ETV Bharat / state

নদীৰ পাৰত ওলাল আয়ুস্মান কাৰ্ড; নিজৰ নামৰ কাৰ্ড দেখি হতভম্ব হিতাধিকাৰী - AYUSHMAN CARD RECOVERED

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Ayushman card : আয়ুস্মান কাৰ্ডক লৈ বিতৰ্কৰ অন্ত নাই । এনে বিতৰ্কৰ বাবেই আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ল'বলগীয়া হৈছে কঠোৰ সিদ্ধান্ত । এইবাৰ নদীৰ কাষত ওলাল এনে কাৰ্ড ।

Ayushman Bharat Yojana
আয়ুষ্মান কাৰ্ড (ETV Bharat Assam)

আমগুৰি, ২৫ ছেপ্টেম্বৰ: আয়ুস্মান কাৰ্ড সন্দৰ্ভত ৰাজ্যত বিতৰ্কৰ সূত্ৰপাত ঘটাৰ সময়তে কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো ধৰণৰ সাধাৰণ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ সুবিধা নাথাকিব বুলি ঘোষণা কৰিছিল ৷ এইক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে অকপটে স্বীকাৰ কৰিছে ৷ এই সন্দৰ্ভত চৰ্চা হৈ থকাৰ সময়তেই এইবাৰ নদীৰ কাষত পৰিত্য়ক্ত অৱস্থাত উদ্ধাৰ হৈছে কেবাখনো আয়ুস্মান কাৰ্ড ।

নিয়ম অনুসৰি এই কাৰ্ড হিতাধিকাৰীক অৰ্পণ কৰিব লাগে যদিও বহুতেই দুবছৰ পিচতো এনে কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাই । কোনে এইবোৰ কাৰ্ড হিতাধিকাৰীক নিদিয়াকৈ ৰাখি থয় সেই বিষয়ে তথ্য় লাভ কৰিব পৰাটোও সম্ভৱ নহয় । এইবাৰ বহুতো কাৰ্ড হঠাতে ওলাল নৈৰ কাষত । কোনেও নাজানে কাৰ্ডসমূহ কেনেকৈ উক্ত স্থানত পৰি আছে ।

আয়ুষ্মান কাৰ্ড (ETV Bharat Assam)
  • নদীৰ কাষত উদ্ধাৰ আয়ুস্মান কাৰ্ড

শিৱসাগৰ জিলাৰ আমগুৰিত পৰিত্যক্ত অৱস্থাত নদীৰ কাষত উদ্ধাৰ হৈছে আয়ুস্মান কাৰ্ড । নামতিৰ দিকচুত নামতি নদীৰ কাষত পৰিত্যক্ত অৱস্থাত আয়ুস্মান কাৰ্ড উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আয়ুষ্মান ভাৰত যোজনাৰ অধীনৰ দৰিদ্ৰ লোকক চিকিৎসাসেৱাৰ ক্ষেত্ৰত আৰ্থিকভাৱে সকাহ দিবলৈ প্ৰৱৰ্তন কৰা আয়ুস্মান কাৰ্ড অনাদৃতভাৱে নদীৰ কাষত পৰি থকাত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে ।

  • একেজন ব্যক্তিৰে তিনি-চাৰিখনকৈ কাৰ্ড উদ্ধাৰ

দিকচু মাউৎ গাঁৱত নামতি নদীৰ কাষত অঞ্চলটোৰ বহুকেইটা পৰিয়ালৰ আয়ুস্মান কাৰ্ড পৰিত্য়ক্ত অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে । একেজন ব্যক্তিৰে তিনি-চাৰিখনকৈ আয়ুস্মান কাৰ্ড পৰি থকা লক্ষ্য কৰি স্থানীয় লোকসকল উপস্থিত হয় আৰু আয়ুস্মান কাৰ্ডসমূহ ব্যক্তিকেইজনে পূৰ্বে লাভ কৰা নাই বুলি প্ৰকাশ কৰে ।

প্রধানমন্ত্রী জন আৰোগ্য যোজনা নামেৰেও পৰিচিত এই আঁচনিত সমাজৰ অর্থনৈতিকভাৱে দুর্বল লোকসকলে চিকিৎসা সেৱাৰ ক্ষেত্ৰত পাঁচ লাখ টকা পৰ্যন্ত স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰে । অঞ্চলটোত কোনে আয়ুস্মান কাৰ্ডসমূহ নদীৰ কাষত পেলাই দিলে সেয়া ৰহস্যজনক । স্থানীয় লোকে এইক্ষেত্ৰত তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক:ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডেৰে নাপাব সকলো ৰোগৰ চিকিৎসা: মুখ্যমন্ত্ৰী - AYUSHMAN CARD

প্ৰতিখন হাস্পতালত আয়ুষ্মান কাৰ্ড কাৰ্যক্ষম কৰিবলৈ চি পি আই(এম)ৰ দাবী - CPIM Demands

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.