আমগুৰি, ৮ মে': অসমীয়া জাতিৰ এক আপুৰুগীয়া সম্পদ জাপি । অসমীয়া সমাজ-সংস্কৃতিত এক অনবদ্য ভূমিকা গ্ৰহণ কৰি আহিছে জাপিয়ে । খেতিপথাৰৰ পৰা বিহুতলীলৈকে জাপিৰ বহুল ব্যৱহাৰ কৰা হয় । সম্ভাষণ তথা সন্মান জনোৱাৰ বাবেও অসমীয়াই ব্যৱহাৰ কৰে জাপি । এই জাপিয়েই শেহতীয়াকৈ লাভ কৰিলে জি আই টেগ । আজি আমি আপোনালোকক লৈ যাব খুজিছোঁ এনে এখন গাঁৱলৈ, য'ত ঘৰে ঘৰে প্ৰস্তুত কৰা হয় বিভিন্ন ধৰণৰ জাপি । এই শিল্পকৰ্মৰ দ্বাৰাই জীৱিকা উপাৰ্জন কৰি আহিছে গাঁওখনৰ বাসিন্দাসকলে ।
শিৱসাগৰ জিলাৰ এখন গাঁও । কেবাদশক ধৰি ইয়াত গাঁওবাসীয়ে জীয়াই ৰাখিছে জাপি নিৰ্মাণৰ পৰম্পৰা । হাফলুটিং নপাম নাথ গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালে পৰম্পৰাগতভাৱে নিৰ্মাণ কৰি আহিছে জাপি । হাফলুটিং ন-পাম নাথ গাঁৱৰ পুৰুষ-মহিলা সকলো জাপি নিৰ্মাণৰ সৈতে জড়িত । জাপি শিল্প গাঁওখনৰ উপাৰ্জনৰ অন্যতম উৎস । বাঁহ, বেত আৰু টকৌপাতেৰে গাঁওবাসীয়ে নিৰ্মাণ কৰি আহিছে জাপি ।
পূৰ্বপুৰুৰ দিনৰে পৰা ন-পাম নাথ গাঁওবাসীয়ে নিৰ্মাণ কৰি আহিছে জাপি । স্থানীয় বিভিন্ন বজাৰত জাপি বিক্ৰী কৰিবলৈ যায় ন-পাম নাথ গাঁৱৰ লোকসকল । অসমৰ বিভিন্ন প্ৰান্তৰৰ ব্যৱসায়ীয়েও ক্ৰয় কৰে গাঁওবাসীয়ে নিৰ্মাণ কৰা জাপি । গ্ৰাহকৰ সমাদৰ লাভ কৰা ন-পাম গাঁৱৰ জাপি শিল্প কিন্তু চৰকাৰী দৃষ্টিৰ পৰা এতিয়াও বহু দূৰৈত । যাৰবাবে গাঁওবাসীয়ে কেৱল পৰম্পৰাগত পদ্ধতিৰেই নিৰ্মাণ কৰি আহিছে জাপি ।
জাপি নিৰ্মাণৰ বাবে প্ৰয়োজন হয় টকৌপাতৰ । এই টকৌ গছো বৰ্তমান সময়ত কমি আহিবলৈ আৰম্ভ কৰিছে । উন্নত প্ৰযুক্তিৰ ব্যৱহাৰেৰে জাপি শিল্পক আগুৱাই নিয়াৰ আশা গাঁওখনৰ নতুন প্ৰজন্মৰ শিল্পীৰ । জাপি শিল্পক চৰকাৰী সুবিধা প্ৰদানৰ বাবে চৰকাৰক অনুৰোধ জনাইছে এইসকল জাপি শিল্পীয়ে । চৰকাৰৰ সু-দৃষ্টিয়ে নতুন মাত্ৰা দিব পাৰে হাফলুটিং ন-পাম নাথ গাঁৱৰ জাপি শিল্পক ।