শিলচৰ, 1 ছেপ্টেম্বৰ: আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তই পলায়নৰ চেষ্টা কৰাৰ কথা আপুনিও শুনিছে ৷ অভিযুক্তক ৰখাবলৈ বা আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাৰ বাতৰিও নিশ্চয় আপোনাৰ জ্ঞাত ৷ কিন্তু এইবাৰ সংঘটিত হৈছে অন্য এক ভয়ংকৰ ঘটনা ৷ আৰক্ষীৰ জিম্মাৰ পৰা এদল উত্তেজিত লোকে লৈ গ’ল এজন অভিযুক্তক ৷ যি ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷
ক’ত সংঘটিত হ’ল এই ঘটনা:
আৰক্ষীৰ জিম্মাৰ পৰা বলেৰে অভিযুক্তক লৈ যোৱাৰ এই ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ আমতলা বজাৰত ৷ দেওবাৰে বিয়লি কাটিগড়া আৰক্ষীয়ে আটক কৰা গিয়াছুদ্দিন নামৰ এটা অভিযুক্তক গাড়ীত উঠাই থানালৈ আনিব খোজা সময়তেই সংঘটিত হয় এই ঘটনা ৷ এদল উন্মত্ত লোকে আৰক্ষীৰ হাতৰ পৰা বলেৰে কাঢ়ি নিয়ে গিয়াছুদ্দিনক ৷
কিয় আৰক্ষীয়ে আটক কৰিছিল গিয়াছুদ্দিনক ?
জানিব পৰা মতে আৰ্থিক প্ৰৱঞ্চনাৰ এক অভিযোগৰ ভিত্তিত কাটিগড়া আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক উত্তম সিনহাৰ নেতৃত্বত এদল আৰক্ষী উপস্থিত হয় আমতলা বজাৰত ৷ ঘটনাৰ মূল অভিযুক্তক আৰক্ষীৰ দলটোৱে সোধা-পোছাৰ বাবে আটক কৰি গাড়ীত উঠায় ৷ সেইসময়তে গিয়াছুদ্দিনৰ দুই ভাতৃৰ নেতৃত্বত এদল লোকে আৰক্ষীক বাধা প্ৰদান কৰি বলেৰে গিয়াছুদ্দিনক লৈ যায় ৷ লগতে আৰক্ষীৰ সম্মুখত একপ্ৰকাৰৰ তাণ্ডৱ আৰম্ভ কৰে অভিযুক্ত গিয়াছুদ্দিনৰ পক্ষৰ লোক সকলে ।
আৰক্ষীৰ উপস্থিতিতে অভিযোগকাৰীক আক্ৰমণৰ চেষ্টা:
উত্তেজিত দলটোৱে আৰক্ষীৰ লগত যোৱা কাওচৰুদ্দিন নামৰ অভিযোগকাৰীজনক আক্ৰমণৰো চেষ্টা চলায় ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীৰ দলে গোচৰীয়াজনক লৈ কোনোমতে সেই স্থান ত্যাগ কৰে ৷ ইফালে অভিযুক্ত গিয়াছুদ্দিনৰ পক্ষৰ লোকসকলে কাওচৰক নাপায় তেওঁৰ ভাতৃক মাৰপিট কৰাৰো অভিযোগ উঠিছে ৷
আৰক্ষীৰ ভাষ্য:
এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে যোৱা কাটিগড়া আৰক্ষী চকীৰ ASI উত্তম সিনহাই মন্তব্য কৰিছে । তেওঁ কয়, ‘‘কালাইন লক্ষীপুৰৰ বাসিন্দা কাওচৰুদ্দিনে ভাৰত-বাংলাদেশ সীমান্তৰ চণ্ডীনগৰ গাঁৱৰ গিয়াছুদ্দিনৰ বিৰুদ্ধে আৰ্থিক প্ৰতাৰণাৰ অভিযোগ উত্থাপিত কৰি কাটিগড়া আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছিল ৷ গোচৰৰ তদন্তত গৈ আৰক্ষীয়ে যেতিয়া অভিযুক্ত লোকজনক আটক কৰে, তেতিয়া একাংশ লোক উত্তেজিত হৈ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্ত কাঢ়ি লৈ যায় ।’’
লগতে পঢ়ক: ৰাজপথত স্কুলীয়া ছাত্ৰীক নিৰ্যাতন : আৰক্ষীৰ জালত দুই যুৱক - Attempt To Molest Student
ফেচবুকত বিতৰ্কিত পোষ্ট দি আৰক্ষীৰ জালত এআইইউডিএফ নেতা - Miya Muslims controversy