ETV Bharat / state

মৰিগাঁৱত আমছুৱে কৰায়ত্ত কৰে ড্ৰাগছসহ সৰবৰাহকাৰীক - Anti Drug Mission

Drugs Seized: মৰিগাঁৱত পুনৰ চলিল ড্ৰাগছ বিৰোধী অভিযান । অভিযানত আটক তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী । জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । মৰিগাঁও জিলা আমছুৱে আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক ।

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:39 PM IST

AAMSU arrests drug peddlers with drugs, in Morigaon
মৰিগাঁৱত আমছুৱে কৰায়ত্ব কৰে ড্ৰাগছসহ সৰবৰাহকাৰীক (ETV Bharat Assam)

মৰিগাঁও,২১ জুলাই: ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মৰিগাঁও জিলাতো আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে অবিৰত ৰাখিছে অভিযান । মৰিগাঁও জিলা আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিচতো হ্ৰাস পোৱা নাই ভয়াবহ ড্ৰাগছৰ ৰমৰমীয়া বেহা । দৈনিক জব্দ হৈছে বুজন পৰিমাণৰ ড্ৰাগছ ।

আৰক্ষীৰ সমানে সমানে ড্ৰাগছ বিৰুদ্ধে সচেতন হৈছে সাধাৰণ ৰাইজো । মৰিগাঁৱত পুনৰ শনিবাৰে জব্দ কৰা হয় বুজন পৰিমাণৰ ড্ৰাগছ । মৰিগাঁৱৰ মায়ং আৰু মৈৰাবাৰীত ড্ৰাগছসহ আটক কৰে সৰবৰাহকাৰীক । মৰিগাঁও বুৰাবুৰীত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী কালাবাপ ওৰফে একাব্বৰ আলীক নিশা ৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ হাতেলোটে আটক কৰে আৰক্ষীয়ে । মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত কালাবাপে চলাই আছিল ড্ৰাগছৰ ক'লা বেহা ।

অৱশেষত শনিবাৰে নিশা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বুৰাবুৰী অঞ্চলিকৰ সদস্যসকলৰ তৎপৰতাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইফালে মৈৰাবাৰী ৰে'লৱে কলনীতো দুটাকৈ ড্ৰাগছ বেপাৰীক দৌৰাই দৌৰাই আটক কৰে আৰক্ষীয়ে । উল্লেখ্য যে কালাবাপেই বানাক্ৰান্ত মায়ং অঞ্চলত দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছিল ড্ৰাগছৰ ক'লা বেহা । বহু যুৱকক বিপথে পৰিচালিক কৰি গঢ়ি তুলিছিল ড্ৰাগছৰ ক'লা সামাজ্য ।

জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰীটো মায়ঙৰ বুৰাবুৰী পাহাৰৰ জামাল উদ্দিনৰ পুত্ৰ একাব্বৰ আলী উৰফে কালাবাপ । ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰী একাব্বৰ আলীক কুৰানিবুৰী আঞ্চলিক আমছুৱে মায়ং আৰক্ষীক ড্ৰাগছসহ গটাই দিয়ে আৰু ড্ৰাগছ সৰবৰাহকাৰীটোৰ কাঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনাই আমছুৱে ।

লগতে পঢ়ক: ড্ৰাগছসহ আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী

1 কোটি 40 লাখ টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত মহিলা - DRUGS SEIZED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.