নিউজ ডেস্ক, 14 ফেব্ৰুৱাৰী: শীতৰ নিহালি গুচাই আকৌ আহিছে উন্মনা ফাগুন ৷ ধূলিয়ৰী বাটেৰে ফাগুন আহিছে, বননিত সৰাপাতৰ জুনুকা বাজিছে ৷ উন্মনা গাভৰুৰ আঁচল উৰুৱাই ফাগুন আহিছে ৷ ছাইৰঙী আকাশৰ বুকুত মায়া সানিবলৈ ফাগুন আহিছে ৷ ফাগুন অহাৰ বাটত শিমলু পলাশ মদাৰে পাৰিছে ৰঙা দলিছা ৷ কবি-গীতিকাৰৰ মন পুলকিত কৰিবলৈ ফাগুন আহিছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
নতুন আশাৰ নাম ফাগুন, পুৰাতন শিহৰণৰ নাম ফাগুন, উৰুঙা মনক হেঁচি থকা এবোজা দুখৰ নাম ফাগুন ৷ অৱশ্যে উৰুঙা, উদাস, দুষ্ট আদি দুৰ্নামেৰে বদনামী হ'লেও ফাগুনে দিয়ে সৃষ্টিৰ বতৰা ৷ বাংময় মৌনতাৰ বুকুত লিখিত হয় নৱসৃষ্টিৰ বৰ্ণিল পাণ্ডুলিপি ৷ শীৰ্ণ নদীৰ শুষ্ক বলুকাত ফাগুনে খোদিত কৰে নিজৰ স্বাক্ষৰ ৷
ফাগুনৰ বিচিত্ৰতাই এবাৰ চুই যায় সকলোৰে হৃদয় ৷ চঞ্চল পচোৱাজাকৰ সৈতে এবাৰ ধেমালি খেলাৰ হাবিয়াস যাগে সকলোৰে মত৷ বুকুলৈ এবুকু আশাহৈ বৈ অহা এক অনামী শিহৰণ ফাগুন ৷
সেয়ে হে কবিয়ে কৈছে, মোকতো পোৱাই চিনি...মই ফাগুন...অঁকৰা কবিৰ স'তে চুপতি মৰাৰ বাবে মোৰতো অনেক বদনাম... ৷ গীতিকাৰৰ গীততো প্ৰাণ পাইছে ফাগুনে... মোৰ ফাগুন আছেহি আহি ৰৈ... তোমাৰ কথাকে ক'বলৈ ।
ফাগুনৰ মাদকতা আছে, এক অনামী শিহৰণ জগাই মন-প্ৰাণ চঞ্চল কৰি যায় ফাগুনে । পুৰণিৰ বুকুত নতুনৰ স্তৱক লিখে ফাগুনে । পুৰণি সাজযোৰ খুলি নতুন এজোৰ সাজ পিন্ধিবলৈ শীতত লঠঙা হোৱা বিৰিখক অৱকাশ দিয়ে ফাগুনে ৷ শিমলু-পলাশৰ ৰঙৰ জুয়ে আকাশ ছানি ধৰে । গৰখীয়া ডেকাৰ সুহুৰি শুনি কোনো চঞ্চলা গাভৰুৰ মন ইচাট-বিচাট কৰে । ফাগুনে প্ৰেম জগায়... আশা জগায়...নতুনৰ বতৰা বিলায় । সেয়ে হয়তো কোৱা হয় ফাগুন অনন্য ৷