ETV Bharat / state

পলাই গ’ল আৰিফুদ্দিনৰ পত্নী; লগত নিলে দুটি সন্তান আৰু ধন-সোণ - EXTRA MARITAL AFFAIRS

author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 10:45 PM IST

Mother of two children fled: মানুহগৰাকীতো গ’লেই, লগতে লৈ গ’ল সন্তান দুটিৰ লগতে স্বামীয়ে কষ্ট কৰি গোটাই থোৱা টকাকেইটাও ৷ দুটি সন্তানৰ মাতৃগৰাকী প্ৰেমত পৰিল বেলেগৰ স্বামীৰ ৷ পৰকীয়া প্ৰেমৰ শক্তিৰ সন্মুখত হাৰি গ’ল আৰিফুদ্দিনৰ সকলো ত্যাগ-কষ্ট ৷

EXTRA MARITAL AFFAIR
সন্তান-সম্পত্তি লৈ বেলেগলৈ পলাই গ’ল আৰিফুদ্দিনৰ পত্নী ! (ETV Bharat Assam)

নলবাৰী, 12 জুন : কাষ্টমাৰ আহিছে বুলি স্বামীয়ে ফোনটো কাটিবলৈহে পালে, অলপ সময়ৰ পিচতে পলাই গ’ল পত্নী ৷ দুহাতে দুটি সন্তানক লৈ, বেগত এক লাখ সাত হাজাৰ টকাৰ লগতে অলংকাৰ ভৰাই পলাই গ’ল আৰিফুদ্দিনৰ পত্নী ৷ ভনীয়েকে আৰিফুদ্দিনক খবৰ দিলে- ‘‘বৌ ঘৰত নাই ৷’’

প্ৰায়েই ঘটিবলৈ লোৱা ঘটনা এটা এইবাৰ নলবাৰীতো ঘটিল ৷ নলবাৰীৰ লোহাৰকাঠাৰ এগৰাকী বোৱাৰীয়ে স্বামীক এৰি পলাই গ’ল বেলেগ লোকলৈ ৷ দুটি সন্তানক লগত লৈ লোহাৰকাঠা গাঁৱৰ আৰিফুদ্দিন আহমেদ নামৰ লোকজনৰ পত্নী পলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ আৰিফুদ্দিনে জানিবলৈ দিয়া অনুসৰি ওচৰৰে হাবলাখাৱা গাঁৱৰ জমিৰুদ্দিন আহমেদ নামৰ লোক এজনলৈ পলাই গ’ল বোৱাৰীগৰাকী ৷

লগতে পঢ়ক: স্বামীগৃহৰ ধন-সোণ লুটি প্ৰেমিকৰ হাতেৰে দ্বিতীয়বাৰ সেন্দুৰ পিন্ধিলে মলয়া বাইদেৱে

জানিব পৰা মতে যোৱা ১০ জুনত স্বামী আৰিফুদ্দিন আহমেদ ব্যৱসায়সূত্ৰে আছিল ঘৰৰ বাহিৰত ৷ ব্যৱসায়ত ব্যস্ত থকাৰ সময়তে আৰিফুদ্দিনক ভনীয়েকে খবৰ দিলে যে পত্নীসহ দুটি সন্তান ঘৰত নাই ৷ পৰৱৰ্তী সময়ত তেওঁ বিচাৰ-খোচাৰ কৰাত পত্নী পৰ পুৰুষৰ লগত পলাই যোৱাৰ খবৰ লাভ কৰে আৰিফুদ্দিনে ৷

স্বামীয়ে জানিবলৈ দিয়া মতে তেওঁৰ পত্নীয়ে দুটি সন্তানসহ নগদ ১ লাখ ৭ হাজাৰ টকা লগত লৈ পলাই যায় হাবলাখাৱাৰ জমিৰুদ্দিন আহমেদ নামৰ লোকজনৰ লগত ৷ ইফালে যাৰ লগতে বোৱাৰীগৰাকী পলাই গ’ল, সেই জমিৰুদ্দিন আহমেদো ইতিমধ্যে বিবাহিত ৷ ঘটনা সন্দৰ্ভত স্বামী আৰিফুদ্দিনে আদাবাৰী পহৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ বাকী বিচাৰ আৰক্ষীয়ে কৰিব ৷

কিন্তু আৰিফুদ্দিন আহমেদে যথেষ্টখিনি হেৰুৱালে একেলগে ৷ পত্নী গ’ল, লৈ গ’ল সন্তান দুটিক, লৈ গ’ল কষ্ট কৰি গোটোৱা টকাখিনিৰ লগতে অলংকাৰো ৷

লগতে পঢ়ক: যৌতুকত আধা বিঘা ভূমি নহ’লে ই-ৰিক্সা লাগে স্বামীক; নিৰ্যাতন সহিব নোৱাৰি মহিলাৰ আত্মাহনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.