duliajan : অইল ইণ্ডিয়া কৰ্তৃপক্ষই থলুৱা বিৰোধী ভূমিকা গ্ৰহণ কৰাৰ অভিযোগত চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ অইলৰ বিৰুদ্ধে পহিলা জুলাইৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ৷

AASU PROTEST AGAINST OIL INDIA
অইল ইণ্ডিয়াৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 24 জুন : শেহতীয়াকৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ কিছু কাম-কাজ তথা সিদ্ধান্তক লৈ ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে ৷ সোমবাৰৰ দিনটোত হাজাৰ হাজাৰ আছু কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল দুলীয়াজানস্থিত অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ৷ দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰিব বিচৰা, অইলৰ CMD ৰঞ্জিত ৰথৰ থলুৱা বিৰোধী ভূমিকা, অইল ইণ্ডিয়াৰ খনন কাৰ্য চলি থকা স্থানসমূহৰ উন্নয়নত গুৰুত্ব প্ৰদান নকৰাত আছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদত উত্তাল হ'ল অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় (ETV BHARAT ASSAM)

উজনিৰ অইল ইণ্ডিয়া লিমিটেড অধ্যুষিত জিলা হিচাপে পৰিচিত চৰাইদেউ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা‌ ছাত্ৰ সন্থাই উদ্যোগ লোৱা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত হাজাৰ হাজাৰ আছু কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে কেন্দ্ৰীয় সমিতিৰ কেবাজনো নেতাই অংশগ্ৰহণ কৰে ৷ অইল ইণ্ডিয়া লিমটেডৰ দুলীয়াজানস্থিত মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত বহু সময় ধৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাচতে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে অইলৰ CMD গৰাকীক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে অইল ইণ্ডিয়াই লোৱা অসম বিৰোধী সিদ্ধান্ত মানি লোৱা নহ'ব বুলি কয় ছাত্ৰ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক : ৪৮ ঘন্টাৰ বাবে অ’ এন জি চিৰ উৎপাদন বন্ধৰ আহ্বান 15 টা সংগঠনৰ - Protest Against ONGC

এই কাৰ্যসূচীৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ দাবী সমূহ মানি নল'লে পহিলা জুলাইত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়-তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহযোগত চৰাইদেউ জিলাত চলি থকা অইলৰ সকলো কাম-কাজ বন্ধ কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে আছু নেতাজনে ৷ ইয়াৰ পিচতে দ্বিতীয় সপ্তাহত তিনিচুকীয়া আৰু তৃতীয় সপ্তাহত ডিব্ৰুগড় জিলাৰ অইল ইণ্ডিয়াৰ কাম-কাজ বন্ধ কৰাৰ বাবে কাৰ্যসূচী ঘোষণা কৰে আছুৱে ৷

লগতে পঢ়ক : প্ৰৱেশ পত্ৰ দিয়াৰ পাচতো অইলৰ কাৰিকৰী পদৰ পৰীক্ষা বাতিল কৰাক লৈ দল-সংগঠনৰ ক্ষোভ - OIL INDIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.