ETV Bharat / state

কাজিৰঙাত উন্নয়নো লাগিব, আদিবাসীক ভূমি পট্টাও দিব লাগিব : 'আপ'ৰ দাবী - Five star hotel issue - FIVE STAR HOTEL ISSUE

Hatikhuli tea garden violence: কাজিৰঙাৰ উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণৰ দাবী আপৰ । পঞ্চতাৰকা হোটেল নিৰ্মাণৰ নামত উচ্ছেদ কৰা হৈছিল আদিবাসী চাহ জনগোষ্ঠীৰ লোকক । আটছা কৰ্মীৰ ওপৰত চলোৱা আৰক্ষীৰ নিৰ্যাতনৰ তদন্তৰ দাবী জনাইছে আপে ।

Hatikhuli tea garden violence
চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা প্ৰদানৰ দাবী মনোজ ধানোৱাৰৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 9:11 PM IST

গুৱাহাটী, 8 আগষ্ট: ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ সিদ্ধান্তৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পাচতো বিষয়টোক লৈ বিতৰ্কৰ অৱসান হোৱা নাই । বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন হাতীখুলি চাহ বাগিচাত উপস্থিত হৈ বিলাসী হোটেল নিৰ্মাণৰ উদ্দেশ্যে উচ্ছেদিত আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়ালসমূহৰ দুৰ্গতিৰ বুজ লয় আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা মনোজ ধানোৱাৰ আৰু ৰাজীৱ শইকীয়াই ।

চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা প্ৰদানৰ দাবী মনোজ ধানোৱাৰৰ (ETV Bharat Assam)

হাতীখুলি বাগিচাৰ স্থানীয় বাসিন্দাসকলৰ সৈতে মত-বিনিময় কৰাৰ পাচত বোকাখাতত এখন সংবাদমেল সম্বোধন কৰে আপৰ নেতা মনোজ ধানোৱাৰ আৰু ৰাজীৱ শইকীয়াই । সংবাদমেলত যুগ যুগ ধৰি হাতীখুলিত বসবাস কৰা থলুৱা লোকক উচ্ছেদৰ বিৰুদ্ধে সৰৱ হয় ধানোৱাৰ । পঞ্চতাৰকা হোটেল নিৰ্মাণৰ নামত আদিবাসী ভূমিপুত্ৰক উচ্ছেদৰ বিৰোধিতা কৰাৰ লগতে ইতিমধ্যে উচ্ছেদ কৰা পৰিয়াল সমূহক পৰ্যাপ্ত ক্ষতিপূৰণ দিবলৈ তেওঁ দাবী জনায় ।

তদুপৰি কেইদিনমান পূৰ্বে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা আটছা কৰ্মীসকলৰ ওপৰত চলোৱা আৰক্ষীৰ আতিশয্যৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেতাগৰাকী । তেওঁ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্যাতন চলোৱা ঘটনাৰ উচিত তদন্তৰ লগতে দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবী জনায় ।

আনহাতে ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলত বসবাস কৰা 10 লক্ষাধিক স্থায়ী শ্ৰমিক তথা আদিবাসী চাহ জনগোষ্ঠীৰ অস্থায়ী শ্ৰমিক সকলকো মাটিৰ পট্টা দিবলৈও দাবী উত্থাপন কৰে ধানোৱাৰে । আপৰ নেতাগৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বসুন্ধৰা 1, বসুন্ধৰা 2 আৰু বসুন্ধৰা 3 আঁচনিৰ অধীনত চাহ বাগিচাত বসবাস কৰা আদিবাসী চাহ জনগোষ্ঠীৰ লোকক ভূমিপট্টা নিদিয়াৰ বাবে চৰকাৰৰ নীতিৰ সমালোচনা কৰে ।

সংবাদমেলত আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই কাজিৰঙাত পঞ্চতাৰকা হোটেল স্থাপনৰ সিদ্ধান্তৰ বিৰুদ্ধে বক্তব্য প্ৰকাশ কৰে । থলুৱা লোকক নিজৰ মাটি-ভেটিৰ পৰা উচ্ছেদৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা উদ্যোগ, প্ৰতিষ্ঠান বা বিলাসী হোটেল নিৰ্মাণৰ পৰিকল্পনাৰ বিৰুদ্ধে আপৰ শক্তিশালী স্থিতিৰ বিষয়ে সদৰী কৰে দলৰ নেতা ৰাজীৱ শইকীয়াই । সংবাদমেলত আপৰ কেইবাগৰাকীও স্থানীয় নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰুদ্ধে পুনৰ কাজিৰঙাত প্ৰতিবাদ - Protest in Kaziranga

কাজিৰঙাত পঞ্চতাৰকা হোটেল: নিজাববীয়া গোচৰ ৰুজু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ - Five star hotel in Kaziranga

বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা স্থানত বৃহৎ নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে : ড৹ সঞ্জীৱ কুমাৰ বৰকাকতি - Five star hotel in Kaziranga

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.