ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি ক্ৰয়ৰ তদন্তৰ দাবী আছুৰ - Assam CM wife Land Controversy - ASSAM CM WIFE LAND CONTROVERSY

AASU demand land scam probe : মাজুলীৰ ভূমি বহিৰাগতই কিনা-বেচা কৰাকলৈ সৰৱ আছু । নৱেম্বৰলৈ যাতে কোনো বাহিৰৰ লোকে মাজুলী ভূমি কিনিব নোৱাৰে তাৰ বাবে সতৰ্ক হ'বলৈ আহ্বান ।

AASU demand land scam probe
মাজুলী জিলা আছুৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 12:44 PM IST

মাজুলী, ২ ছেপ্টেম্বৰ : অসম বিধানসভাত গৃহীত হ’ল অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ বিধেয়ক । এই বিধেয়কখনৰ অধীনত বৰপেটা, বৰদোৱা 'হেৰিটেজ বেল্ট' ৰূপে ঘোষিত হ’ল । সত্ৰ নগৰী মাজুলীকো এই বিধেয়কৰ আওতাত অনাৰ কথা আছিল যদিও শেষ সময়ত সেয়া হৈ নুঠিল । সত্ৰ নগৰী মাজুলী এই বিধেয়কৰ আওতালৈ নহাত মাজুলীৰ ৰাইজৰ লগতে জিলা আছু জাঙুৰ খাই উঠিছে ।

মাজুলী জিলা আছুৰ সংবাদমেল (ETV Bharat Assam)

মাজুলীৰ ভূমি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ক্ৰয় কৰা বুলি সামাজিক মাধ্যমত সৰৱ চৰ্চা চলি থকাৰ সময়ত মাজুলী জিলা আছুৰ উপদেষ্টা সূৰ্য কুমাৰ ভূঞাই কয়, "যদি মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাজুলীত ভূমি ক্ৰয় কৰিছে, তেন্তে অসম চৰকাৰ তথা বিভাগে ইয়াৰ তদন্ত কৰক । কোনো কাৰণত যাতে ভূমিপট্টা লাভ নকৰে তাৰ ব্যৱস্থা কৰক । কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈছে যে মাজুলীত বাস কৰা তিনি প্ৰজন্ম নহ'লে মাটি ক্ৰয় কৰিব নোৱাৰে । বাহিৰৰ কোনো লোকে মাজুলীৰ ভূমি কিনিব নোৱাৰিব । যদি মুখ্যমন্ত্ৰী পত্নীয়ে মাজুলীত ভূমি ক্ৰয় কৰিছে ইয়াৰ তদন্ত হ'ব লাগে ।"

মাজুলী জিলা আছুৰ উপদেষ্টা সূৰ্য কুমাৰ ভূঞাই দেওবাৰে এই সম্পৰ্কে সংবাদমেল সম্বোধন কৰি কয়, "মাজুলীৰ ভূমিৰ অধিকাৰ মাজুলীৰ খিলঞ্জীয়া লোকৰ হাততেই থাকিব লাগিব । চৰকাৰে অতি সোনকালে এই বিধেয়কৰ আওতাত মাজুলীক আনক তাৰ বাবে দাবী জনায় ।"

মাজুলী জিলা ছাত্র সন্থাৰ নেতাগৰাকীয়ে মাজুলীৰ ৰাইজলৈ আহ্বান জনাই পুনৰ কয়, "নৱেম্বৰৰ ভিতৰত মাজুলীও এই বিধেয়কৰ আওতাত আহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে ৷ গতিকে এই নৱেম্বৰলৈ যাতে কোনো বাহিৰৰ লোকে মাজুলী ভূমি কিনিব নোৱাৰে তাৰ বাবে চকু ৰাখক ।" চৰকাৰে কেৱল মাজুলীৰ ভূমিপুত্ৰ সকলৰ হাতত মাজুলীৰ ভূমিৰ অধিকাৰ থাকে তাৰ ব্যৱস্থা গ্ৰহণ আহ্বান জনায় ।

লগতে পঢ়ক:কংগ্ৰেছে মাজুলীত মিঞা বহুৱাব খুজিছে: ৰিণিকি ভূঞাৰ পূৰ্বপুৰুষ মাজুলীৰ গতিকে মাটি কিনিব পাৰে- বিধায়ক গাম - Protest in Majuli

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বৃহৎ মাটি ক্ৰয়ৰ ধনৰ উৎস কি ? প্ৰশ্ন ৰাইজৰ দলৰ - Land Law Amendment Bill

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.