গোলাঘাট, 10 মে’ : একমাত্ৰ সন্তানৰ অস্বাভাৱিক মৃত্যুত শোকত ভাগি পৰিছে এহাল পিতৃ-মাতৃ ৷ শুকুৰবাৰে পুৱা গোলাঘাট জিলাত এগৰাকী যুৱকৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে ৷ অইল ইণ্ডিয়া লিমিটেডৰ এজন উচ্চপদস্থ বিষয়া ৰাজদ্বীপ বৰ্মনে আত্মহননৰ দৰে চৰম পন্থা বাচি লয় ৷
ঘটনা অনুসৰি, গুৱাহাটী নিবাসী 28 বছৰীয়া ৰাজদ্বীপ বৰ্মনে 2018 চনত অইল ইণ্ডিয়া লিমিটেডত এজন অভিযন্তা হিচাপে যোগদান কৰে । পৰৱৰ্তী সময়ত 10 এপ্ৰিলত তেখতৰ পদোন্নতি হোৱাত গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ এৰিয়া মেনেজাৰ হিচাপে নিযুক্তি লাভ কৰে । ইয়াৰ পিচতে গোলাঘাটৰ বিদ্যাপুৰ অঞ্চলত অৰবিন্দ লোচন মহন্তৰ ভাৰাঘৰত ভাৰাতীয়া হিচাপে থাকিবলৈ লয় ৰাজদ্বীপে ।
যোৱা তিনিটা দিন গুৱাহাটীৰ পৰা অহা পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰি শুকুৰবাৰে পুৱাৰ ভাগত পিতৃ-মাতৃক ঘৰলৈ বুলি গুৱাহাটীৰ বাছত তুলি দিয়ে যুৱকজনে ৷
তাৰপিছত উভতি গৈ ভাড়াঘৰৰ মালিকক 10 বজাত এখন সভা আছে, গতিকে শুই থাকিলে মাতি দিব বুলি অনুৰোধ কৰি নিজৰ কোঠাত প্ৰৱেশ কৰে ৰাজদ্বীপে । ভাড়াঘৰৰ মালিকে 10 বজাৰ পৰা কেইবাবাৰো ৰাজদ্বীপলৈ ফোন কৰে যদিও কোনো উত্তৰ নাপায় ৷
আনফালে, গুৱাহাটী অভিমুখে গৈ থকা পিতৃ-মাতৃয়ে পুত্ৰক যোগাযোগ কৰিবলৈও সক্ষম হোৱা নাছিল । যুৱকজনৰ পৰা কোনো সঁহাৰি লাভ নকৰাত ভাড়াঘৰৰ মালিকে সন্দেহৰ বশৱৰ্তী হৈ খবৰ দিয়ে গোলাঘাট সদৰ আৰক্ষীক ৷ আৰক্ষীয়ে এই খবৰ লাভ কৰি ৰাজদ্বীপ বৰ্মন থকা স্থানত উপস্থিত হৈ কোঠাটো খুলিবলৈ চেষ্টা কৰি বিফল হয় । অৱশেষত এজন আৰক্ষী জোৱানে খিৰিকী ভাঙি ভিতৰত চীপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাজদ্বীপৰ মৃতদেহ ৷ তাৰপাচতে অঞ্চলটোত হুৱা-দুৱা লাগে ৷
লগে লগে ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ৰাজদ্বীপ বৰ্মনৰ পিতৃ-মাতৃয়ে দণ্ডাধীশৰ আগত অভিযোগ উত্থাপন কৰি কয় যে, অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই অত্যধিক কামৰ হেঁচা প্ৰয়োগ কৰাৰ বাবেই পুত্ৰই এনে চৰম পন্থা অৱলম্বন কৰে ৷
লগতে পঢ়ক: জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃৰ দেহাৱসান, সংগীতানুষ্ঠান বাতিল - Mausam Gogoi mother passes away