ETV Bharat / state

তামোলৰ ঢকুৱাৰে কোনেও নেদেখাকৈ মালিকে ঢাকি থ’লে এখন অ’ডি, কাৰণ জানিলে আপুনিও আচৰিত হ’ব

আপোনাৰ গাড়ীখন আপুনি কিহেৰে ঢাকে ? নিশ্চয় কোমল কাপোৰ বা বিশেষ কভাৰেৰে ৷ এজন মানুহে এখন মূল্যবান অ’ডি ঢাকি ৰাখিলে তামোলৰ ঢকুৱাৰে, তাকো আমাৰ অসমত...

AUDI CAR IN JORHAT
তামোলৰ ঢকুৱাৰে কোনেও নেদেখাকৈ মালিকে ঢাকি থ’লে এখন অ’ডি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

যোৰহাট: অ’ডি...এই বিলাসী বাহনখনৰ নামটো আপুনি নিশ্চয় শুনিছে ৷ অসমত এতিয়াও বহুতৰ বাবে অ’ডি এক বিলাসী সপোন ৷ কিন্তু তেনে এখন বিলাসী বাহন কোনোবাই তামোলৰ ঢকুৱাৰে ঢাকি থোৱা বুলি ক’লে আপোনাৰ বিশ্বাস হ’বনে ? তাকো অসমত...

আপুনি বিশ্বাস কৰকেই বা নকৰক অসমৰে এজন লোকে বিলাসী অ’ডি কিনি ঢাকি থ’লে তামোলৰ ঢকুৱা আৰু ট্ৰিপালেৰে ৷ মানুহজনে এনে কৰাৰ কাৰণ জানিলে আপুনি আচৰিত হ’ব ৷ গাড়ীখন আনে নেদেখিবলৈকে তেওঁ সেইদৰে লুকুৱাই ৰাখিছিল ৷

তামোলৰ ঢকুৱাৰে কোনেও নেদেখাকৈ মালিকে ঢাকি থ’লে এখন অ’ডি (ETV Bharat)

এতিয়া হয়তো আপুনি আকৌ ভাবিছে ৷ ইমান টকা খৰচ কৰি অ’ডিৰ নিচিনা এখন গাড়ী কিনাৰ পিছত কোনে বাৰু মানুহক নেদেখুওৱাকৈ থাকিব ৷ ঘৰত অ’ডি এখন থাকিলে বুকুখন 56 ইঞ্চি নহ’লেও 4 ইঞ্চিমানটো ফুলিবই দিয়কচোন ! কিন্তু এই মানুহজনৰ আকৌ অ’ডি কিনি বুকু ঢিপিং-ঢাপাংহে হৈ থাকে মাজে মাজে ৷ কিজানি কোনোবাই অ’ডিখন দেখে !

কিয় লুকুৱাই ৰাখিব খোজে অ’ডিখন ?

যিখন অ’ডিৰ কথা আমি কৈ আছো, সেই অ’ডিখনৰ মালিক হ’ল প্ৰফুল্ল বৰা ৷ ঘৰ যোৰহাটৰ তিতাবৰত ৷ বিলাসী গাড়ীত উঠি ফুৰাৰ আশাতেই তেওঁ কিনিছিল অ’ডিখন ৷ কিন্তু মানুহক দেখুৱাবলৈ ভয় কৰি লুকুৱাই ৰাখি তামোলৰ ঢকুৱা আৰু ট্ৰিপালেৰে ৷ তাকো নিজৰ ঘৰত নহয়, জ্যেষ্ঠ ভাতৃৰ ঘৰত লুকুৱাই ৰাখিছিল অ’ডিখন ৷ কাৰণ অ’ডিখন কিনাৰ আঁৰত আছে এক ভয়ংকৰ জাল ৷

বেছিকৈ মুখমেলি ফাটিল কোৱাৰি

প্ৰফুল্ল বৰাই অ’ডিখন কিনিছিল বিনিয়োগৰ টকাৰে ৷ কিন্তু সেই টকা নিজৰ নাছিল ৷ ৰাজ্যৰ একাংশ নিবনুৱা যুৱকক লাখপতি হোৱাৰ সপোন দেখুৱাই প্ৰফুল্ল বৰাই তেওঁলোকক ধন বিনিয়োগ কৰোৱাইছিল TRADING FX নামৰ এক প্ৰতিষ্ঠানত ৷ তেওঁলোকে ভাবিছিল বিনিয়োগৰ বাবদ লাখ কৰা ধনেৰে লাখপতি হ’ব ৷ পিচে তেওঁলোক নহয়, লাখপতি হ’ল প্ৰফুল্ল বৰাহে ৷ গাড়ীয়ে-বাৰীয়ে সকলো কৰিলে বিনিয়োগৰ নামত সংগ্ৰহ কৰা ধনেৰে ৷ তিতাবৰৰ বিভিন্ন ঠাইত ল’লে মাটি, চলা-ফুৰা কৰিবলৈ কিনিলে অ’ডি ৷ পিচে অ’ডি চলাবলৈ নাপালে ৷

পলাতক অ’ডিৰ মালিক

যেতিয়াই ৰাজ্যত অনলাইন ট্ৰেডিং কেলেংকাৰীৰ বিৰুদ্ধে অভিযান চলিবলৈ ধৰিলে, বিভিন্ন জনৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিল ৷ লগে লগেই কেঁকোৰাৰ দৰে গাঁতত সোমাল প্ৰফুল্ল বৰা ৷ জুই জ্বলিলেতো ধোঁৱা ওলাবই...প্ৰফুল্ল বৰাৰ ওপৰতো সন্দেহ উপজিল তেওঁৰ ওচৰত বিনিয়োগ কৰা সকলৰ ৷ TRADING FX ৰ এজন বিনিয়োগকাৰীয়ে তিতাবৰৰ কাৰলীবাৰীস্থিত বৰাৰ ঘৰত যেতিয়া উপস্থিত হ’ল, তেতিয়াই উৰহী গছৰ ওঁৰ ওলাল ৷ বৰাক বিচাৰি নাপালেও অ’ডিখন বিচাৰি পালে তেওঁ ৷

অ’ডি, মাটি-সম্পত্তি সকলো জব্দ কৰক

আনৰ ধনেৰে আলাসৰ জীৱন কটোৱাৰ অভিপ্ৰায়েৰে প্ৰফুল্ল বৰাই কিনা অ’ডিখন বিনিয়োগকাৰীয়ে ধৰা পেলালে ৷ লগতে তেওঁ যোৰহাটৰ ক’ত ক’ত মাটি কিনিছে সেই তথ্যও খান্দিবলৈ আৰম্ভ কৰিছে বিনিয়োগকাৰীসকলে ৷ প্ৰফুল্ল বৰাৰ অ’ডিখনৰ লগতে আন সম্পত্তিসমূহ জব্দ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে ভুক্তভোগী বিনিয়োগকাৰীয়ে ৷

চৰকাৰী বিভাগৰ কৰ্মচাৰী হৈও টকাৰ খঁক

জানিব পৰা মতে প্ৰফুল্ল বৰা হৈছে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ৷ দুদিনতে ধনী হোৱাৰ সপোন দেখুৱাই প্ৰফুল্ল বৰাই জালত পেলাইছিল ৰাজ্যৰ শ শ যুৱকক । TRADING FX ত কেইবাজনো প্ৰৱঞ্চকৰ নাম সাঙোৰ খাইছে যদিও মূল ব্যক্তি আছিল প্ৰফুল্ল বৰা । যাৰ বাবে মূল নায়ক প্ৰফুল্ল বৰাৰ লগতে বাকী কেইজনৰ বিৰুদ্ধে বিনিয়োগকাৰীয়ে তিতাবৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে ট্ৰেডিং কেলেংকাৰীত জড়িত মূল নায়কৰ লগতে বাকী কেইজনক বিচাৰি উলিয়াব পৰা নাই ।

লগতে পঢ়ক: অনলাইন ট্ৰেডিং গোচৰ: ধন বিনিয়োগকাৰীক তলব চি বি আইৰ

অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰৰ তদন্ত আৰম্ভ চি বি আইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.