যোৰহাট: মুকুটৰ কাহিনী শুনিলে আপুনি আচৰিত হ’ব ৷ মুকুটে যেন জীৱনত পণ লৈছে অভিলেখ সৃষ্টি কৰাৰ ৷ কিন্তু কেনেকৈ জানেনে ? বিয়া পাতি অভিলেখ গঢ়াৰ যেন মন মুকুটৰ ৷ অথবা বিয়া পতাটো মুকুটৰ চখ বুলিও ক’ব পাৰে আপুনি ৷ কাৰণ মুকুটৰ কাহিনীয়েই তেনেকুৱা ৷
মুকুট মানে, মুকুট হুছেইন ৷ ঘৰ নগাঁৱৰ কুঠৰীত ৷ নিজকে চিনাকী দিয়ে বেলেগ বেলেগ ধৰণে ৷ কাৰোবাক কয় মাটিৰ দালাল, আন কাৰোবাক কয় ঠিকাদাৰ ৷ পিচে মুকুটৰ আচল কাম হৈছে য’তে ত’তে বিয়া পাতি ফুৰা ৷ কেইমানমাহ আগতে এগৰাকী যুৱতীক বিয়া পাতিছিল মুকুটে ৷ তাৰ পিচত যি হ’ল সেয়া জানিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব...এনেকুৱাও হয় নে !
প্ৰেমৰ জালত পেলাই যোৱা বছৰ যোৰহাট জিলাৰ তিতাবৰৰ এগৰাকী যুৱতীক বিয়া কৰাইছিল মুকুটে ৷ কিছুদিন সংসাৰ কৰাৰ পিচতে পত্নীক ধন দাবী কৰিবলৈ আৰম্ভ কৰে মুকুটে ৷ ধন আনি নিদিলে মাৰ-পিটো কৰে ৷ সংবাদ মাধ্যমৰ সমুখত মুকুটৰ পত্নীৰ আত্মীয়ই এই অভিযোগ তুলিছে ৷
মুকুটে দাবী কৰা ধন নিদিয়াত পত্নীক খেদি পঠিয়ায় ৷ ইফালে বিয়াৰ কিছুদিন পিচতে মুকুটৰ বিষয়ে জানিব পাৰিছিল পত্নীয়ে ৷ তিতাবৰৰগৰাকীৰ সৈতে মুকুটৰ আছে পাঁচগৰাকী পত্নী ৷ কেৱল যৌতুকৰ লোভ মুকুটে বিয়া পাতি ফুৰে বুলি অভিযোগ তুলিছে ভুক্তভোগী যুৱতীৰ পৰিয়ালে ৷
মুকুটৰ পত্নীয়ে জনোৱা মতে, এগৰাকী পত্নীৰ মৃত্যু হৈছে আৰু এগৰাকী আঁকৰি বাবে এৰি দিয়া বুলি মুকুটৰ বায়েকে তেওঁক জনাইছিল ৷ মুকুটে এইগৰাকী পত্নীক দিল্লীলৈ লৈ যোৱাৰ কথা কৈছিল যদিও কৰ’বাত বিক্ৰী কৰি দিয়ে বুলি ভয়ত তেওঁ যাবলৈ অমান্তি হ’ল বুলি জানিবলৈ দিছে ৷ ইফালে তেওঁ জনোৱা মতে এগৰাকী হিন্দু ছোৱালীকো বিয়া কৰাই অত্যাচাৰ চলাইছিল মুকুটে ৷ পিচত ছোৱালীজনীয়ে মুকুটক এৰি গুচি গৈছিল আন এজনৰ লগত ৷
মুকুটৰ এই ঘটনাই এতিয়া সকলোকে আচৰিত কৰিছে ৷ তিতাবৰ আৰু যোৰহাটত পৃথকে পৃথকে ৰুজু হৈছে গোচৰ ৷ মুকুটৰ এজন ভিনিহিয়েকৰ সহায়ত তেওঁ নাৰী ব্যৱসায় কৰে বুলিও অভিযোগ তুলিছে ভুক্তভোগীৰ আত্মীয়ই ৷
লগতে পঢ়ক: যুৱতীয়ে পেট্ৰ'ল ঢালি জ্বলালে ৰাজপথত ৰখাই থোৱা স্কুটী