ETV Bharat / state

আঁউসীৰ এন্ধাৰ ফালি কৰ্মসংস্কৃতিৰে জিলিকি উঠিছে সত্যজিৎ - Inspirational Story of Satyajit

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 7:22 PM IST

Struggle for livelihood: জীৱনটো চাব জানিলে, সজাব জানিলে কেতিয়াও দুৰ্বিসহ নহয় ৷ অধ্যৱসায় আৰু একাগ্ৰতাই জীৱন সুন্দৰ কৰি তোলে ৷ আনৰ হাতলৈ-মুখলৈ নোচোৱাকৈ নিজা প্ৰচেষ্টাৰে জীৱন জীৱনমুখী কৰিব পাৰি ৷ তাৰেই উদাহৰণ দাঙি ধৰিছে ধেমাজিৰ এজন যুৱকে ৷

Struggle for livelihood
সত্যজিতৰ জীৱন যুদ্ধ (ETV Bharat)

ধেমাজি, 6 ছেপ্টেম্বৰ: জীয়াই থাকিবলৈ মানুহক বাৰু কি লাগে ? অন্ন, বস্ত্ৰ, বাসস্থান- এইকেইটা মৌলিক প্ৰয়োজন প্ৰতিগৰাকী লোকৰ ৷ পিচে অন্ন, বস্ত্ৰৰ বাবে আজিৰ তাৰিখত আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱেই হ’ল টকা ৷ যদি আপোনাৰ হাতত টকা আছে, তেন্তে আপুনি গোটাই ল’ব পাৰিব নিজৰ প্ৰয়োজনখিনি, আৰু যদি টকা নাই তেন্তে আপুনি হাহাকাৰ কৰিব লাগিব এসাঁজ ভাত আৰু এখন বস্ত্ৰৰ বাবে ৷

আঁউসীৰ এন্ধাৰ ফালি কৰ্মসংস্কৃতিৰে জিলিকি উঠিছে সত্যজিৎ (ETV Bharat)

টকাৰ পিছত কোন দৌৰা নাই ? কোটিপতিজনৰ পৰা ফুটপাথৰ ব্যৱসায়ীজনলৈ, সকলোৱেই আজি দৌৰিছে টকাৰ পিছত ৷ বহুতেই কষ্ট কৰি বা সৎ পথেৰে জীৱিকা অৰ্জন কৰিছে আৰু এচামে আনক ঠগি লাখ লাখ টকা মাৰি সুখৰ জীৱন কটাইছে ৷ এই প্ৰতিবেদনত আমি দেখুৱাম বিশেষভাৱে সক্ষম এজন যুৱকৰ জীৱন সংগ্ৰামৰ কাহিনী ৷

সত্যজিৎ ফুকন, সৰুতেই ৰোগাক্ৰান্ত হৈ খোজকঢ়াৰ শক্তি হেৰুৱাই পেলোৱা এই যুৱকজনে আনৰ হাতলৈ-মুখলৈ চাই জীৱনটো পাৰ কৰিব নুখুজিলে ৷ নিজাকৈ এক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি তেওঁ প্ৰমাণ কৰি দিলে যে শাৰীৰিকভাৱে বাধাগ্ৰস্ত হ’লেও তেওঁ জীৱন যুদ্ধৰ এগৰাকী সাহসী যোদ্ধা ৷

ধেমাজিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত পদপথত এখন সৰু দোকান আছে সত্যজিতৰ ৷ চাহ, তামোল, পৰঠা,ৰুটি, ঘুগুনি আদি বিক্ৰী কৰি ব্যৱসায় চলাই আহিছে যুৱকজনে ৷ সাৰথি তেওঁৰ মাতৃ আৰু পত্নী ৷ দিনৰ দিনটো এখন হুইল চেয়াৰত বহিয়েই ব্যৱসায় চম্ভালি আহিছে সত্যজিৎ নামৰ এই যুৱকজনে ৷

লগতে পঢ়ক: Self reliant story: স্ব-গৃহতে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন দেখুৱাইছে ডিব্ৰুগড়ৰ এজন যুৱকে

প্ৰতিবন্ধকতাক পৰাস্ত কৰি কৰ্মৰে উজলিছে তিনি ডেলিভাৰী বয় - Inspirational Stories

বিশেষভাৱে সক্ষম সত্যজিতে আজিকোপতি লাভ নকৰিলে চৰকাৰৰ তৰফৰ পৰা এখন হুইল চেয়াৰ ৷ 15 হাজাৰ টকা খৰচ কৰি নিজেই নিৰ্মাণ কৰাই ল'লে বেটাৰীচালিত হুইল চেয়াৰখন ৷ মুখ্যমন্ত্ৰীক অতি কমেও 6 বাৰ লগ ধৰি এখন হুইল চেয়াৰৰ বাবে আবেদন কৰিছিল তেওঁ ৷ প্ৰতিবাৰে মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিল যদিও সেয়া সাকাৰ নহ’ল ৷

চৰকাৰৰ পৰা একো নাপালে বুলিয়েই হাত সাবটি নাথাকি নিজাকৈয়ে চলাচলৰ ব্যৱস্থা কৰি ল’লে সত্যজিতে ৷ লগতে আনৰ ওচৰত হাত পতাৰ সলনি এখন দোকান আৰম্ভ কৰি তাৰ পৰাই জীৱনটো চলিব পৰাকৈ দুপইচা অৰ্জন কৰিছে তেওঁ ৷ ধেমাজিৰ এগৰাকী অতিৰিক্ত জিলা আয়ুক্তই অৱশ্যে এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে তেওঁক ৷

শাৰীৰিকভাৱে বাধাগ্ৰস্ত এনে বহুজন আছে, যিয়ে নিজৰ অৱস্থাটোক এক অভিশাপ বুলি গণ্য কৰি ভিক্ষাবৃত্তিকেই সাৰথি কৰি লয় ৷ কিন্তু সত্যজিৎ এনে বহুজনৰ বাবে হৈ পৰিছে এক আদৰ্শ ৷ যি দেখুৱাইছে সজাব জানিলে জীৱন বৰ অনুপম ৷

লগতে পঢ়ক: দুয়োখন ভৰি নোহোৱাকৈয়ে জীৱন যুঁজত নামিছে বিলাসীপাৰাৰ আকিবুল - Physically handicapped youth

এখন ভৰিৰে ৰিক্সা চলাই বাবলুৱে যোগাৰ কৰিছে ভোকৰ ভাতমুঠি - BABLU PAL CHOUDHURY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.