নলবাৰী : শুকুৰবাৰে জিলা আয়ুক্ত কাৰ্যালয়ত হঠাৎ দেখা গৈছে তৎপৰতা ৷ উপস্থিত সকলো বিষয়া-কৰ্মচাৰীক দেখা গৈছে সষ্টম ৰূপত ৷ সকলো কাৰোবাৰ বাবে অপেক্ষাৰত ৷ তেনে সময়তে সেই ঠাইত পদাৰ্পণ কৰিলে এক নতুন বিষয়াই ৷ গ্ৰহণ কৰিলে সকলোৰে অভিবাদন ৷
বিষয়াজন আন কোনো নহয়, নলবাৰীৰ নতুন জিলা আয়ুক্ত । দায়িত্বভাৰ ল’বলৈ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ সৈতে পৰিচয় পৰ্বত অংশ লৈছে নতুন ডিচি চাৰে ৷ চৌদিশ পৰ্যবেক্ষণ কৰিবৰ বাবে কাৰ্যালয়ত ঘূৰি ফুৰিছে আয়ুক্তগৰাকী। কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিছে আয়ুক্তগৰাকীয়ে । বিভিন্ন প্ৰশাসনীয় কাম-কাজ তথা চৰকাৰী আঁচনিৰ অগ্ৰগতিৰ বুজ লৈছে নতুন জিলা আয়ুক্তগৰাকীয়ে ।
এইদৰে নলবাৰী জিলাৰ অভিভাৱকৰ দায়িত্ব লোৱা নতুন জিলা আয়ুক্তগৰাকীৰ নাম হৈছে মৃণ্ময় কলিতা ৷ বৰ্তমানৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ পৰা দায়িত্ব চমজি লৈছে তেওঁ ৷ কিন্তু বৰ্ণালী ডেকাৰ বদলিৰ নিৰ্দেশ নহা স্বত্ত্বেও তেওঁৰ ঠাইত মৃণ্ময় কলিতাক এইদৰে দায়িত্ব দিয়া হ’ল কিয়? সেই প্ৰশ্ন সকলোৰে মনত উদয় হৈছে ৷ কিয় আহিল নতুন ডিচি চাৰ !
ৰ’ব, সোনকালেই এই প্ৰশ্নৰ উত্তৰ পোৱাৰ বাবে আপোনাৰ মনত সৃষ্টি হোৱা উৎকণ্ঠাৰ অৱসান হ’বলৈ গৈ আছে ৷ দৰাচলতে এই নতুন ডিচি চাৰ আহিছে এদিনৰ বাবেহে ৷ এদিনৰ বাবেহে এনেদৰে জিলা আয়ুক্তৰ ভূমিকা পালন কৰিছে মৃণ্ময় কলিতাই । এই দায়িত্ব তেওঁ পাইছে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৷
মুখ্যমন্ত্ৰীৰ সন্মতিক্ৰমে জিলা আয়ুক্ত হ'ল শিক্ষক
আপোনাক জনাই থওঁ যে আমাৰ এই নতুন ডিচি চাৰ মৃণ্ময় কলিতা, প্ৰকৃতেত নলবাৰী জাতীয় বিদ্যালয়ৰ এগৰাকী বিজ্ঞান শিক্ষক । উল্লেখ্য যে বিজ্ঞানৰ শিক্ষক মৃণ্ময় কলিতাই জনোৱামতে জুলাই মাহতেই তেওঁ এগৰাকী জিলা আয়ুক্তৰ দৈনন্দিন কৰ্মসূচী কেনেকুৱা হয় ধাৰণা ল’বৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত এক আবেদন জনাইছিল । সেই আবেদনৰ ভিত্তিতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মৃণ্ময় কলিতাক এদিনৰ বাবে জিলা আয়ুক্তৰ কামকাজৰ পৰ্যালোচনা কৰাৰ সুবিধা দিয়া হ'ল । ভৱিষ্যৎ প্ৰজন্মক অসামৰিক সেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই প্ৰচেষ্টা বুলি মৃণ্ময়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে ।
মুখ্যমন্ত্ৰীৰ সন্মতি লাভ কৰাৰ পিছত পুৱাই নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় মৃণ্ময় কলিতা । কোঠাই কোঠাই গৈ কৰ্মচাৰীসকলক সাক্ষাৎ কৰি কামৰ পৰ্যবেক্ষণ কৰে মৃণ্ময়ে । মুখ্যমন্ত্ৰীক জনোৱা আবেদনৰ ভিত্তিতেই দিনযোৰা সময়সূচীৰে শিক্ষক মৃন্ময়লৈ এই সুবিধা দিয়ে জিলা প্ৰশাসনে ।
মৃণ্ময়ে প্ৰকাশ কৰামতে এনেদৰে জিলা আয়ুক্তৰ দায়িত্ব পালন কৰাটো তেওঁৰ এক সপোন আছিল । কাৰ্যালয়ৰ সকলোৱে তেওঁক পূৰ্ণ সঁহাৰি জনাইছে বুলিও উল্লেখ কৰে যুৱকজনে । এইদৰে জিলা আয়ুক্তৰ ৰূপত অৱতীৰ্ণ হৈ মৃণ্ময় কলিতাই প্ৰশাসনীয় কাম-কাজ কেনেদৰে চলে তাকেই কৰিলে পৰ্যবেক্ষণ । ভৱিষ্যতে অসামৰিক সেৱাত চাকৰি কৰাৰ প্ৰৱল ইচ্ছা মনত পুহি ৰখাৰ কথাও জনালে সাংবাদিকৰ কেমেৰাৰ আগত ৷
মুখ্যমন্ত্ৰী, জিলা প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন মৃণ্ময়ৰ
এদিনৰ জিলা আয়ুক্ত হোৱাৰ সুবিধা পাই উৎফুল্লিত হৈ পৰা মৃণ্ময়ে সংবাদমাধ্যমক কয়, "এনে এক সুবিধা পাই যথেষ্ট ভাল লাগিছে ৷ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীয়ে মোক সহযোগ কৰিছে ৷ বিশেষকৈ জিলা আয়ুক্ত বৰ্ণালী ডেকা, অতিৰিক্ত জিলা আয়ুক্ত ৰুণাভ ৰামচিয়াৰী, আৰু সকলো কৰ্মচাৰীসকলে খুব ধুনীয়াকৈ সহযোগ কৰিছে ৷ এনে এটা সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈয়ো অশেষ ধন্যবাদ ৷" ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ আশা পুহি ৰখা মৃণ্ময়ে লগতে কয় "সেই আসনখন সকলোৱেই বিচাৰে ৷ কিন্তু তাৰ কাৰণে কষ্ট কৰিব লাগিব আৰু মই সেইখিনি কৰি আছো ৷"
এই সন্দৰ্ভত নলবাৰীৰ আয়ুক্ত বৰ্ণালী ডেকাই সাংবাদিকৰ আগত কয়, "নলবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক মৃণ্ময় কলিতাই মুখ্যমন্ত্ৰীক পত্ৰ এখন প্ৰেৰণ কৰি এগৰাকী জিলা আয়ুক্তই এদিনত কি কি কাম কৰে সেই বিষয়ে জানিব খুজিছিল ৷ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনক এদিনীয়া অভিবিন্যাস কাৰ্যসূচীৰ জৰিয়তে এই সুবিধা প্ৰদান কৰাৰ নিৰ্দেশ দিছিল ৷ সেইমতে তেওঁ আজি কাৰ্যালয়লৈ আহে আৰু আমি জিলা আয়ুক্তৰ প্ৰশাসনিক কাম-কাজৰ ধাৰণা ল’বলৈ তেওঁক কামবোৰৰ সৈতে পৰিচয় কৰাই দিওঁ ৷ ৰাতিপূৱাৰ পৰা ৰাতিলৈকে এজন জিলা আয়ুক্তই কি কি কাম কৰে সেই আটাইবোৰ ধাৰণা ল’বলৈ আমি তেওঁক সুযোগ দিছো আৰু তেওঁ সেইবোৰ গ্ৰহণ কৰিছে ৷"
লগতে পঢ়ক :আঘোণৰ পথাৰত এতিয়া সপোনৰ সোণগুটি বুটলিছে চহা কৃষকে