ETV Bharat / state

হঠাৎ নোহোৱা হ’ল লোকেশ্বৰ ছাৰ; দিচাং নৈৰ কাষত উদ্ধাৰ স্কুটী আৰু চেণ্ডেল - Teacher Missing

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 5:10 PM IST

Missing Case: এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্ধানহীন হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ শিক্ষকগৰাকীক বিচাৰি দিচাং নদীত এছ ডি আৰ এফে চলাইছে অভিযান ৷ বিদ্যালয়ৰ হিচাপ পৰীক্ষণ হোৱাৰ পাচতেই শিক্ষক গৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ ৷

TEACHER MISSING IN CHARAIDEO
বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্ধানহীন (ETV BHARAT ASSAM)

মৰাণ, 14 জুন : এগৰাকী শিক্ষক নিৰুদ্দেশ হোৱা ঘটনাক লৈ চৰাইদেউ জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ সন্ধানহীন হৈ আছে চৰাইদেউ জিলাৰ মাহমৰাৰ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লোকেশ্বৰ গগৈ ৷ বৃহস্পতিবাৰে বিয়লি ঘৰৰ পৰা ওলাই যোৱা প্ৰধান শিক্ষক লোকেশ্বৰ গগৈয়ে ব্যৱহাৰ কৰা স্কুটী আৰু চেণ্ডেল নিশা দিচাং নৈৰ কাষত উদ্ধাৰ হোৱাৰ পাচতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

প্ৰধান শিক্ষক সন্ধানহীন হোৱা ঘটনাক লৈ চাঞ্চল্য (ETV BHARAT ASSAM)

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে ঘৰৰ পৰা পুৱা বিদ্যালয়লৈ বুলি ওলাই গৈ পুনৰ দিনৰ প্ৰায় 2 বজাত ঘৰলৈ ঘূৰি আহিছিল প্ৰধান শিক্ষকগৰাকী ৷ বিয়লি বিদ্যালয়ৰ কামতে পুনৰ ঘৰৰ পৰা ওলাই গৈছিল তেওঁ ৷ ইয়াৰ পাচৰে পৰা কোনো সন্ধান নাই শিক্ষকজনৰ ৷ নিশাই পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰ-খোচাৰ কৰাত সেই অঞ্চলত থকা দিচাং নদীৰ পাৰৰ মথাউৰিত AS 04 N 3983 নম্বৰৰ স্কুটীখনত চাবি লাগি থকা অৱস্থাত দেখাৰ লগতে নিচেই কাষতে নৈ পাৰত তেওঁ পৰিধান কৰি যোৱা চেণ্ডেলযোৰো প্ৰত্যক্ষ কৰে ৷

লগতে পঢ়ক : শিৱসাগৰ আৰক্ষী থানাৰ আলহী হ’ল অৰুণাচলী সুৰা বেহাৰ মাষ্টৰমাইণ্ড মনোজ হাজৰিকা - illegal Arunachali liquor

নিশাই ঘটনা সন্দৰ্ভত স্থানীয় কাকতিবাৰী আৰক্ষীক অৱগত কৰাত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও প্ৰতিকূল বতৰৰ বাবে বিশেষ অভিযান চলাব পৰা নাছিল ৷ নদীৰ কাষত চেণ্ডেল আৰু স্কুটী উদ্ধাৰ হোৱাৰ বাবে দিচাং নদীত শিক্ষকজনে আত্মহনন কৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে সকলোৱে ৷ সেয়েহে আজি পুৱাৰে পৰাই SDRF-এ দিচাং নদীত উদ্ধাৰ অভিযান চলাইছে ৷

পৰিয়ালৰ লোকে সংবাদ মাধ্যমত উল্লেখ কৰা অনুসৰি বিদ্যালয়ৰ কামৰ বোজাৰ বাবে মানসিক চাপত আছিল প্ৰধান শিক্ষকগৰাকী ৷ বৃহস্পতিবাৰৰ দিনটোত বিদ্যালয়ত হিচাপ পৰীক্ষণ হৈছিল ৷ তেনে এক মানসিক পৰিস্থিতিৰ পাচতে প্ৰধান শিক্ষক লোকেশ্বৰ গগৈয়ে চৰম সিদ্ধান্ত লোৱা বুলি চৰ্চা চলিছে ৷ এই ঘটনাক লৈ সমগ্ৰ চৰাইদেউ জিলাত ব্যাপক প্ৰতিক্ৰিয়াৰ লগতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : খোজকাঢ়ি গৈ থকা অৱস্থাত কুঁৱাত পিচলি পৰিল যুৱক, হাহাকাৰ পৰিস্থিতি - Man Slipped Into Well

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.