ETV Bharat / state

কেৱল পাঠ্যপুথিৰ শিক্ষাতেই সম্ভৱনে জীৱন যুদ্ধত আগবাঢ়ি যোৱাটো ?

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 8:44 PM IST

মায়ঙৰ এখন বিশেষ বজাৰ, য’ত কৃষকৰ বিপৰীতে শাক-পাচলি বেচা-কিনা কৰিছে ছাত্ৰ-ছাত্ৰীয়ে ৷ সবিশেষ আগলৈ-

a special vegetable market in morigaon mayong where students sell vegetables
মায়ঙৰ এখন বিশেষ বজাৰ
পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ ভাষ্য

মৰিগাঁও, 2 মাৰ্চ : যুগৰ পৰিৱৰ্তন হৈছে, শিক্ষাৰ প্ৰসাৰ হৈছে ৷ পাঠ্যপুথিৰ শিক্ষাৰ লগতে বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ শাৰিৰীক, মানসিক বিকাশৰ কাৰণে নানান ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে ৷ খেলা-ধূলাৰ পৰা আৰম্ভ কৰি কাৰিকৰী, ব্যৱহাৰিক সকলো দিশতে যাতে ৰুচি অনুযায়ী ছাত্ৰ-ছাত্ৰীসকল আগবাঢ়ি যাব পাৰে তাৰ বাবে বিভিন্ন সময়ত বিদ্যালয়সমূহে নানা পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আজি আপোনালোকলৈ আগবঢ়াইছো এখন ব্যতিক্ৰমী হাট-বজাৰৰ দৃশ্য । কৃষকৰ বিপৰীতে বজাৰখনত আপোনালোকে দেখিবলৈ পাব এখন বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ-ছাত্ৰীসকলেই ক্ৰেতা-বিক্ৰেতাৰ ৰূপত বস্তু কিনা-বেচা কৰিছে ৷ অন্য মানুহেও বজাৰখনলৈ আহি ছাত্ৰ-ছাত্ৰীৰ পৰা বস্তু কিনিছেহি ৷ আমাৰ পথাৰ আমাৰ বজাৰ লক্ষ্যৰে কণ কণ ছাত্ৰ-ছাত্ৰী সকলক গঢ়ি তোলাৰ বাবে এই ব্যতিক্ৰমী পদক্ষেপ ।

এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক, পৰিচালনা সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে কণকণ ছাত্ৰ-ছাত্ৰীক বাস্তৱ জীৱনৰ বাবে দৰকাৰী হিচাপ-নিকাচ, ক্ৰয়-বিক্ৰয়ৰ ধাৰণা জোখ-মাপ আদিৰ শিক্ষা দিবৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷ এখন অকণিৰ হাট । মায়ঙৰ এখন ব্যতিক্ৰমী বজাৰ ৷ যি বজাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । বজাৰৰ ক্ৰেতা-বিক্ৰেতা প্ৰত্যেকে একো একোজন কণকণ ছাত্ৰ-ছাত্ৰী ৷

পোনপ্ৰথমবাৰৰ বাবে মায়ঙৰ ইকৰা একচেলেঞ্চ একাডেমীয়ে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ৷ কণকণ ছাত্ৰ-ছাত্ৰীসকলক ব্যৱসায়িক চিন্তা ধাৰা আৰু হিচাপ নিকাচ আদিত প্ৰগতিশীল কৰিবলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী দ্বাৰা পৰিচালনা কৰা হৈছে এই বজাৰখন ৷ বজাৰখনত কণকণ ছাত্ৰ-ছাত্ৰীয়ে নিজ নিজ ঘৰৰ পৰা লৈ আনিছে শাক-পাচলিকে আদি কৰি আন আন বহু সামগ্ৰী ৷ ঘৰৰ পৰা লৈ অনা এই সামগ্ৰীসমূহ বিক্ৰী কৰিছে ছাত্ৰ-ছাত্ৰীৰ মাজত ৷ মৰিগাঁও জিলাৰ মায়ং অঞ্চলৰ এই ব্যতিক্ৰমী বজাৰখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলে হাতত লোৱা এই পদক্ষেপক শলাগ লৈছে পৰিচালনা সমিতিৰ বিষয়ববীয়াই ।

লগতে পঢ়ক : মৰিগাঁও জিলাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.