ETV Bharat / state

১৮ দিন ধৰি সন্ধানহীন কৃষ্ণ চুতীয়া : স্বামীক বিচাৰি হাহাকাৰ পত্নীৰ - Assam man goes missing

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 8:25 PM IST

Man missing: কৰ্মসূত্ৰ বহিঃৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ এজন ব্যক্তি ৷ ১৮ দিন ধৰি নাই কোনো সন্ধান ৷

ASSAM MAN GOES MISSING
Man missing (ETV Bharat Assam)

জোনাই, ১৮ জুন: পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি ৷ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ১৮ দিন ধৰি সন্ধানহীন হৈ আছে এজন ব্যক্তি ৷

১৮ দিন ধৰি সন্ধানহীন কৃষ্ণ চুতীয়া (ETV Bharat Assam)
কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশলৈ গৈ প্ৰায় ১৮ দিন ধৰি নিৰুদ্দেশ হৈ আছে ধেমাজি চমৰাজানৰ কৃষ্ণ চুতীয়া নামৰ এজন লোক । চুবুৰীয়া ৰাজ্য অৰুণাচলত কাম কৰিবলৈ গৈ নোহোৱা হ’ল ব্যক্তিগৰাকী ৷

জানিব পৰা মতে যোৱা ২৮ মে'ত কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশৰ আলোলৈ বুলি একেখন গাঁৱৰে তিনিজন যুৱকৰ সৈতে গৈছিল কৃষ্ণ চুতীয়া । কিন্তু অৰুণাচল প্ৰদেশৰ আলোত উপস্থিত হৈ তিনিদিন কাম কৰাৰ পিচতে ১ জুনৰ আবেলি প্ৰায় ৬ বজাত কৰ্মস্থলীৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ পৰে কৃষ্ণ চুতীয়া ৷

লগতে পঢ়ক: কেৰালালৈ যোৱাৰ বাটতে নিখোঁজ শিৱ - ASSAM YOUTH MISSING

কৰ্মস্থলীত থকা লগৰীয়া যুৱক কেইজনে পৰিয়ালক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিচতে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত হাহাকাৰৰ সৃষ্টি হয় ।

ইফালে ঘটনাৰ পিচতে পৰিয়ালৰ লোকে আলোত উপস্থিত হৈ বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰাৰ লগতে আলো (Aalo) আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত আলো (Aalo) আৰক্ষীৰ লগতে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত অভিযান চলায় যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই লোকজনৰ ।

ইফালে স্বামীক বিচাৰি পত্নীয়ে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত বিচাৰ-খোচাৰ অব্যাহত ৰাখিছে যদিও স্বামীৰ কোনো সন্ধান পাবলৈ সক্ষম নোহোৱাত মানসিকভাৱে ভাগৰি পৰিছে পত্নীগৰাকী । যদি কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দিষ্ট কৃষ্ণ চুতীয়াক দেখা পায় তেন্তে ওচৰৰ আৰক্ষী থানা অথবা 69002 65879 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ পত্নীয়ে ।

লগতে পঢ়ক: কৰ্মস্থলীলৈ গৈ থকাৰ পথতে এছ এছ বি জোৱান সন্ধানহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.