ETV Bharat / state

জুইৰ ক’লা ধোঁৱাৰ মাজত এখন বিয়াঘৰৰ বাকৰি - MASSIVE FIRE IN TINSUKIA

তিনিচুকীয়া চহৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নিদগ্ধ ৭ গৰাকী লোক, গুৰুভাৱে অগ্নিদগ্ধ 3 গৰাকী । উক্ত ঘটনাৰ আঁৰত ৰহস্য ঘনিভূত ৷

A massive fire broke out at a building in Tinsukia
তিনিচুকীয়া চহৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Updated : 1 hours ago

তিনিচুকীয়া : পুৱাৰে পৰা সকলো ব্যস্ত ৷ সকলোৱে কৰি গৈছে নিজৰ নিজৰ কাম ৷ বহু আলহী-অতিথি আহিছে ৷ সময়মতে ৰান্ধনিও আহি নিজৰ কামত লাগিছে ৷ কিয়নো আজি তিনিচুকীয়া আইন মহাবিদ্যালয়ৰ সমীপত চন্দ্ৰামতী আৱাস ভৱনত শত্ৰুধনৰ পুত্ৰৰ বিয়া ৷

সকলো ঠিকেই চলি আছে ৷ নচাই নাচিছে, ৰান্ধনিয়ে ৰান্ধিছে ৷ ব্যস্ততাৰ বাবে কাৰো অলপো ৰ’বলৈ আহৰি নাই ৷ কিন্তু এয়া কিয়... পলা ঐ পলা ৷ কোন ক’ত আছ’ ঘৰৰ পৰা ওলাই যা ৷ জুই অ’ জুই ৷ কেৱল ক’লা ধোঁৱাৰ মাজত কেৱল হুলস্থূল ৷ কোনেও যেন একো ধৰিব পৰা নাই ৷ হঠাৎ কি হৈ গ’ল !

তিনিচুকীয়া চহৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা (ETV Bharat Assam)

জানিব পৰা মতে, বিয়াৰ আয়োজন চলি থকাৰ মাজতে আজি (দেওবাৰ) তিনিচুকীয়া চহৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । তিনিচুকীয়া আইন মহাবিদ্যালয়ৰ সমীপত চন্দ্ৰামতী আৱাস ভৱনত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ৷

জুইৰ লেলিহান শিখাই নিমিষতে আৱৰি ধৰে সমগ্ৰ ভৱনটো ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ লগতে তিনিচুকীয়া আৰক্ষীক খবৰ দিয়া হয় । তাৰ পাচতে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰাৰ লগতে বাসগৃহটোৰ ভিতৰত থকা লোকসকলক উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক : ব্যক্তিগত চিকিৎসালয়ত অগ্নিকাণ্ড; ৭ গৰাকী লোকৰ মৃত্যু

এই অগ্নিকাণ্ডটোৰ সময়ত তিনিগৰাকী লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় বুলি অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জানিব দিয়ে ৷ তেওঁ উল্লেখ কৰা মতে, মুঠতে এই অগ্নিকাণ্ডটোত ৭ গৰাকীকৈ লোক কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় । লগতে তেওঁ কয় যে অগ্নিদগ্ধ হোৱা লোকসকলক প্ৰথমে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

এই অগ্নিকাণ্ডত আঘাতপ্ৰাপ্তসকল ক্ৰমে ৰেখা দেৱী (৪০), মঞ্জু দেৱী (৫০), কাৰ্তিক প্ৰসাদ (৪২), ৰীণা প্ৰসাদ (৩২), ঋষি প্ৰসাদ (৩১), শুভ শ্বাহ (৩০) আৰু‌ পুনম দেৱী (৪০) বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰে কাৰ্তিক প্ৰসাদ, ৰেখা দেৱীৰ লগতে আন এগৰাকী গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে ।

ইফালে, উক্ত ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পাল, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাস, তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাই উপস্থিত হৈ পৰিস্থিতি বুজ লয় । উক্ত ঘটনাটো অন্য অগ্নিকাণ্ড ঘটনাৰ দৰে নহয় বুলি জিলা আয়ুক্ত স্বপ্নীল পালে সংবাদমাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে তেওঁ ঘটনাটোত ৰহস্য ঘনীভূত হোৱা বুলিও সদৰী কৰাৰ লগতে ঘটনাৰ তদন্ত ঘোষণা কৰে । ঘটনাৰ সঠিক তদন্ত কৰিবৰ বাবে তিনিচুকীয়া ৰাজহচক্ৰ বিষয়াগৰাকীক দায়িত্ব অৰ্পণ কৰে ।

বৰ্তমানেও এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও শ্ব’ৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে অগ্নিনিৰ্বাপক বাহিনীয়ে । কিন্তু তাৰ বিপৰীতে স্থানীয় লোকে ৰন্ধন গেছৰ বিস্ফোৰণ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে যিহেতু বাসগৃহটোত বিয়াৰ বাবে ৰান্ধি আছিল বিভিন্ন খাদ্য সম্ভাৰ । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব বিয়াৰ দিনটোতে প্ৰকৃততে অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাৰ আঁৰৰ ৰহস্য কি ?

লগতে পঢ়ক : মৰিয়নীত ভয়ংকৰ অগ্নিকাণ্ড: ছাই হ'ল কেইটাবাও ঘৰ

Last Updated : 1 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.