ETV Bharat / state

সাৰে আছেনে চৰকাৰ-প্ৰশাসন ? আৰু কিমানজন অবিনাশক হেৰুৱাব লাগিব ? - DRAINAGE SYSTEM OF GUWAHATI

Minor Boy Drowns in Drain : মহানগৰীৰ ৰাজপথত মৃত্যুৰ কিৰীলি ৷ স্মাৰ্ট মহানগৰীত কৃত্ৰিম বানৰ সমস্যাই যোৱা তিনিটা দশকত ধৰি জটিল ৰূপ ধাৰণ কৰি আহিছে ৷ কিন্তু এইক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত যোৱা তিনিটা দশকত কৃত্ৰিম বানত 12 জনকৈ লোকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ৷ সেই সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিক কুলগীতা সাউদে প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 5:53 PM IST

Updated : Jul 8, 2024, 6:37 PM IST

DRAINAGE SYSTEM OF GUWAHATI
মহানগৰীৰ উন্নয়নৰ নমুনা (ETV Bharat Assam)

গুৱাহাটী, 8 জুলাই: বাৰিষাৰ কৃত্ৰিম বান আৰু উন্মুক্ত নলা এতিয়া মহানগৰবাসীৰ বাবে হৈ পৰিছে যমৰ দুৱাৰদলি স্বৰূপ ৷ এজাক বৰষুণতে দুৰ্ভোগ ভোগা মহানগৰবাসীৰ বাবে উন্মুক্ত নলাই যিকোনো সময়তে বিপদ মাতি অনা দেখা গৈছে ৷

নলা-নৰ্দমাৰ সমস্যাক লৈ মহানগৰবাসীয়ে কি কয় ? (ETV Bharat Assam)

শেহতীয়াকৈ এনে এক উন্মুক্ত নলাই চিৰদিনলৈ কাঢ়ি নিলে অবিনাশ নামৰ এজন 8 বছৰীয়া শিশুক ৷ প্ৰায় তিনিদিনৰ মূৰকত উদ্ধাৰ হৈছিল কণমানি অবিনাশৰ নিথৰ দেহ ৷ অৱশ্যে এয়া ঘটনা এইবাৰে প্ৰথম নহয় মহানগৰীত ৷ পূৰ্বতেও উন্মুক্ত নলা আৰু মেনহলে প্ৰাণ কাঢ়িছে বহুলোকৰ ৷ পিছে গুৰুত্বপূৰ্ণ কথাটো হৈছে আৰু কিমানজন অবিনাশৰ মৃত্যু ঘটিলে গা লৰিব অসম চৰকাৰ তথা প্ৰশাসনৰ ?

লগতে পঢ়ক: 45 ঘণ্টা পাৰ হ'ল, এতিয়াও সন্ধান ওলোৱা নাই অবিনাশৰ : উদ্ধাৰ অভিযানস্থলীত মুখ্যমন্ত্ৰী - Minor Boy Drowns In Drain

এই কথাৰ উত্তৰ হয়তো চৰকাৰ বা প্ৰশাসনৰ ওচৰত নাই ৷ কিয়নো মহানগৰীত এই ঘটনা বাৰে বাৰে সংঘটিত হৈ থকাৰ পিচতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ আজিৰ তাৰিখত মহানগৰীৰ বিভিন্ন স্থানত দেখিবলৈ পাব এনে উন্মুক্ত নলা-নৰ্দমা ৷ কি চানমাৰি, কি লাচিতনগৰ, কি গান্ধীবস্তি, কি বামুণীমৈদাম মহানগৰীৰ প্ৰায়বোৰ ঠাইতে পথৰ কাষত মৰণফান্দ হৈ থকা দেখা পাব নলাসমূহ ৷ অকণমান অমনোযোগিতা, অকণমান অসাৱধানতাৰ বাবে পথচাৰী পৰিব পাৰে এই মৰণফান্দত ৷

বিগত সময়ৰে পৰা মহানগৰী গুৱাহাটীৰ উন্নয়নৰ নামত বিভিন্ন কোম্পানীয়ে যধে-মধে গাঁত খান্দি পেলোৱাৰ ফলত দৈনিক আহ-যাহ কৰা ব্যক্তিসকলে জীয়াতু ভূগিবলগীয়া হৈছে ৷ বহুবাৰ, বহু সময়ত মহানাগৰিকে এনেবোৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বিৰোধিতা বা প্ৰতিবাদ কৰাৰ পিচতো কিন্তু কোনো সুফল লাভ কৰা পৰিলক্ষিত নহ’ল ৷

লগতে পঢ়ক: হৃদয়বিদাৰক ! উঁৱলি যোৱা অৱস্থাত নৰ্দমাত ওলাল অবিনাশৰ মৃতদেহ - Minor boy drowns in drain

আনহাতে, যিবোৰ নলা নিৰ্মীয়মান অৱস্থাত আছে, সেইবোৰৰ অধিকাংশৰে সীমাত ৰ’ডসমূহ ওলাই থকা দেখা গৈছে ৷ যিবোৰ ৰ’ডে অতৰ্কিতে কাৰোবাৰ জীৱনলৈ অমানিশা নমাই আনিব পাৰে ৷ তাৰ ভিতৰত যিবোৰৰ নিৰ্মাণ শেষ হৈছে, তাৰ ওপৰত নাই আকৌ কোনো ঢাকনি বা শ্লেব ৷ যাৰ বাবে অধিক বিপদসংকুল হৈ পৰিছে বৃহত্তৰ গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমাসমূহ ৷

উল্লেখ্য যে, স্মাৰ্ট মহানগৰীত কৃত্ৰিম বানৰ সমস্যাই যোৱা তিনিটা দশক ধৰি জটিল ৰূপ ধাৰণ কৰি আহিছে ৷ কিন্তু এইক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত, যোৱা তিনিটা দশকত কৃত্ৰিম বানত 12 জনকৈ লোকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ৷

2022 চনৰ পৰা 2024 চনলৈ মুঠ 12 জন লোকে অকাল মৃত্যুক সাৱটি লয় । 2002 চনত গুৱাহাটীৰ বানত পোনপ্ৰথমবাৰৰ বাবে সাধাৰণ লোকৰ মৃত্যু হৈছিল ৷ বানত কৰুণভাৱে মৃত্যুক সাৱটি লোৱা মহিলাগৰাকীৰ নাম আছিল উপামণি চৌধুৰী ৷ চানমাৰি অঞ্চলত এটা নলাত পৰি উপামণিৰ মৃত্যু হৈছিল ।

তাৰ পিচত 2007 চনত জু-ৰোডৰ নলাত পৰি বিনয়মোহন দাস নামৰ লোকজনৰ মৃত্যু হৈছিল । 2017 চনতে গুৱাহাটীত বানৰ বাবে 9 জন লোকে কৰুণ মৃত্যুক সাৱটি লয় । ইয়াৰে চাৰিজন লোক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছিল ।

লগতে পঢ়ক: চিতাত কণমানি নিথৰ দেহটো : বুকুৱে-বুকুৱে ধুমুহা এজাক বোৱাই অবিনাশ গ’লগৈ - Minor Boy Swept Away in Drain

Last Updated : Jul 8, 2024, 6:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.