ETV Bharat / state

ৰঙাপৰাত পথ দুৰ্ঘটনাত নিহতৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ধৰ্ণা আছা-আটছাৰ

Road accident in Rangapara: শোণিতপুৰ জিলাৰ ৰঙাপৰা নগাপথাৰত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে মৃত্যুক সাৱটি লৈছিল এজন যুৱকে । দুৰ্ঘটনাত নিহত আজাদ মুণ্ডাৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত আজি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ।

Protest in Rangapara
ৰঙাপৰাত পথ দুৰ্ঘটনাৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 2:23 PM IST

ৰঙাপৰাত পথ দুৰ্ঘটনাৰ প্ৰতিবাদ

ৰঙাপৰা, ৫ মাৰ্চ: ৰঙাপৰাত পথ দুৰ্ঘটনাত মৃত্যু হোৱা আজাদ মুণ্ডাৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত আজি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপয়াণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা ,অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ লগতে অসম চাহ মজদুৰ সংঘই ।

এই তিনিওটা সংগঠনে পুৱাৰে পৰা নগাপথাৰত ৰঙাপৰা-তেজপুৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পথচোৱা অৱৰোধ কৰি বিভিন্ন শ্লগানেৰে পৰিৱশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে পথৰ ওপৰত বাঁহ বান্ধি অৱৰোধ কৰাৰ ফলত পথচোৱাত যান-বাহন চলাচল ব্যাঘাত জন্মে । প্ৰতিবাদকাৰীসকলে ৰঙাপৰা-তেজপুৰৰ মাজত চলি থকা পুৰণি বাছসমূহ চলাচল কৰাৰ দাবী উত্থাপন কৰে । ইফালে, প্ৰতিবাদীস্থলীত চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া ড৹ ক্ষীৰোদ কমল হাজৰিকা আৰু ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া তিলক চন্দ্ৰ তেৰং উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

প্ৰতিবাদকাৰীসকলে 'বাছ সন্থা মুদাৰ্বাদ', 'দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী চালকজনক উচিত শাস্তি প্ৰদান কৰক', 'যাত্ৰীবাহী চলাচল বন্ধ কৰক',' আমাক ন্যায় লাগে', 'ম্যাদ উকলি যোৱা বাছ চলাচল বন্ধ কৰক', 'মদাহী চালক সকলক গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন শ্লগানেৰে ৰঙাপৰাৰ নগাপথাৰৰ আকাশ-বতাহ মুখৰিত হৈ পৰিল । দুৰ্ঘটনাত মুত্যু সাৱটি লোৱা আজাদ মুণ্ডাৰ ন্যায় আৰু পৰিয়ালটোক উপযুক্ত ক্ষতি পূৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা,অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ লগতে অসম চাহ মজদুৰ সংঘই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখ্য যে যোৱা ৩ মাৰ্চত ৰঙাপৰা নগাপথাৰত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল । এই দুৰ্ঘটনাত আজাদ মুণ্ডা নামৰ এজন যুৱকৰ থিতাতে মৃত্যু ঘটে । যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে । ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিচাৰ ২ নং শ্ৰমিক লাইনৰ আজাদ মানকি মুণ্ডাই বজাৰ কৰি চাইকেল চলাই গৈ থকা অৱস্থাত এ এছ ১২ ই ৪৬০০ নম্বৰৰ যাত্ৰীবাহী বাছখনৰ খুন্দাত থিতাতে মৃত্যুক সাৱটি লৈছিল ।

লগতে পঢ়ক:দুৰ্ঘটনাত পতিত হৈ চাবুৱা, ৰঙাপৰাত পথচাৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.