ETV Bharat / state

সম্প্ৰীতিৰ নিদৰ্শন: ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে ঢেকীয়াখোৱা বৰনামঘৰলৈ দান কৰিলে ডেৰশ বছৰ পুৰণি বৰপেৰা - 150 year old Borpera

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 12:17 PM IST

Sign of harmony: ডেৰশ বছৰীয়া এটা বৰপেৰা ৷ যিটো বৰপেৰাই এতিয়াৰ পৰা শুৱনি কৰিব ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ সংগ্ৰহালয় ৷ কিয়নো টীয়কৰ এটি ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে তেওঁলোকৰ ঘৰত থকা এই ডেৰশ বছৰীয়া বৰপেৰাটো ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ সংগ্ৰহালয়লৈ দান কৰে ৷

sign of harmony
ডেৰশ বছৰীয়া এটা বৰপেৰা দান (ETV Bharat Assam)

টীয়ক, 20 আগষ্ট : সাম্প্ৰদায়িক ৰাজনীতিৰ উৰ্ধত গৈ পুনৰ হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন প্ৰকাশ পাইছে টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত । যিমানে একাংশই নিজৰ ব্যক্তিগত মুনাফাৰ স্বাৰ্থত জাত-পাতৰ ৰাজনীতিৰে অসমখন কলুষিত কৰাৰ অপচেষ্টা নকৰক কিয়, প্ৰকৃততে বৃহত্তৰ অসমীয়া জাতিৰ চানেকী পুনৰ প্ৰতিফলন ঘটাই টীয়কৰ ৰাজৈ অঞ্চলৰ এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে দেখুৱাইছে এক মহানুভৱতা । যিয়ে সমাজখনলৈ নিশ্চিতভাৱে কঢ়িয়াই আনিব এক আশাৰ বতৰা ।

  • প্ৰকৃততে ঘটনা কি ?

ৰাজৈ অঞ্চলৰ এটি ইছলাম ধৰ্মাৱলম্বী পৰিয়ালৰ ঘৰত আজু ককাৰ দিনৰ পৰাই আছিল ডেৰশ বছৰ এটা পুৰণি বৰপেৰা ৷ আজু ককাকৰ দিনৰ পৰাই ইছলাম ধৰ্মাৱলম্বী পৰিয়ালটোৰ প্ৰতিটো প্ৰজন্মই তেওঁলোকৰ ঘৰত অতি সযতনে ৰাখিছিল বৰপেৰাটো ৷ সময় বাগৰিল ৷ অৱশেষত এই পৰিয়ালটোৱে ঠিৰাং কৰিলে যে প্ৰকৃততে পুৰণি বৰপেৰাটো থাকিব লাগে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতহে, যাতে সকলো লোকে এই পুৰণি বৰপেৰাটো চাব পাৰে ৷

লগতে পঢ়ক : বাণিজ্যিক-পৰ্যটনৰ সম্ভেদ বিচাৰি ডিব্ৰুগড়ত উপস্থিত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পাটাৰাত হংটং - Thai Ambassador visit Dibrugarh

কথা মতেই ভাদ মাহৰ পূৰ্ণিমাৰ দিনা অৰ্থাৎ সোমবাৰে ৰাজৈৰ ইছলাম ধৰ্মাৱলম্বী পৰিয়ালটোৰ সদস্য ক্ৰমে চায়েৰা ৰহমান, আদিবা আলিয়া ৰহমান, চাজিদুৰ ৰহমান আৰু ইছমাইল আলীয়ে তেওঁলোকৰ ঘৰত সযতনে ৰখা ডেৰশ বছৰ পুৰণি এই বৰপেৰা আনুষ্ঠানিকভাৱে মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ সংগ্ৰহালয়লৈ প্ৰেৰণ কৰে । ডাঃ আলহাজ আব্দুল ৰহমান খনিকৰৰ নাতি প্ৰয়াত ৰফিকুল ৰহমান খনিকৰৰ সোঁৱৰণত আনুষ্ঠানিকভাৱে বৰনামঘৰ পৰিচালনা সমিতিৰ হাতত বৰপেৰাটো উৰ্চগা কৰি দাতা পৰিয়ালৰ সদস্যা চায়েৰী ৰহমানে সংবাদ মাধ্যমৰ আগত নিজৰ আনন্দ প্ৰকাশ কৰে ৷

তেওঁ কয়, ‘‘সম্প্ৰীতিৰ অন্যতম প্ৰতীক ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আমাৰ পৰিয়ালৰ স্বাভিমান স্বৰূপ বৰপেৰাটো উৰ্চগা কৰিবলৈ পাই ধন্য মানিছো ৷ আনকি নামঘৰ পৰিচালনা সমিতিয়েও আন্তৰিকতাৰে এই সম্পদভাগি গ্ৰহণ কৰি যি মহানুভৱতা দেখুৱালে তাক লৈয়ো আমি অতি উৎফুল্লিত হৈছো ।’’

লগতে পঢ়ক : ফেচবুক-ইউটিউবৰ পৰা উপাৰ্জন হোৱা ধন বৰ্ণিলৰ পিতৃ-মাতৃয়ে ক'ত খৰচ কৰিছে জানেনে ? - Kid YouTubers

আনহাতে, সম্প্ৰতি সমাজ জীৱনৰ পৰা হেৰাই যোৱা, নৱ প্ৰজন্মৰ বাবে অচিনাকী বৰপেৰাটো ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ উৰ্চগা কৰা কাৰ্যক প্ৰশংসা কৰি নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই এই অমূল্য সম্পদবিধ বৰনামঘৰৰ সংগ্ৰহালয়ত সযতনে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে । এই অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়াসকলৰ উপৰিও অনান্য বহু লোক উপস্থিত থাকে ।

আনকি নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা দাতা পৰিয়ালটোক আদৰণি জনায় । ইয়াৰ পূৰ্বে দাতা পৰিয়ালৰ তৰফৰ পৰা এখন শৰাই আগবঢ়োৱাৰ উপৰিও বন্তি প্ৰজ্বলন কৰি নেদেখাজনৰ চৰণত শৰণাপন্ন হয় ।

লগতে পঢ়ক : বৈঠা মাৰো ৰে’...পাগলাদিয়াৰ বুকুত সদৌ অসম ভিত্তিত নাওখেল - Traditional boat racing competition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.