বিশ্বনাথ, 16 জুন: মনত উদ্যম থাকিলে বিভিন্ন বাধা নেওচি মানুহে সফলতাৰ জখলা বগাব পাৰে ৷ জীৱনযুঁজত জয়ী হোৱা তীব্ৰ বাসনা থাকিলে কোনো বাধাই যে মানুহক ৰখাব নোৱাৰে, সেয়া প্ৰমাণ কৰি দেখুৱালে বিশ্বনাথ জিলাৰ গহপুৰ চন্দামাৰীৰ গোপাল নাগ নামৰ যুৱকজনে ৷
প্ৰায় দহবছৰ আগতে গোপালৰ জীৱনলৈ নামি আহিছিল কাল অমানিশা ৷ 2014 চনত গুৱাহাটীৰ যোৰাবাটত এক পথ দুৰ্ঘটনাত পতিত হৈ গোপালে হেৰুৱাইছিল দুয়োখন ভৰি ৷ চিকিৎসকে পাঁচবাৰকৈ অস্ত্ৰোপচাৰ কৰিও বচাব নোৱাৰিলে গোপালৰ ভৰিদুখন ৷
লগতে পঢ়ক: জীৱনত তিনিবাৰকৈ ল’ব খুজিছিল চৰম সিদ্ধান্ত; আজি তেওঁ বহুতৰে আদৰ্শ - Self reliant woman
কিন্তু দুভৰি হেৰুৱালেও মানসিকভাৱে ভাগি পৰা নাছিল গোপাল ৷ তেনেকৈয়ে কৃষিকাৰ্যত মনোনিৱেশ কৰি গোপাল আজি এগৰাকী সফল কৃষক হৈ পৰিছে ৷ এতিয়া তেওঁ সুখী ৷ আন দহজন সুস্থ কৃষকৰ দৰেই পথাৰত কৃষিকৰ্ম কৰি গৈছে গোপালে ৷
এতিয়া জেঠ বাগৰি আহাৰ সোমাল, শালিখেতিৰ ভৰপক সময় ৷ গোপাল এতিয়া ব্যস্ত কোৰ মৰা, কঠিয়া সিঁচা, পাৱাৰটিলাৰৰে পথাৰত হাল বোৱাত ৷ কেৱল ধান খেতিয়েই নহয়, লেচেৰা, বেঙেনা, ভোট জলকীয়া আদিৰো খেতি কৰি আহিছে গোপালে ৷ তাৰোপৰি গোপালৰ আছে চাহ বাগানো ৷
লগতে পঢ়ক: বানত হ’ব সাহয়: পানীতো চলাব পৰা চাইকেল উদ্ভাৱন অসমীয়া ছাত্ৰৰ - Aqua Cycle in Assam
দুয়োখন ভৰি নথকা স্বত্বেও সকলো কাম অনায়াসে কৰিব পাৰে গোপাল নাগে । কিন্তু এই কামৰ আঁৰত আছে তেওঁ মাতৃৰ অফুৰন্ত অনুপ্ৰেৰণা ৷ এই কথা স্বীকাৰ কৰে গোপাল নাগে । ইফালে তেওঁ জিলা আৰু মহকুমা ভিত্তিত কৃষক হিচাপে সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে । দহবছৰ পূৰ্বে এক কাল ধুমুহাৰ মুখামুখি হোৱা গোপাল নাগে আজি হাঁহি হাঁহি আগবাঢ়িছে জীৱনৰ বাটত ৷